ভাৰতীয় কেন্দ্ৰীয় বেংকৰ এপ্ৰেণ্টিছ নিযুক্তি – ৪৫০০ পদ, অনলাইন আবেদন চলি আছে। মাহিলী দৰমহা ১৫০০০ টকা।

ভাৰতীয় কেন্দ্ৰীয় বেংকে এপ্ৰেণ্টিছ এক্ট, ১৯৬১ৰ অধীনত আৰু বেংকৰ এপ্ৰেণ্টিছশ্বিপ নীতি অনুসৰি ৪৫০০ এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব।



পোষ্টৰ সংখ্যা: ৪৫০০ টা পোষ্ট
শ্ৰেণী অনুসৰি খালী পদ:
# অনুসূচিত জাতি : ৬৮৮
# এছ টি : ৩৮২
# অবিচি : ১০৩৬
# ই ডব্লিউ এছ : ৪৫০
# ইউ আৰ : ১৯৪৪ 

প্ৰশিক্ষণৰ সময়সীমা : ১২ মাহ ।

পঞ্জীয়নঃ কেৱল NATS পৰ্টেলত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে হে আবেদন কৰিব পাৰিব।
 
ষ্টাইপেণ্ড/বেনিফিট: এবছৰৰ এংগেজমেণ্ট পিৰিয়ডৰ বাবে এপ্ৰেণ্টিছসকলে প্ৰতিমাহে ১৫,০০০/- টকাৰ ষ্টাইপেণ্ড লাভ কৰিব পাৰিব। এপ্ৰেণ্টিছসকল আন কোনো ভাট্টা/লাভৰ বাবে যোগ্য নহয়।

মূল্যায়ন আৰু প্ৰমাণীকৰণ: এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত এপ্ৰেণ্টিছসকলে মূল্যায়ন পৰীক্ষাৰ মাজেৰে পাৰ হ’বলগীয়া হ’ব পাৰে। প্ৰচলিত নিৰ্দেশনা অনুসৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

বয়সৰ সীমা: ৩১.০৫.২০২৫ তাৰিখৰ লৈকে ২০ বছৰৰ তলৰ নহয় আৰু ২৮ বছৰৰ ওপৰত নহয় অৰ্থাৎ প্ৰাৰ্থীৰ জন্ম ৩১.০৫.১৯৯৭ৰ আগতে নহয় আৰু ৩১.০৫.২০০৫ৰ পিছত নহয় (দুয়োটা দিনকে ধৰি)।

বয়সৰ শিথিলতা: শ্ৰেণী অনুসৰি বয়সৰ শিথিলতা তলত উল্লেখ কৰা ধৰণে।

# অনুসূচিত জাতি/অনুসূচিত জনজাতি: ৫ বছৰ
# অন্যান্য পিছপৰা শ্ৰেণী: ৩ বছৰ
# PwBD (UR/EWS):১০ বছৰ
# PwBD (OBC): ১৩ বছৰ
# PwBD (SC/ST): ১৫ বছৰ

শিক্ষাগত অৰ্হতা: চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত ডিগ্ৰী (স্নাতক) লাভ কৰা। ভাৰতৰ বা কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিয়া যিকোনো সমতুল্য অৰ্হতা।

আবেদনৰ মাচুল : 
শ্ৰেণী মাচুল
পি ডব্লিউ বি ডি - ৪০০ + জি এছ টি
অনুসূচিত জাতি/ অনুসূচিত জাতি/ মহিলা/ ই ডব্লিউ এছ - ৬০০ + জি এছ টি
অন্যান্য শ্ৰেনী - ৮০০ + জি এছ টি

ভাৰতীয় কেন্দ্ৰীয় বেংকৰ নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব ?

ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অফিচিয়েল এপ্ৰেণ্টিছশ্বিপ পৰ্টেলত গৈ এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিবলৈ তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে।
# তললৈ স্ক্ৰল কৰক, গুৰুত্বপূৰ্ণ ৱেব-লিংক অংশলৈ যাওক।
# "Online Application Form" ত ক্লিক কৰক আৰু "New Registration" ক্লিক কৰি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
# পৰৱৰ্তী পৰ্যায়ত "Online Application Form" Link ত ক্লিক কৰি Login কৰক।
# আপোনাৰ সকলো ব্যক্তিগত আৰু শৈক্ষিক তথ্য পূৰণ কৰি প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰক।
# শেষত আবেদন মাচুল দি ফৰ্ম জমা দিব।


ভাৰতীয় কেন্দ্ৰীয় বেংকৰ ২০২৫ চনৰ খালী পদৰ গুৰুত্বপূৰ্ণ তাৰিখ -
 
# আৱেদন দাখিলৰ আৰম্ভণিৰ তাৰিখঃ ৭ জুন ২০২৫
# আৱেদন দাখিলৰ অন্তিম তাৰিখ: ২৩ জুন ২০২৫
# অনলাইন পৰীক্ষাৰ তাৰিখ (আংশিক): ২০২৫ চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহ।

অনলাইন আবেদন কৰিবলে তলত দিয়া লিংকত ক্লিক কৰক - 

1- https://www.centralbankofindia.co.in/en
2- https://nats.education.gov.in/student_type.php



Post a Comment

0 Comments