ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ ক্ৰাইম চিনৰ নতুন ৰহস্য শ্বিলঙলৈ নিয়া হ’ল স্বামী হত্যাকাৰী সোনম ৰঘুবংশীক।

 শ্বিলঙলৈ নিয়া হ’ল স্বামী হত্যাকাৰী সোনম ৰঘুবংশীক।

বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে মেঘালয়ৰ শ্বিলঙলৈ নিয়া হ’ল স্বামী হত্যাকাৰী সোনম ৰঘুবংশীক। মঙলবাৰে সন্ধিয়া ইন্দোৰৰ পৰা মেঘালয় আৰক্ষীয়ে বিমানযোগে গুৱাহাটীলৈ আনিছিল সোনম ৰঘুবংশীক।


গুৱহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে মেঘালয়ৰ শ্বিলঙলৈ নিয়া হ’ল স্বামী হত্যাকাৰী সোনম ৰঘুবংশীক। মঙলবাৰে সন্ধিয়া ইন্দোৰৰ পৰা মেঘালয় আৰক্ষীয়ে বিমানযোগে গুৱাহাটীলৈ আনিছিল সোনম ৰঘুবংশীক।

ইয়াৰ পাছতে নিশা প্ৰায় ১০-৩০ বজাত বৰঝাৰ বিমান বন্দৰৰ পৰা আৰক্ষীয়ে পোনে পোনে শ্বিলঙলৈ নিয়ে স্বামীহন্তা সোনমক। উল্লেখযোগ্য যে, ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত সোনম ৰঘুবংশী। মেঘালয়ৰ নৈসৰ্গিক পৰিৱেশত হনীমূন উদযাপন কৰিবলৈ আহোতে নৱবিবাহিত স্বামীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে পত্নী সোনমৰ বিৰুদ্ধে।


ইফালে আজিয়েই সোনমৰ লগতে আন ৩ জন অভিযুক্তকো নিয়া হৈছে শ্বিলঙলৈ। জানিব পৰা মতে শ্বিলঙত আটাইকেইগৰাকী অভিযুক্তৰ উপৰি সোনমৰ কৰা হ’ব স্বাস্থ্য পৰীক্ষা। তাৰ পাছতে কৰা হ’ব ক্ৰাইম চিন ৰিক্ৰিয়েট। ইতিমধ্যে সমগ্ৰ দেশজুৰি ঘটনাৰ লগত জৰিতক উচিত শাস্তি প্ৰদানৰ কাৰানে প্ৰ্তিবাদ হোৱা দেখা গৈছে ।




Post a Comment

0 Comments