উদ্ধাৰ হ’ল অভিশপ্ত এৰ'প্লেন খনৰ ব্লেক বক্স : ব্লেক বক্সে কেনেদৰে সহায় কৰে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জনাৰ ক্ষেত্ৰত - BLACK BOX OF FLIGHT AI 171

 অভিশপ্ত ড্ৰীমলাইনাৰৰ ঘটনাত বিশ্ববাসী আজি মৰ্মাহত ৷ বিমান কৰ্তৃপক্ষই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুয়োটা ব্লেক বক্স যি ব্লেক বক্সে ঘটনাৰ কাৰণ উদ্ধাৰত সহায় কৰিব ৷


আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাৰ ঘটনাত বৰ্তমান সকলো মৰ্মাহত ৷ দুই শতাধিকৰো অধিক লোকৰ মৃত্যু হোৱা আহমেদাবাদৰ মৰ্মান্তিক বিমান দুৰ্ঘটনাৰ কেইঘণ্টামানৰ পাছত কৰ্তৃপক্ষই লাভ কৰিছে দুয়োটা ব্লেক বক্স; যিয়ে দুৰ্ঘটনাৰ কাৰণ কি সেই কথা জনাত সহায় কৰিব ।

ব্লেক বক্স দুটাৰ ভিতৰত বিমানখনৰ পিছফালৰ বাকচটোৰ স্থান নিৰ্ণয় কৰি নিৰাপদে পহৰা দিয়া হৈছে । ৰেকৰ্ডিংসমূহ বিশ্লেষণ কৰিবলৈ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে সংগ্ৰহ কৰিব সঁজুলিসমূহ ।

কি এই ব্লেক বক্স ?

এই ব্লেক বক্সটোক আনুষ্ঠানিকভাৱে ফ্লাইট ৰেকৰ্ডাৰ বুলি কোৱা হয় । ই এক অতি শক্তিশালী যন্ত্ৰ যিয়ে বিমানখনৰ উৰণৰ সময়ত ঘটা বহু গুৰুত্বপূৰ্ণ তথ্য লিপিবদ্ধ কৰে । এই বাকচটোৰ নাম যদিওবা ব্লেক বক্স, কিন্তু বাস্তৱত ইয়াৰ ৰং ক’লা নহয় বৰঞ্চ উজ্জ্বল কমলা ৰঙৰ হয় । এই উজ্জ্বল কমলা আয়তাকাৰ বাকচটো বিস্ফোৰণ, জুই, পানীৰ চাপ আৰু তীব্ৰবেগী যিকোনো দুৰ্ঘটনা সহ্য কৰিব পৰাকৈ তৈয়াৰ কৰা হয়।

এই ব্লেক বক্সটোৰ দুটা অংশ আছে । ইয়াৰ প্ৰথম অংশক ফ্লাইট ডাটা ৰেকৰ্ডাৰ (FDR) আৰু দ্বিতীয় অংশক ককপিট ভইচ ৰেকৰ্ডাৰ (CVR) বুলি কোৱা হয় । বিমান দুৰ্ঘটনাৰ তদন্ত চলোৱা বিশেষজ্ঞসকলক ব্লেক বক্সটোত উপস্থিত এই দুটা অংশৰ জৰিয়তে বিমান দুৰ্ঘটনাৰ কাৰণ বিচাৰি উলিওৱাত সহায় কৰে।




ফ্লাইট ডাটা ৰেকৰ্ডাৰ (FDR)

* FDR এ উৰণৰ সময়ত বিমানখনৰ কাৰ্য আৰু অৱস্থা ৰেকৰ্ড কৰে।

* ইয়াত বতাহৰ গতি, উচ্চতা, দিশ, উলম্ব ত্বৰণ আৰু বিমানখনৰ অৱস্থানৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ পৰিমাপ লিপিবদ্ধ কৰা হয়, যিয়ে যিকোনো দুৰ্ঘটনাৰ পিছত তদন্ত চলোৱাত সহায় কৰে।

* নতুন বিমানসমূহে কমেও 88 টা পেৰামিটাৰ ৰেকৰ্ড কৰিব লাগে আৰু কিছুমান ফ্লাইট ডাটা ৰেকৰ্ডাৰে (FDR) ফ্লেপৰ অৱস্থান, অটোপাইলট ছেটিংছ বা ধোঁৱা ডিটেক্টৰৰ দৰে বস্তুকে ধৰি 1000 ৰো অধিক পেৰামিটাৰ অনুসৰণ কৰে।

* FDR ৰ বিশেষ কথাটো হ’ল ই পানীৰ তলতো 6000 মিটাৰতকৈ অধিক গভীৰতাত সংকেত প্ৰেৰণ কৰিব পাৰে।

* এফ ডি আৰৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি তদন্তকাৰী সংস্থা আৰু মানুহে কম্পিউটাৰৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ তৈয়াৰ কৰি বিমান দুৰ্ঘটনাৰ সময়ত অৰ্থাৎ শেষ মুহূৰ্তত কি হ’ব পাৰে সেই কথা জানিবলৈ চেষ্টা কৰে । এই তথ্যৰ সহায়ত নিৰ্মিত ভিডিঅ’টো উৰণৰ শেষ মুহূৰ্তত দেখা পোৱা যায় । ইয়াৰ দ্বাৰা বিমানখনৰ অৱস্থা, যন্ত্ৰৰ বিষয়ে জনা আৰু অন্যান্য বিৱৰণৰ বিষয়ে তথ্য পোৱা যায়।

ককপিট ভইচ ৰেকৰ্ডাৰ (CVR)

* ব্লেক বক্সৰ দ্বিতীয় অংশক ককপিট ভইচ ৰেকৰ্ডাৰ বা CVR বোলা হয়। ইয়াৰ কাম হ’ল ককপিটত বহি থকা পাইলটৰ কথা-বতৰা আৰু অন্যান্য শব্দ যেনে ইঞ্জিনৰ শব্দ, ষ্টল এলাৰ্ট, লেণ্ডিং গিয়াৰৰ কাৰ্যকলাপ আৰু আন বহু শব্দ ৰেকৰ্ড কৰা।

* এই শব্দবোৰৰ পৰাই ঘটনাৰ সময়ত ঘটা বহু কথা, ইঞ্জিনৰ গতিবেগ, বিমানখনৰ চিষ্টেমত থকা দোষ আদি ধৰা পেলাব পাৰি ।
ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ সাধাৰণতে বিমানৰ তলৰ অংশত ৰখা হয় । এই কাৰণেই দুৰ্ঘটনাত ইয়াৰ প্ৰভাৱ কম।

* ককপিটৰ ভইচ ৰেকৰ্ডাৰটো অতি গোপন কৰি ৰখা হয়। আমেৰিকাৰ আইন অনুসৰি CVR ৰ অডিঅ’ ৰেকৰ্ডিং ৰাজহুৱা কৰা নহয় আৰু ইয়াৰ লিখিত প্ৰতিলিপিও কেৱল তদন্ত বা ৰাজহুৱা শুনানিৰ সময়তহে প্ৰকাশ কৰা হয়।

ব্লেক বক্স কিয় প্ৰয়োজনীয় ?

যিকোনো বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ব্লেক বক্স অতি গুৰুত্বপূৰ্ণ । ই দুৰ্ঘটনাৰ কাৰণ জানিবলৈ সহায় কৰে কাৰণ ই বিমানৰ প্ৰতিটো মুহূৰ্তৰ তথ্য দিয়ে । ব্লেক বক্সে তদন্তকাৰী বিষয়াসকলক দুৰ্ঘটনাৰ আগৰ ঘটনাসমূহ বুজিবলৈ সহায় কৰে।

উদাহৰণস্বৰূপে, দুৰ্ঘটনাৰ সময়ত কোনো কাৰিকৰী সমস্যা আছিল নেকি, ইঞ্জিনত কোনো সমস্যা আছিল নেকি, চৰাইয়ে খুন্দা মৰা, বতাহ আদিৰ লগতে দুৰ্ঘটনাটো মানুহৰ ভুলৰ বাবে নে যান্ত্ৰিক কাৰণত আদি সকলো দিশ বিচাৰি উলিওৱাত ব্লেক বক্সে বৃহৎ ভূমিকা পালন কৰে।

দুৰ্ঘটনাৰ পিছত কি হয় ?

যিকোনো বিমান দুৰ্ঘটনাৰ পিছত বিমানখনৰ ভগ্নাৱশেষৰ মাজত ব্লেক বক্স টো পোৱা যায় । ইয়াৰ পিছত ইয়াক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ) বা বিমান দুৰ্ঘটনা তদন্ত ব্যুৰো (এএআইবি)ৰ ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হয়, য’ৰ পৰা ইয়াৰ পুংখানুপুংখ তদন্ত চলোৱা হয়।

ইয়াৰ পিছত ফৰেনছিক লেবৰ বিশেষজ্ঞসকলে ব্লেক বক্সৰ মেম’ৰী মডিউলৰ পৰা তথ্য আহৰণ কৰে । ইয়াৰ পিছত তেওঁলোকে তাত ৰেকৰ্ড কৰা শব্দ আৰু উৰণৰ তথ্য যোগ কৰে । ইয়াৰ পিছত এই তথ্যসমূহ ৰাডাৰ আৰু এটিচিৰ তথ্যত ৰেকৰ্ড কৰা তথ্যৰ সৈতে ছিংক কৰি মিলাই দিয়া হয় ।

এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে কেইদিনমানৰ পৰা কেইবা সপ্তাহ পৰ্যন্ত সময়ৰ প্ৰয়োজন । যদি দুৰ্ঘটনাৰ সময়ত ক’লা ব্লেক বক্স টোৰ বিশেষ ক্ষতি হোৱা নাই, তেন্তে তদন্ত সোনকালে সম্পূৰ্ণ হয় আৰু যদি ক’লা বাকচটোৰ অধিক ক্ষতি হয়, তেন্তে তদন্ত কৰিবলৈ আৰু অধিক সময়ৰ প্ৰয়োজন হয়।

12 জুনৰ এয়াৰ ইণ্ডিয়াৰ ভয়াবহ বিমান দুৰ্ঘটনা।

12 জুনৰ দিনা দিনৰ প্ৰায় 1.38 বজাত আহমেদাবাদত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় । এয়াৰ ইণ্ডিয়াৰ বিমান AI171 (যিখন আছিল BOEING 787 DREAMLINER) চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া 1:30 বজাত উৰণ আৰম্ভ কৰাৰ 8 মিনিটৰ পাচতে অৰ্থাৎ 1:38 বজাত বিমানবন্দৰৰ সমীপৰ মেঘানীগৰৰ আৱাসিক এলেকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখনত আছিল মুঠ 242 জন লোক । এই বিমানখন মেঘনীগৰৰ এখন মেডিকেল হোষ্টেলৰ ওপৰত পৰাৰ ফলত বহু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়েও অকাল মৃত্যুক সাৱটিবলগীয়া হয় ।

এই বিমান দুৰ্ঘটনা ভাৰত আৰু বিশ্বি ইতিহাসৰ অন্যতম ভয়ানক বিমান দুৰ্ঘটনা বুলি বিবেচিত হৈছে । ভূপতিত হোৱা বিমানখনে চাৰিখন দেশৰ যাত্ৰী কঢ়িয়াই যাত্ৰা আৰম্ভ কৰিছিল ৷

Post a Comment

0 Comments