কোন কোন আছিল আহমেদাবাদৰ অভিশপ্ত বিমান খনত DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ'ব বিমান দুৰ্ঘটনাত পতিত লোকৰ পৰিচয় - AIR INDIA PLANE CRASH
গুজৰাটৰ আহমেদাবাদ চহৰত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিচয় জানিবলৈ ডি এন এ ( DNA ) পৰীক্ষা কৰা হ’ব । গুজৰাট স্বাস্থ্য বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই মৃতকৰ সংখ্যা উল্লেখ কৰিবলৈ অস্বীকাৰ কৰাৰ সময়তে এই কথা জানিবলৈ দিয়ে ।
এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন উৰণৰ ৫ মিনিটৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হৈ অঞ্চলটোত অৱস্থিত বি জে মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰে । কোৱা হৈছে যে হোষ্টেলৰ ওপৰত কেণ্টিন আছে, য’ত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ আহে । এই দুৰ্ঘটনাত হোষ্টেলৰ ৫০ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
গুজৰাটৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ধনঞ্জয় দ্বিবেদীয়ে জনোৱা মতে, আহমেদাবাদ অসামৰিক চিকিৎসালয়ৰ হোষ্টেল, ষ্টাফ কোৱাৰ্টাৰ আৰু আৱাসিক এলেকাত বিমানখন খন দুৰ্ঘটনাগ্ৰস্ত হল । ফলত তাত বস-বাস কৰা লোকসকলো নিহত আৰু আহত হৈছে ।
তেওঁ কয় যে বিমান দুৰ্ঘটনাৰ পিছত প্ৰায় ৫০ জন আহত লোকক উন্নত চিকিৎসাৰ বাবে আহমেদাবাদৰ অসামৰিক চিকিৎসালয়লৈ অনা হৈছে । তেওঁলোকৰ বহুতৰে অৱস্থা এতিয়াও জটিল।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত আহত এম বি বি এছৰ ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত এফ এ আই এম এ ডাক্তৰ এছ’চিয়েশ্যনৰ মুখ্য পৃষ্ঠপোষক ডাঃ ৰোহন কৃষ্ণনে কয় যে বি জে মেডিকেল কলেজৰ চৌহদত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । তেওঁ কয় যে এম বি বি এছৰ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল আৰু ছুপাৰ স্পেচিয়েলিটি চিকিৎসকৰ আৱাসিক ব্লক বহু বেছি ক্ষতিগ্ৰস্ত হৈছে । ৫০ জন লোক আহত হোৱাৰ তথ্য আমি লাভ কৰিছো । পাঁচজন লোকক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই... তাত বৰ্তমান তেজৰ প্ৰয়োজন ।
সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি :
যদিহে অসামৰিক চিকিৎসালয়লৈ অনা যাত্ৰী আৰু অন্যান্য আহতসকলৰ আত্মীয়ৰ কিবা প্ৰশ্ন আছে, তেন্তে অসামৰিক চিকিৎসালয় আহমেদাবাদৰ দ্বাৰা জাৰি কৰা দুটা হেল্পলাইন নম্বৰ ৬৩৫৭৩৭৩৮৩১ আৰু ৬৩৫৭৩৭৩৮৪১ নম্বৰত যোগাযোগ কৰি সহায় ল’ব পাৰিব।
আহমেদাবাদত বৰ্তমান বিমান চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিকলৈ যোৱা বিমানখনত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ, এজন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক আছিল ।
দুৰ্ঘটনাত নিহত বা আহত হোৱা লোকৰ কোনো আনুষ্ঠানিক তথ্য এতিয়াও লাভ কৰা হোৱা নাই । মৃত লোক সকলৰ ভিতৰত মেঘনানী নগৰৰ একাংশ লোকো থাকিব পাৰে বুলি আশংকা কৰা হৈছে । এজন বিষয়াই জনোৱা মতে, আহত বহু লোকক মহানগৰীৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।
বৃহস্পতিবাৰে সংঘটিত হোৱা ট্ৰেজিক বিমান দুৰ্ঘটনা টো গুজৰাট চহৰৰ দ্বিতীয়টো বিমান দুৰ্ঘটনা । ১৯৮৮ চনৰ ১৯ অক্টোবৰত আহমেদাবাদ বিমানবন্দৰত ইণ্ডিয়ান এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৩০ জন লোকৰ মৃত্যু হৈছিল।
0 Comments