বিহালীৰ বৰগাঁও চাহ বাগিছাৰ এটা আসূৰিক কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিহালীৰ সমাজ জীৱন ! নিজ মাতৃৰ হাতত প্ৰাণ গ'ল এটি সন্তানৰ।

বিহালীৰ বৰগাঁও চাহ বাগিছাৰ এটা আসূৰিক কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিহালীৰ সমাজ জীৱন ! নিজ মাতৃৰ হাতত প্ৰাণ গ'ল এটি সন্তানৰ।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক :  জীৱ শ্ৰেষ্ঠ মানুহৰ এক অতিজঘন্য আসূৰিক কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিহালীৰ সমাজ জীৱন। বিহালীৰ বৰগাঁও চাহ বাগিছাৰ এটা আসূৰিক কাণ্ডই ভাৱিবলে বাধ্য কৰিছে যে মানুহ কিমান হৃদয়হীন, পাষাণ হৃদয়ৰ হ"লে নিজ জন্মদাত্ৰী মাতৃ এগৰাকীয়ে সদ্যজাত দেৱশিশুক কোলাত লৈ হত্যা কৰাৰ বাবে উদ্যত হ'ব পাৰে সেই প্ৰশ্ন আধুনিক সভ্য সমাজৰ বাবে এক বৃহৎ জটিল প্ৰশ্ন ?

শেহতীয়াভাৱে তেনে এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে বিহালীত বৰগাঁও চাহ বাগিছাত প্ৰাপ্ত তথ্য অনুসৰি,বিহালীৰ বৰগাঁও চাহ বাগিছাৰ ৯ নম্বৰ লাইনত সংঘটিত হৈছে এক সদ্যজাত দেৱশিশুৰ নিৰ্মম হত্যাকাণ্ড জানিব পৰামতে বৰগাঁও চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ নিবাসী ৰূপালী গোৱালা (২১) এগৰাকী যুৱতীয়ে ২১ জুলাইৰ দিনৰ ভাগত এক পুত্ৰ সন্তান প্ৰসৱ কৰিছিল।

প্ৰসূতি যুৱতী ৰূপালী গোৱলাৰ পুত্ৰ সন্তান প্ৰসৱ কৰাৰ কেই ঘন্টামানৰ ভিতৰতেই দেৱশিশুটিক নিজ হাতেৰে মৰিয়াই মৰিয়াই আসূৰিক মানসিকতাৰে দেৱশিশুটোক হত্যা কৰে, ঘটনাৰ বিৱৰণীমতে ৰূপালী গোৱালাই সদ্যজাত নিজ সন্তানটোক হত্যা কৰি ভাতৃ কিৰণ গোৱলা (২৫) ৰ সহায়ত মৃত দেৱশিশুটোক এখন গামোছাৰে মেৰিয়াই নিজ বাসগৃহৰ পিছফালে অৱস্থিত বৰগাওঁ চাহ বাগিছাৰ ভিতৰত গাঁত খান্দি পুঁতি থৈছিল।

এনে এক জঘন্য ঘটনা পোহৰলৈ অহাৰ পিছত বিহালীৰ বৰগাঙ আৰক্ষীয়ে আৰু দণ্ডাধীশৰ উপস্থিতিত তদন্ত চলাই  দেৱশিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে। দেৱশিশুটোৰ মৃত দেহ উদ্ধাৰ কৰাৰ পিছত ৰূপালী গোৱালা আৰু ভাতৃ কিৰণ গোৱালাক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। আনহাতে  দেৱশিশুটো বিহালীৰ বৰভীল চাহ বাগিছাৰ নিবাসী প্ৰেমিক দূৰ্গেশ্বৰ উড়িয়াৰ বুলি তথ্য পোহৰলৈ আহিছে।


লগতে পঢ়ক - 

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ। আ৺ৰত আছে বহু ৰহস্য ! Vice President Jagdeep Dhankhar resigns

ঐতিহাসিক ৰংঘৰৰ ঐতিহ্যত চূড়ান্ত অপমান ! বিদেশী সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ হ'ল ৰংঘৰৰ ফটো।

কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চলাব উচ্ছেদ - ATAL BIHARI VAJPAYEE BHAWAN

Post a Comment

0 Comments