ভোট চুৰৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথ কঁপাব ৩০০ বিৰোধী সাংসদে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ প্ৰসংগক লৈ একগোট হৈছে বিৰোধী। এই বিষয়টোক লৈ সোমবাৰে একলগ হৈ ৩০০ বিৰোধী সাংসদে দিল্লীৰ ৰাজপথ কঁপাব।
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা ভোট চুৰিৰ প্ৰসংগক লৈ একগোট হৈছে বিৰোধী। এই বিষয়টোক লৈ সোমবাৰে একলগ হৈ ৩০০ বিৰোধী সাংসদে দিল্লীৰ ৰাজপথ কঁপাব। বিৰোধীৰ প্ৰায় ৩০০ সাংসদ একলগ হৈ সংসদ ভৱনৰ পৰা নিৰ্বাচনৰ আয়োগৰ মুখ্য কাৰ্যালয়ৰ লৈকে পদযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। অৱশ্যে খবৰ অনুসৰি দিল্লী আৰক্ষীয়ে এতিয়ালৈকে কংগ্ৰেছক এই পদযাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা নাই।
বিৰোধীৰ এই প্ৰতিবাদী পদযাত্ৰাত বিৰোধী দলসমূহৰ সকলো সভাপতিয়ে অংশ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে কংগ্ৰেছে। পি টি আইৰ খবৰ অনুসৰি, বিৰোধী সকলো সাংসদক লৈ কংগ্ৰেছে দিল্লীৰ চাণক্যপুৰীস্থিত হোটেল তাজ পেলেচত আয়োজন কৰিছে নৈশ ভোজৰ লগতে বৈঠক। উল্লেখ যে, ইয়াৰ পূৰ্বে ৰাহুল গান্ধীৰ আৱাসত একলগ হৈ বিৰোধীৰ সকলো নেতা এক আলোচনাত মিলিত হয়।
কৰ্ণাটকৰ ভোটাৰ তালিকাৰ সৈতে জড়িত ভোৱা তথ্য ৰাহুল গান্ধীৰ প্ৰকাশৰ পিছত কেৱল বিহাৰতে নহয়, সমগ্ৰ দেশৰ জনসাধাৰণে নিৰ্বাচন আয়োগৰ প্ৰতি সন্দেহ প্ৰকাশ কৰিছে। জনসাধাৰণে উপলব্ধি কৰিছে যে সমগ্ৰ SIR ৰ কিবা এটা ভুল আছে । ইয়াৰ মূল্য আগন্তুক নিৰ্বাচনত বিজেপিয়ে দিব লাগিব।’’
ইফালে মহাৰাষ্ট্ৰ আৰু বিহাৰতো ভোট চুৰৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁটে বিৰোধী প্ৰদৰ্শন ক্ৰ কথা উল্লেখ কৰিছে।
লগতে পঢ়ক -
✔ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বন্দুক দিয়াতকৈ যদি অসমৰ মানুহৰ পথাৰত পানী দিলেহেঁতেন আৰু ক্ষুদ্ৰ চাহ বাগিচাবিলাকতো যদি পানী দিলে হয়, তেতিয়া অসমীয়া মানুহৰ বেছি উন্নতি হ’ল হয় ৷” - অখিল গগৈ
✔ ডিব্ৰুগড়ত ব্যৱসায়ী উত্তম গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ড, কি হৈছিল সেই অভিশপ্ত নিশা ? কোনে মাজ নিশা ফোন কৰি মাতি আনিছিল ঘাতকক ? উত্তম গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৪ জনৰ ভিতৰত আছে নিজ পত্নী আৰু কন্যা !
✔ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইণ্ডিয়া এলায়েঞ্চে, কোন হ'ৱ দেশৰ পৰবৰ্তী উপ-ৰাষ্ট্ৰপতি ? - VICE PRESIDENTIAL ELECTION
0 Comments