উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইণ্ডিয়া এলায়েঞ্চে, কোন হ'ৱ দেশৰ পৰবৰ্তী উপ-ৰাষ্ট্ৰপতি ? - VICE PRESIDENTIAL ELECTION
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক: ইণ্ডিয়া এলায়েঞ্চে আৰম্ভ কৰিছে ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰস্তুতি। এন ডি এৰ নিৰ্বাচনী প্ৰাৰ্থীৰ বিপৰীতে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ইংগিত দিছে বিৰোধী দলে।
যোৱা ২১ জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড়ৰ আকস্মিক পদত্যাগৰ পিছত এই খালী পদ পূৰাবলৈ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। মনোনয়ন দাখিলৰ অন্তিমটো দিন ২১ আগষ্ট আৰু মনোনয়ন প্ৰত্যাহাৰৰ শেষৰটো দিন ২৫ আগষ্ট। ভোটদান আৰু ভোটগণনা অনুষ্ঠিত হ’ব ৯ ছেপ্টেম্বৰত।
শাসকীয় এন ডি এ দল আৰু বিৰোধী দল ইণ্ডিয়া ব্লকে অৱশ্যে এতিয়াও ঘোষণা কৰা নাই নিজ নিজ প্ৰাৰ্থীৰ নাম। কিন্তু অতি শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে যোৱা ২১ জুলাইৰ পৰা সংসদৰ বৰ্ষকালীন অধিৱেশন আৰম্ভ হৈছে আৰু এই অধিৱেশনত কংগ্ৰেছ দলে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু বিতৰ্কিত বিহাৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ দাবীত চৰকাৰক প্ৰশ্নৰে থকা-সৰকা কৰি অহা ইণ্ডিয়া ব্লকৰ নেতাসকলে অতি শীঘ্ৰে উপ-ৰাষ্ট্ৰপতি পদৰ মনোনীত প্ৰাৰ্থীৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠকত মিলিত হ’ব।
কংগ্ৰেছৰ আভ্যন্তৰীণ সূত্ৰৰ মতে, ইণ্ডিয়া ব্লকৰ ওচৰত ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনতে পৰ্যাপ্ত সদস্য আছে। ৰাজ্যসভাত বি জে ডিৰ ৯ জন সদস্য, লোকসভাত জে ডি ইউৰ ১২ জন আৰু টি ডি পিৰ ১৬ জন সদস্যই গেৰুৱা দলটোক কিছু অসুবিধাত পেলাব পাৰে যদিহে বিৰোধীয়ে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰে ৷
বিজেডিৰ ৰাজ্যসভাৰ সদস্য সুভাষী খুন্তিয়াই কয়, ‘বিজেডি এটা স্বতন্ত্ৰ দল। আমি এন ডি এৰ সৈতেও নাই, ইণ্ডিয়া ব্লকৰ সৈতেও নাই। আমাৰ নেতৃত্বৰ নিৰ্দেশ অনুসৰি আমি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ লম। কিন্তু মই ক’ব পাৰো যে এই নিৰ্বাচনে বিজেপিক কঠিন সময়ৰ মুখামুখি কৰাব।’’
নিয়ম অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচিত আৰু মনোনীত সদস্য আৰু লোকসভাৰ নিৰ্বাচিত সদস্যসকলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে লোকসভাৰ ৫৪৩ জন সদস্য আৰু ৰাজ্যসভাৰ ২৪৫ জন সদস্যই। দুয়োখন সদনৰ মুঠ ৭৮২ জন সাংসদে ভোটদানত অংশগ্ৰহণ কৰিব। লোকসভাত এন ডি এ-ৰ ২৯৩ জন সদস্য থকাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ ২৩২ জন সদস্য আছে। আনহাতে ৰাজ্যসভাত এন ডি এ-ৰ ১৩৩ জন সদস্য থকাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ ১০৭ জন সদস্য আছে।
লগতে পঢ়ক -
0 Comments