লগন উকলি গ'ল তেও যে নহ'ল পোৱা।

লগন উকলি গ'ল তেও যে নহ'ল পোৱা। অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ পৱিত্ৰ মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।


প্ৰগতিশীল বিহালী সংবাদ : বিষ্ণু প্ৰসাদ ৰাভায়ে নিজৰ কালজয়ী গীতেৰে স্বাধীনতা সংগ্ৰামত সকলোকে সাহস দিছিল তেওঁ গীত, নৃত্য তথা অভিনয়েৰে সাংস্কৃতিক জগতখনক এক নতুন দিশ প্ৰদান কৰিছিল তেওঁ ৷ অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা সেই মহান ব্যক্তিগৰাকীৰ স্মৃতিৰাজিক সুঁৱৰি আজিৰ দিনটোতে ২০ জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰা হয় ৷

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২.২৫ বজাত তেজপুৰত এইগৰাকী মহান ব্যক্তিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল । অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিক কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত মুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মানেৰে সন্মানিত কৰিছিল ৷

অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰসেউজ পথাৰখনৰ অন্যতম পৰিচয় বিষ্ণু প্ৰসাদ ৰাভা ৷ তেখেত আছিল মানৱতাৰ পূজাৰী, মানুহৰ এগৰাকী আজন্ম শিল্পী ৷ তেওঁ আছিল সীমাহীন সৃজনীশীল কৰ্মৰ অফুৰন্ত ভাণ্ডাৰ ৷ বহুমুখী প্ৰতীভাৰ অধিকাৰী ৰাভা এগৰাকী আজন্ম সাধক, গীতিকাৰ, গায়ক, সুৰকাৰ, বাদক, নৃত্য কলা বিশাৰদ, নাট্যকাৰ, সুদক্ষ খেলুৱৈ, বুৰঞ্জীবিদ, গৱেষক, সু সাহিত্যিক, কবি আৰু ৰাজনীতিজ্ঞ তথা মহান দেশপ্ৰেমীক ৷ ৰাভাৰ এই বিশাল গুণৰাজি আৰু তেওঁৰ সৃষ্টিশীল মনোভাৱ মাথোঁ তিনিকুৰি বছৰীয়া জীৱনকালৰ কৰ্মৰ মাজেদি প্ৰতিফলিত হৈছে ৷


১৯০৯ চনৰ ৩০ জানুৱাৰী তাৰিখে ঢাকাৰ সামৰিক চাউনীৰ বাসভৱনত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ৷ তেখেত ৰায় বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথী বালা ৰাভাৰ অষ্টম সন্তান আছিল ৷ তেওঁৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আসাম ৰাইফলছ বাহিনীৰ চুবেদাৰ মেজৰ আছিল ৷

তেওঁ ৰচনা কৰা গীতসমূহক আজিৰ সমাজত বিষ্ণু সংগীত বা ৰাভা সংগীত নামেৰে জনা যায় ৷ গীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাদ্য যন্ত্ৰ চালনাতো ৰাভা অতি নিপুণ আছিল ৷ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বাঁহী, চেহনাই, বেহেলা, গগনা, তানপুৰা, চিটাৰ, টোকাৰী, তবলা, ঢোল, খোল, মাদল আদি তেওঁৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছিল ৷ বিষ্ণু প্ৰসাদ ৰাভাই আঠ বছৰ বয়সৰ পৰাই ওস্তাদ কালাচন্দ্ৰৰ অধীনত নৃত্যৰ শিক্ষা লাভ কৰিছিল ৷ নৃত্যৰ ক্ষেত্ৰত তেওঁ ৰুচিয়াৰ বিশ্ব বিখ্যাত নৃত্য পটীয়সী প্ৰাইমা বেলেৰিমা আনা পাভলোভাৰ দ্বাৰা অনুপ্ৰানিত হৈছিল ৷

গীতিকাৰৰূপে ৰাভাই অসমৰ সংগীত জগতখনি অজস্ৰ গীতেৰে সমৃদ্ধ কৰি থৈ গ’ল ৷ ৰাভাই নিজে ৰচনা কৰা গীতসমূহৰ লগতে তেওঁ সুৰ প্ৰদান কৰা বহু গীতে সংগীত প্ৰেমীৰ মাজত আজি ও এক সুকীয়া স্থান লাভ কৰি আহিছে ৷ সেয়েহে আজি অসমীয়া জাতীয় জীৱনলৈ বহু অৰিহণা আগবঢ়াই থৈ যোৱা বিষ্ণু প্ৰসাদ ৰাভাৰ পৱিত্ৰ মৃত্যু দিৱসত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।






Post a Comment

0 Comments