উত্তৰাখণ্ডত অসমৰ যুবতীৰ মৃতদেহ উদ্ধাৰ উচিত তদন্তৰ দাবী বিভিন্ন দল সংগঠনৰ।

উত্তৰাখণ্ডত অসমৰ যুবতীৰ মৃতদেহ উদ্ধাৰ উচিত তদন্তৰ দাবী বিভিন্ন দল সংগঠনৰ। দিল্লীত ৰেল'ৱে বিভাগৰ পৰীক্ষা দিবলৈ গৈ ৫ দিন ধৰি ঋষিকেশৰ পৰা সন্ধানহীন হৈ আছিল অসমৰ ডিমা হাছাও জিলাৰ ৰশ্মিতা হোজাই নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতী। আৰক্ষীয়ে যুৱতী গৰাকীক বিচাৰি তদন্ত চলাই থকা সময়তে সোমবাৰে ৰহস্যজনক অৱস্থাত উত্তৰাখণ্ডৰ পৌৰী গঢ়ৱাল জিলাত ৰশ্মিতাৰ মৃতদেহ উদ্ধাৰ হয়।


জানিব পৰা মতে, ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাৰ বাবে দিল্লীলৈ যোৱা ৰশ্মিতাই তেওঁৰ দুই বন্ধু হেমন্ত শৰ্মা আৰু পংকজ কোকাৰেৰ সৈতে দিল্লীৰ পৰা শিৱপুৰীত কেম্পিঙৰ বাবে গৈছিল। তাৰ পাছত ৬ জুনত ৰশ্মিতাৰ নিজৰ  পৰিয়ালৰ সৈতে সংযোগ বিছিন্ন হয়। লগে লগে পৰিয়ালটোৱে হাফলং আৰক্ষী থানাত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। হাফলং আৰক্ষীয়ে উত্তৰাখণ্ডৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ৰশ্মিতাক বিচাৰি তদন্ত আৰম্ভ কৰে।

ইফালে ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচায়ো নিজ সামাজিক মাধ্যমত যুৱতী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত মতামত প্ৰকাশ কৰে। আৰক্ষীৰ অভিযানৰ মাজতে অৱশেষত সোমবাৰে উত্তৰাখণ্ডত ৰশ্মিতাৰ মৃতদেহ উদ্ধাৰ হয়। আৰক্ষীয়ে তেওঁৰ দুই বন্ধুক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।

এই ঘটনাৰ পাছতে ডিমা হাছাওৰ তিনিটা স্থানীয় সংগঠন ক্ৰমে JADIKHE NAISHO HOSOM (JNH), DIMASA STUDENTS’ UNION (DSU) আৰু DIMASA MOTHERS’ ASSOCIATION (DMA) য়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক ৰশ্মিতাৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰে।

সংগঠন কেইটাই ভুক্তভোগী পৰিয়ালক সমবেদনা জ্ঞাপন কৰা লগতে ঘটনা টোৰ চিবিআই তদন্ত বিচাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈও প্ৰশাসন তথা কেন্দ্ৰক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনায়।




Post a Comment

0 Comments