ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষৰ ফলত হাহাকাৰ অৱস্থাৰ সৃস্টি হৈছে ভাৰতীয় শিক্ষাৰ্থীৰ।

ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষৰ ফলত হাহাকাৰ অৱস্থাৰ সৃস্টি হৈছে ভাৰতীয় শিক্ষাৰ্থীৰ।

ইৰানত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীৰ হাহাকাৰ অৱস্থা। শেহতীয়াকৈ ইজৰাইল আৰু ইৰাণৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিগত তিনি- চাৰি দিন ধৰি দুয়োখন দেশৰ মাজত সংঘৰ্ষ অব্যাহত আছে । উভয় পক্ষই মিছাইল, ড্ৰোণ আদি নিক্ষেপ কৰিছে । 


এই সংঘৰ্ষৰ ফলত দুয়োখন দেশতে বহু সামৰিক বাহিনীৰ লগতে সাধাৰণ নাগৰিকৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । পিছে ইয়াৰ মাজতে ইৰাণত থকা ভাৰতীয় শিক্ষাৰ্থীৰ মাজত হাহাকাৰ লাগিছে । শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে তেওঁলোকক শীঘ্ৰে স্থানান্তৰ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে । 
উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ বহু যুৱক-যুৱতীয়ে ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে । তাৰ ভিতৰত আছে শ্বাহিদ বেহেস্তি বিশ্ববিদ্যালয়, ইৰাণ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয় ইত্যাদি। 

বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় ছাত্ৰ এগৰাকীয়ে কেতবোৰ মন্তব্য কৰে। তেওঁ আনকি কয় যে এই পৰিস্থিতিৰ মাজত ভালকৈ খাব পৰা নাই, শুবও পৰা নাই। একেই অৱস্থা তেওঁ অধ্যয়ন কৰি থকা বিশ্ববিদ্যালয়খনৰ আনবোৰ ভাৰতীয় ছাত্ৰ- ছাত্ৰীৰ ক্ষেত্ৰত। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত ৩৫০ তকৈও অধিক ভাৰতীয় শিক্ষাৰ্থী আছে।

গতিকে এনে ভয়ংকৰ পৰিস্থিতিৰ পৰা ভাৰতীয় শিক্ষাৰ্থী সকলক শীঘ্ৰে ভাৰতলৈ ওভতাই অনা ব্যৱস্থা কৰিব লাগে বুলি সম্প্ৰতি সামাজিক মাধ্যম যুগে বিভিন্ন জনে ভাৰত চৰকাৰক অনুৰোধ জনাইছে।



Post a Comment

0 Comments