৫ টা বলত ৫ টা উইকেটঃ পূণৰ চৰ্চাত লক্ষ্ণৌৰ দিগবেশ ৰাথী।

৫ টা বলত ৫ টা উইকেটঃ পূণৰ চৰ্চাত লক্ষ্ণৌৰ দিগবেশ ৰাথী। আই পি এল অন্ত পৰিল যদিও অন্ত পৰা নাই আই পি এল-২০২৫ ৰ সময়ছোৱাত সৰ্বাধিক চৰ্চাত থকা লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্পীনাৰ দিগৱেশ ৰাথী। দখল কৰিলে ৫ টা বলত ৫ উইকেট।


আই পি এলৰ উৎকন্ঠা অন্ত পৰিল যদিও অন্ত পৰা নাই আই পি এল-২০২৫ ৰ সময়ছোৱাত সৰ্বাধিক চৰ্চাত থকা লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ স্পীনাৰ দিগৱেশ ৰাথী। উইকেট লাভৰ পিছত তেওঁ খেল পথাৰত কৰা প্ৰদৰ্শন আৰু তাৰ পিছত তেওঁৰ ওপৰত জাৰি কৰা শাস্তি আছিল এই চৰ্চাৰ মূল কাৰণ।

কিন্তু আই পি এলৰ পিছত এইবাৰ দিগৱেশ ৰাথীৰ চৰ্চাৰ কাৰণ তেওঁৰ চেলিব্ৰেছন নহয়, তেওঁ চৰ্চালৈ অহাৰ কাৰণ তেওঁৰ বলিং পৰাক্ৰম। এখন ঘৰুৱা টি-২০ লীগত তেওঁ এটা অভাৰত ৫ টা বলত ৫ টা উইকেট লাভ কৰি চৰ্চালৈ আহিছে দিগৱেশ ৰাথী। মেচখনত তেওঁ হেট্ৰিকসহ সৰ্বমুঠ ৭ টা উইকেট লাভ কৰিছে। 

লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মালিক সঞ্জীৱ গোৱেংকাই দলটোৰ লেগ স্পীনাৰ দিগৱেশে ৫ টা বলত ৫ টা উইকেট লাভ কৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তাৰোপৰি  লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ অফিচিয়েল সামাজিক মাধ্যমৰ হেণ্ডেলসমূহতো সেই ভিডিঅ’ আপলোড কৰা দেখা গৈছে।

উল্লেখ্য যে, দিল্লীৰ ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমান ঘৰুৱা টি-২০ প্ৰতিযোগিতাত খেলি আছে। বিপক্ষ দলৰ ইনিংছৰ ১৫ নং অভাৰত দিগৱেশে বলিং কৰিবলৈ আহিছিল। সেই সময়ত বেটিং দলটোৰ দলীয় স্ক’ৰ আছিল ৫ উইকেটত ১৫১ ৰাণ।

১৫ নং অভাৰত বলিং কৰিবলৈ অহাৰ পিছতে দিগৱেশে একেৰাহে পাঁচটা বলত বিপক্ষ দলৰ পাঁচজন বেটছমেনক আউট কৰে। হেট্ৰিককে ধৰি এটা অভাৰত ৫টা উইকেট দখল কৰে।

ফলত তেওঁলোকৰ ইনিংছ ১৪.৫ অভাৰত ১৫১ ৰাণতে অন্ত পৰে। এই খেলখনত লেগ স্পীনাৰগৰাকীয়ে ২৮ ৰাণত ৭টা উইকেট দখল কৰে। উল্লেখ্য যে, আই পি এলত দিগৱেশৰ ‘নোটবুক’ৰ চেলিব্ৰেছন সমগ্ৰ বিশ্ব তে চৰ্চাৰ বিষয় হৈ পৰিছিল।

তেওঁৰ নোটবুক চেলিব্ৰেছনৰ বাবে অনুশাসন ভংগ কৰাৰ ও অভিযোগ উত্থাপন হৈছিল। বি চি চি আইৰো ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছিল তেওঁ। একাধিক মেচৰ বাবে তেওঁক জৰিমনা বিহা হৈছিল। লগতে অধিক জনপ্ৰীয় ও হৈ পৰিছিল। 

নিলম্বিত কৰা হৈছিল এখন মেচৰ পৰাও। অৱশ্যে স্থানীয় টি-২০ মেচখনত তেওঁক বিতৰ্কিত সেই ‘নোটবুক’ৰ চেলিব্ৰেছন কৰা দেখিবলৈ পোৱা নগ’ল। 


Post a Comment

0 Comments