গুৱাহাটীৰ ৰাজপথতে গুৰুলাগুৰুলকৈ প্ৰহাৰ ৰাজ্যৰ জনপ্ৰিয় অভিনেতাক ! গুৱাহাটীৰ ৰাজপথত বুকু কঁপি উঠা ঘটনা

 গুৱাহাটীৰ ৰাজপথতে গুৰুলাগুৰুলকৈ প্ৰহাৰ ৰাজ্যৰ জনপ্ৰিয় অভিনেতাক ! গুৱাহাটীৰ ৰাজপথত বুকু কঁপি উঠা ঘটনা

অপৰাধ আৰু অপৰাধীৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। গুৱাহাটীত পুনৰ গাৰ নোম শিয়ৰি উঠা ঘটনা। মহানগৰীৰ বেলতলা চাৰ্ভেত অভিনেতা ভাৰ্গৱ দাসক দূৰ্বৃত্তৰ আক্ৰমণ।


৫ জুনত ঘৰৰ সমীপতে মূৰ, পিঠিত লোহাৰেৰে আক্ৰমণ অভিনেতা ভাৰ্গৱ দাসক। এখন বাহনত উঠি অহা দুজন লোকে প্ৰহাৰ কৰে ভাৰ্গৱ দাসক।
বাহনখন তীব্ৰ বেগত চলাই অহাৰ বাবেই অচিনাক্ত লোকজনক কম স্পীডত বাহন চলাবলৈ কৈছিল অভিনেতা ভাৰ্গৱ দাসে।
ইয়াৰ পাছতে লোকজনে অন্য এজনৰ লগত আহি পিছফালৰ পৰা প্ৰহাৰ কৰে ভাৰ্গৱ দাসক। মূৰত পাঁচটা চিলাই পৰা ভাৰ্গৱে দিছপুৰ থানাত লোকজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। এনেবোৰ ঘটনাৰ পাছত সচেতন মহলৰ মাজত বৰ্ত্তমান নিৰাপত্তা জনিত প্ৰশ্নৰ উত্থাপন হৈছে ।


অসমীয়া চিনেমা আৰু ধাৰাবাহিকৰ এখন চিনাকি মুখ অভিনেতা ভাৰ্গৱ দাস। বিগত কেইবা বছৰ অসমীয়া চিনেমা আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মনজয় কৰি আহিছে অভিনেতাগৰাকীয়ে।




Post a Comment

0 Comments