বিজয় উদযাপনত শোক আই পি এল ২০২৬ ত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব আৰ চি বি

বিজয় উদযাপনত শোক আই পি এল ২০২৬ ত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব আৰ চি বি? বেংগালুৰুৰ মৰ্মান্তিক ঘটনাৰ পিছত বিচিচিআইয়ে ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা । দলটোৰ বিজয় পেৰেডৰ সময়ত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছত বিচিচিআইয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰাৰ সময়তে আৰচিবিয়ে আইপিএল ২০২৬ৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি বিভিন্ন মহলত চৰ্চা হৈছে।


বিচিচিআইয়ে আৰচিবি ক নিষিদ্ধ কৰিব নে ?
আই পি এল ২০২৫ খিতাপ জয় কৰাৰ পিছত এম চিন্নাস্বামী ষ্টেডিয়ামৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বাবে বিজয় পেৰেড উদযাপনৰ প্ৰস্তুতি চলোৱা হয়। ইফালে ষ্টেডিয়ামৰ বাহিৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। য'ত ১১ জন লোকে ভৰিৰ গচকত প্ৰাণ হেৰুৱালে শতাধিক লোক আহত হল। ইয়াৰ পিছত আৰচিবিৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে। কৰ্ণাটক ক্ৰিকেট সন্থাৰ দুগৰাকী বিষয়াইও ইতিমধ্যে পদত্যাগ কৰিছে। এই গোচৰতো এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এই সকলোবোৰৰ মাজতে আবদ্ধ হৈ পৰিছে আৰচিবিৰ দলটো। এই বিষয়ৰ পিছত আৰচিবি আইপিএল ২০২৬ৰ অংশ হোৱাৰ সন্দৰ্ভত বিচিচিআইয়ে ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ।


বিচিচিআইয়ে নিষেধাজ্ঞাৰ দৰে ডাঙৰ সিদ্ধান্ত ল’বনে ?
আৰ চি বিৰ বিজয় পেৰেডত ইমান ডাঙৰ ভুলৰ বাবে কোন দায়ী, তদন্ত চলি আছে। এনে পৰিস্থিতিত বিচিচিআইৰ সন্মুখত ডাঙৰ প্ৰশ্নটো হ’ল এই ভুলত যদি আৰচিবিৰ দলৰ নাম ওলাই আহে, তেন্তে ইয়াৰ পিছত কি সিদ্ধান্ত ল’ব। আমি আপোনালোকক কওঁ যে আই পি এলৰ সকলো ফ্ৰেঞ্চাইজিয়ে বাণিজ্যিক সত্তা হিচাপে কাম কৰে, কিন্তু তেওঁলোকৰ অংশগ্ৰহণ বি চি চি আইৰ চুক্তিৰ দ্বাৰা পৰিচালিত হয় আৰু সেই চুক্তিসমূহত জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত বহু ধাৰা অন্তৰ্ভুক্ত হৈ থাকে।
যদিহে তদন্তকাৰীয়ে আৰচিবিৰ পৰিচালনাক এই গুৰুতৰ গাফিলতিৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰে, তেন্তে ন্যায় প্ৰদান আৰু লীগৰ বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ বিচিচিআইয়ে আৰচিবিৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা লোৱাৰ সম্ভাৱনা আছে ।

বিজয় উদযাপনত শোক !
মঙলবাৰে আৰ চি বিয়ে পঞ্জাব কিংছক পৰাস্ত কৰি প্ৰথম খিতাপ দখল কৰে। ইয়াৰ পিছত সমগ্ৰ দল আৰু বাংগালুৰুৰ অনুৰাগীসকল অতিশয় আনন্দিত হৈছিল। পিছদিনা বুধবাৰে দলটোৱে বাংগালুৰুত উপস্থিত হয়, য’ত দলটোৱে নিজৰ অনুৰাগীৰ সৈতে বিজয় উদযাপন কৰিবলৈ ওলাইছিল। কিন্তু এই উৎসৱমুখৰ পৰিৱেশ অলপ সময়ৰ ভিতৰতে শোকলৈ পৰিণত হ’ল। অজস্ৰ জনসমাগম এ হৈ পৰিল দুৰ্ঘটনাৰ কাৰণ ।
লাখ লাখ লোকৰ সমাগম হোৱাৰ বাবে হঠাতে হঠাৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়, য’ত ১১ জন লোকে প্ৰাণ হেৰুৱাই বহু লোক আহত হয়।


* আগুৱাই যোৱাৰ পথ কি হ’ব ?
এই দুৰ্ঘটনা কেৱল এটা দলৰ বিজয় যাত্ৰাৰ ফল নহয়, পৰিকল্পনা আৰু সুৰক্ষাৰ ক্ষেত্ৰতো ভুলৰ ইংগিত বহন কৰিছে। এতিয়া সকলোৰে দৃষ্টি বিচিচিআইৰ ওপৰত আছে যে আৰচিবিৰ ভৱিষ্যত সন্দৰ্ভত কি সিদ্ধান্ত লয় ।






Post a Comment

0 Comments