উৎকট গৰমে প্ৰাণ ল’লে এজনৰ; পানী খাবলৈ লওতেই ঢলি পৰিল মাটিত: - HEAT STROKE DEATH IN ASSAM
চলিত বৰ্ষত গৰমৰ প্ৰকোপত প্ৰথমগৰাকী ব্যক্তিৰ মৃত্যু ঘটাৰ খবৰ ৷
ৰ'দ নহয় যেন দপদপাই জ্বলি থকা একুৰা জুইহে ! সমগ্ৰ দেশৰ লগতে অসমতো বাঢ়িছে গৰমৰ প্ৰকোপ । উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ তাৰ মাজতে গোৱালপাৰাত এজন যুৱকৰ মৃত্যু ঘটিল প্ৰচণ্ড গৰমত ৷ গৰমৰ প্ৰকোপৰ বাবেই যুৱকজনৰ মৃত্যু ঘটা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে ৷
গোৱালপাৰা জিলাৰ মাটিয়াত সংঘটিত এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায় । ইতিমধ্যে মৃত্যু ঘটা যুৱকজন হৈছে মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰী ৰণুৱাৰ ৩২ বছৰীয়া নকিবুজ জামান বুলি জনিব পৰা গৈছে।
বুধবাৰে বিয়লি প্ৰায় দুই মান বজাত মাটিয়া থানাৰ অন্তৰ্গত মাটিয়া দৈনিক বজাৰৰ এখন হোটেলত পানী খাবলৈ লওতেই আকস্মিকভাৱে চকীৰ পৰা মাটিত ঢলি পৰে যুৱকজন । যুৱকজনক লগে লগেই তাত উপস্থিত ৰাইজে ই-ৰিক্সাৰ সহায়ত মাটিয়া আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
মৃত নকিবুজ জামান পেছাত এজন ব্যৱসায়ী আছিল বুলি জানিব পৰা গৈছে । ব্যৱসায় সংক্ৰান্তীয় কামত বন্ধুৰ সৈতে বিভিন্ন স্থানত ঘূৰি ফুৰাৰ পিছত ভাত খাবলৈ মাটিয়া দৈনিক বজাৰৰ এখন হোটেলত সোমাইছিল যুৱকজন ।
কিন্তু ভাত খোৱাৰ পূৰ্বে পানী খাবলৈ লোৱা মাত্ৰকে চকীৰ পৰা ঢলি পৰি অচেতন হৈ পৰে যুৱকজন । অতিমাত্ৰা গৰমৰ বাবেই যুৱকজনে হঠাৎ এনেদৰে মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যেক্ষদৰ্শীয়ে । পৰৱৰ্তী সময়ত মাটিয়া আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহটো শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগজাননী অনুসৰি বৃহস্পতিবাৰে অৰ্থাৎ আজি সৰ্বোচ্চ তাপমান ঠাইভেদে স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বঢ়াৰ সম্ভাৱনা আছে । অৱশ্যে ১৪ জুনৰ পৰা তাপমান দুই-তিনি ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব বুলিও আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
0 Comments