আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা মেঘনীনগৰৰ ওচৰত ২৪২ ৰো অধিক অনব’ৰ্ড থকা এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান দুৰ্ঘটনা। উদ্ধাৰ অভিযান চলি আছে
বৃহস্পতিবাৰে অৰ্থাৎ আজি আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ২৪২ জনতকৈ অধিক যাত্ৰীসহ এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।
ব্ৰিটেইন অভিমুখে যোৱা বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখনে উৰণৰ সময়তে ১.৩৯ বজাত দুৰ্ঘটনাগ্ৰস্ত হৈ মেঘনীনগৰৰ সমীপত প্ৰকাণ্ড ধোঁৱাৰ ঢৌৰ সৃস্টি কৰে।
ডিজিচিএই নিশ্চিত কৰিছে যে বিমানখনত ২৪২ জন লোক আছিল য’ত ২ জন পাইলট আৰু ১০ জন কেবিন ক্ৰু আছিল। প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰৰ সৈতে কেপ্তেইন সুমিত সভাৰৱালৰ কমাণ্ডত আছিল বিমানখন।
"এটিচিৰ মতে, আহমদাবাদৰ পৰা ২৩ নং ৰাণৱেৰ পৰা ১৩৩৯ আইএছটি (০৮০৯ ইউটিচি)ত বিমান খনে যাত্ৰা কৰিছিল। ই এটিচিক MAYDAY Call দিছিল, কিন্তু তাৰ পিছত এটিচিয়ে কৰা ফোনকলৰ প্ৰতি বিমানখনে কোনো সঁহাৰি নিদিলে যাৰ ফলত দুৰ্ঘটনা ঘটিল’-ডিজিচিএই কয়।
এয়াৰ ইণ্ডিয়াইও নিশ্চিত কৰিছে যে আহমেদাবাদ-লণ্ডন গেটৱে পৰিচালনা কৰা ফ্লাইট এআই ১৭১ এটা দুৰ্ঘটনাত পতিত হৈছে। এক্সত প্ৰকাশ কৰা এটা পোষ্টত কোৱা হৈছে যে এই মুহূৰ্তত আমি সবিশেষ নিশ্চিত কৰি আছো । খবৰ অনুসৰি এতিয়া লৈ ১৫০ জন লোক্ৰ মৃত্যু হৈছে।
0 Comments