"এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ": আজি সমগ্ৰ বিশ্বতে যোগ দিৱস পালন।

"এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ": আজি সমগ্ৰ বিশ্বতে যোগ দিৱস পালন। ২০২৫ চনৰ আন্তৰ্জাতিক যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে "এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ।" এই বিষয়বস্তুৱে ব্যক্তিগত সুস্থতা আৰু পৃথিৱীৰ স্বাস্থ্যৰ মাজত থকা অবিচ্ছেদ্য সম্পৰ্কক বুজাই।



প্ৰগতিশীল বিহালী ডিজিটেল ডেস্কঃ ২০২৫ চনৰ আজি ২১ জুন, আৰু আজি ১১তম আন্তৰ্জাতিক যোগ দিৱস। যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। বিশ্ব যোগ দিৱসৰ লক্ষ্য হৈছে মানুহক যোগৰ বিষয়ে সজাগ কৰা। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন।

সংস্কৃত ভাষাত ‘যোগ’ শব্দটো প্ৰথমে ব্যৱহৃত হয় যাৰ অৰ্থ হৈছে ‘সংযোগ কৰা’ বা ‘একত্ৰিত হোৱা’। যোগৰ উদ্দেশ্য হৈছে দেহ আৰু মনৰ মিলন। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাষ্ট্ৰসংঘৰ ভাষণত যোগ দিৱসৰ বিষয়ে উদ্যোগ লৈছিল। এই প্ৰস্তাৱটোৱে ১৭৭খন দেশৰ সমৰ্থন লাভ কৰে আৰু ৰাষ্ট্ৰসংঘই সৰ্বসন্মতিক্ৰমে গৃহীত কৰে।

প্ৰতি বছৰে এটা বিষয়বস্তু লৈ যোগ দিৱস উদযাপন কৰা হয়। ২০২৫ চনৰ আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়বস্তু হৈছে "এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ।" এই বিষয়বস্তুৱে ব্যক্তিগত সুস্থতা আৰু পৃথিৱীৰ স্বাস্থ্যৰ মাজত থকা অবিচ্ছেদ্য সম্পৰ্কক আলোকপাত কৰে।

উল্লেখ্য যে, আন্তৰ্জাতিক যোগ দিৱসৰ উদ্দেশ্য হৈছে যোগাভ্যাসৰ অনেক উপকাৰিতাৰ বিষয়ে বিশ্বজুৰি সজাগতা সৃষ্টি কৰা। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন।

আজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বৃহৎ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষত অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায়।

যোগ দিৱসৰ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ লগতে বিশ্ববাসীক সম্ভাষণ জনায়। তেওঁ কয় যে আজি ২১ জুনত সমগ্ৰ বিশ্বই একাদশ বাৰৰ বাবে একেলগে যোগাসন কৰিছে। যোগৰ সহজ অৰ্থ হ'ল - সংযোগ স্থাপন কৰা, আৰু যোগে সমগ্ৰ বিশ্বক এটা সূতাত বান্ধি ৰখাটো এটা সুখদায়ক অভিজ্ঞতা।

আজি সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যোগৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰা হ'ব, য'ত যোগৰ বিভিন্ন আসন, ধ্যান, আৰু প্ৰাণায়াম আদিৰ অনুশীলন কৰা হ'ব।




Post a Comment

0 Comments