দুৰন্ত শতকেৰে ক্ৰীকেট ইতিহাসৰ পৃষ্ঠাত নাম লিখিলে যশস্বীয়ে।

দুৰন্ত শতকেৰে ক্ৰীকেট ইতিহাসৰ পৃষ্ঠাত নাম লিখিলে যশস্বীয়ে। যশস্বীয়ে শীতল মগজুৰে বেটিং কৰি আৰু অতি কৌশলৰে ইংৰাজ বাহিনীক ঢোকে-ঢোকে খুৱালে পানী !


প্ৰগতিশীল বিহালী সংবাদ ষ্পৰ্ট ডেস্ক : শেহতীয়াকৈ তেওঁৰ ফৰ্মক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছিল। ইংলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ম আপ মেচতো তেওঁ সফল হ’ব পৰা নাছিল। ফলত বহুতে তেওঁৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু যশস্বী জয়ছৱালে আকৌ এবাৰ প্ৰমাণ কৰিলে যে তেওঁ ডাঙৰ মঞ্চৰ খেলুৱৈ।

ভাৰতীয় যুৱ অ’পেনাৰগৰাকীৰ এয়া প্ৰথম ইংলেণ্ড ভ্ৰমণ। আৰু বাওঁহতীয়া যুৱ অ’পেনাৰগৰাকীয়ে ইংলেণ্ড ভ্ৰমণৰ প্ৰথমখন টেষ্টতে শতক অৰ্জন কৰি কাৰ্যত তেওঁৰ সমালোচকসকলক উচিত প্ৰত্যুত্তৰ দিলে।


টছত জয়লাভ কৰি বেন ষ্ট’কছে হেডিংলেৰ সতেজ উইকেটত প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়। অপেনিং যুটিত কে এল ৰাহুলৰ সৈতে ৯১ ৰানৰ পাৰ্টনাৰশ্বীপ খেলি ভাৰতীয় দল টোক সুন্দৰ আৰম্ভণি দিয়ে।

যশস্বীয়ে শীতল মগজুৰে বেটিং কৰাৰ লগতে কোনো ভুল শ্বট খেলা নাছিল। ইংলেণ্ডৰ পেছাৰসকলে এটাৰ পিছত আনটো বাউন্স কৰিছিল যদিও তেওঁ নিপুণভাৱে সুন্দৰ ক্ৰীকটিং শ্বট খেলি গৈছিল। উইকেট দিয়া নাছিল ইংৰাজ বাহিনীক।

যশস্বীক দেখা গ’ল তেওঁৰ সদা পৰিচিত ছন্দত। ইটোৰ পিছত সিটোকৈ ট্ৰেডমাৰ্ক ষ্ট্ৰেইট ড্ৰাইভ, কভাৰ ড্ৰাইভ, স্কোৱেৰ কাট, ষ্টেপআউট কৰি শ্বট ওলাই আহিছিল তেওঁৰ বেটৰ পৰা। তেও ১৪৪ বলত শতক সম্পূৰ্ণ কৰে। শতকৰ সময়ত তেওঁ ১৬টা চাৰি আৰু এটা ছয় কোবায়। লগতে যশস্বী আৰু গিলৰ শতৰানৰ পাৰ্টনাৰশ্বীপৰ ওপৰত ভৰসা কৰি লীডছত বৰ্তমান সুন্দৰ পজিছনত ভাৰতীয় ক্ৰীকট দল।

#trending_sport_news #yashasvi_jaiswal_maiden_century_in_england






Post a Comment

0 Comments