ফেচবুক লাইভ কৰি বিপদত গৌৰৱ গগৈ; কঠোৰ সকীয়নি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক - GAURAV GOGOI FACEBOOK LIVE CONTROVERSY
এটা ফেচবুক লাইভে গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভৰ অগনি জ্বলাইছে কাৰ্বি আংলঙত । জনজাতীয় ছাত্ৰ সংগঠনৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী।
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : কাৰ্বি পাহাৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলিছে। এইবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বিভূমিৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠন। এটা ফেচবুক পোষ্টক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈছে কাৰ্বি পাহাৰৰ জনজাতীয় ছাত্ৰ সংগঠন সমূহ। কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে কিয় এই বিদ্ৰোহ কাৰ্বি ছাত্ৰ সন্থাসমূহৰ ? কি আছে গৌৰৱ গগৈৰ ফেচবুক পোষ্টটোত ?
দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে কাৰ্বি আংলঙত উপস্থিত হৈছিল সাংসদ গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এইটো আছিল গৌৰৱ গগৈৰ প্ৰথমটো কাৰ্বি পাহাৰ ভ্ৰমণ। কিন্তু এই প্ৰথম ভ্ৰমণতে কাৰ্বি আংলঙৰ জনজাতীয় ছাত্ৰ সংগঠনবোৰৰ ৰোষত পৰিছে গৌৰৱ গগৈ। ইয়াৰ কাৰণ হৈছে তুলিৰাম ৰংহাঙৰ পুত্ৰ ছেংদন ৰংহাঙৰ ঘৰৰ সন্মুখত গৌৰৱ গগৈয়ে কৰা এটা ফেচবুক লাইভ ভিডিঅ।
সেই বিশেষ ফেচবুক লাইভৰ বিৰোধিতাৰে সোমবাৰে ডিফুত প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ বিভিন্ন জনজাতীয় দল-সংগঠনে। লগতে এক সংবাদমেল আয়োজন কৰি গৌৰৱ গগৈক কাৰ্বি আংলঙৰ শান্তি বিঘ্নিত নকৰিবলৈ লগতে কাৰ্বিভূমিৰ উন্নয়নত হেঙাৰ হিচাপে থিয় নিদিবলৈ সকীয়াই দিয়ে জনজাতীয় দল-সংগঠনে নেতৃবৃন্দয়ে।
উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তেওঁৰ শেহতীয়া ডিফু ভ্ৰমণকালত নিৰ্মীয়মাণ অৱস্থাত থকা এটা প্ৰসাদোপম ঘৰৰ সন্মুখত ফেচবুক লাইভ কৰি উক্ত ঘৰটোৰ গৰাকী কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বুলি ইংগিত প্ৰদান কৰিছিল। গৌৰৱ গগৈৰ এই ফেচবুক লাইভৰ পিছতে কাৰ্বি আংলঙৰ কাৰ্বি, ডিমাছা, ৰেংমা, কুকি ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদমেলযোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ছাত্ৰ সংগঠনবোৰৰ যৌথ নেতৃত্বই প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ-পুত্ৰ ছিংদন ৰংহাঙে সাজি থকা ঘৰটোকে CEM তুলিৰাম ৰংহাঙৰ বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে নিকৃষ্ট ৰাজনীতি কৰা বুলি ক্ষোভ ব্যক্ত কৰে। কংগ্ৰেছ শাসনৰ আমোলত জনজাতীয় ৰাইজক জংঘলত ৰখা বুলি মন্তব্য কৰি এতিয়া জনজাতীয় ৰাইজৰ উন্নতি কংগ্ৰেছ সভাপতিগৰাকীৰ সহ্য হোৱা নাই বুলি সংবাদমেলত উল্লেখ কৰে ছাত্ৰ সংগঠনসমূহৰ নেতৃত্বই। লগতে সাহস আছে যদি ৰকিবুল আহমেদ, প্ৰদ্যুৎ বৰদলৈৰ ঘৰৰ আগত গৈ লাইভ কৰক বুলি কয়।
.png)
আনহাতে, জনজাতীয় ৰাইজক অপমান কৰাৰ উদ্দেশ্যৰে পুনৰ কাৰ্বি আংলঙলৈ আহিলে গৌৰৱ গগৈক জিলাখনত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম বুলি উল্লেখ কৰে। সাংসদ তথা বিৰোধী দলৰ উপ-দলপতিৰ দৰে আসনত থাকি কাৰোবাৰ ব্যক্তিগত ঘৰৰ সন্মুখত থিয় হৈ ফেচবুক লাইভ কৰাটো শোভা নাপায়, ই অতি নিম্ন ৰুচিৰ কাম বুলি সংবাদমেলত তেওঁলোকে লগতে উল্লেখ কৰে।
ইফালে সংবাদমেলৰ অন্তত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি জনজাতীয় সংগঠনসমূহৰ নেতৃত্বই গৌৰৱ গগৈৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংবাদমেলত জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই কয়, "আমি কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ আমোলত আমি ইয়াত থকা বহুতে আৰু কাৰ্বি আংলঙৰ ৰাইজ বহু ভুক্তভোগী। কোনোৰকম এতিয়া শান্তি ঘূৰি আহিছে, সেই শান্তিত এতিয়া আকৌ তেওঁ বিভাজন সৃষ্টি কৰাটো আমি নিবিচাৰোঁ।
সংবাদ মাধ্যমৰ আগত জনজাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বই লগতে কয়, "প্ৰথমতে আমি ভাবিছিলোঁ গণতান্ত্ৰিক দেশ, ইয়াত শাসকো থাকিব বিৰোধীও থাকিব । বিৰোধী নেতা হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া লগতে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেওঁ আহিছিল কাৰ্বি আংলং ভ্ৰমণ কৰিবলৈ। আমি ভাবিছিলোঁ তেখেত এজন বুদ্ধিজীৱী, ইনটেলেকচুৱেল, এটা দায়িত্বত থকা সাংসদ হিচাপে। কিন্তু আমি এনেকৈ আশা কৰা নাছিলোঁ যে কাৰ্বি আংলঙত আহি তেওঁ অশান্তিৰ সৃষ্টি কৰিব। এইটো আমি অনুভৱ কৰিছোঁ আৰু দেখা পাইছোঁ। ইয়ালৈ আহি তেখেতে কেৱল লোকৰ ঘৰটোহে দেখা পাইছে নেকি। ইয়াত কিমান ইছ্যু আছে । তেওঁ স্বাস্থ্য বিভাগ, শিক্ষা বিভাগৰ ছবি চাব লাগিছিল। তাত কি উন্নতি কৰিব পাৰি সেয়া ভাবিব লাগিছিল। কিন্তু সেইটো ইনটেনচন নাই। আৰ টি আই কৰিবলৈ অহাৰ দৰে কেৱল লোকৰ ঘৰটোহে দেখুৱাইছে, এইটো আমি বেয়া পাইছো।" আকৌ এচামে তুলিৰাম ৰংহাঙৰ পুত্ৰ ছেংদন ৰংহাঙে পইচা দি ছাত্ৰ সংগঠন সমূহক ৰাজপথলে উলিয়াই আনিছে বুলি মন্তব্য কৰিছে তেওলোকে কৈছে এইবাৰ কাৰ্বি পাহাৰৰ সাধাৰ্ন ৰাইজ গৌৰৱ গগৈৰ সপক্ষত হে আছে।
0 Comments