অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত মৃত্যু হ’ল ছামিউলৰ ! ছামিউলৰ মৃত্যুৰ পিছতে অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাই কি কলে ?

অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত মৃত্যু হ’ল ছামিউলৰ ! ছামিউলৰ মৃত্যুৰ পিছতে অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাই কি কলে ? 

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত ছামিউল হকৰ মৃত্যু। ইতিমধ্যে নন্দিনী কাশ্যপক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

মাজনিশা জনপ্ৰিয় অভিনেত্ৰীৰ বাহনৰ খুন্দাত অকালতে শেষ হৈ গ’ল এটি সম্ভাৱনা। জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা নলবাৰিৰ ছামিউলৰ যোৱা নিশা মৃত্যু ঘটে।
মহানগৰীৰ গুৱাহাটীৰ এপ’ল হাস্পতালত মৃত্যু হয় নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত হোৱা যুৱকজনৰ। ইতিমধ্যে নন্দিনী কাশ্যপক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

নন্দিনীৰ হিট এণ্ড ৰান ঘটনা কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ছামিউলৰ পৰিয়ালে নন্দিনীৰ উচিত শাস্তি হোৱাটো বিচাৰিছে।

আনফালে নন্দিনীক আটক আৰু ছামিউলৰ মৃত্যুৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাই। ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুয়োগৰাকী অভিনেতাই।

অভিনেতা যতীন বৰাই কয় যে ‘‘দুৰ্ঘটনাত পতিত হৈ অকালতে হেৰাই যোৱা পলিটেকনিকৰ মেধাৱী ছাত্ৰ ছামিউল হকৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ। এই শোকাকুল আৰু কঠিন পৰিস্থিতিৰ মুখামুখি হ'বলৈ ছামিউলৰ দুৰ্ভগীয়া পৰিয়ালটোক ভগৱানে শক্তি দিয়ক। শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ছামিউলৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আমাৰ বিশ্বাস, আইনে নিজৰ কাম কৰিব।’’

সমান্তৰাল ভাৱে অভিনেতা ৰবি শৰ্মাই ও তেওঁ সামাজিক মাধ্যমযোগে উল্লেখ কৰে এইদৰে – “ছামিউল হকৰ মৃত্যুৰ বাতৰিটোৱে মোক মৰ্মাহত কৰি তুলিছে। তেওঁৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু এই বৃহৎ ক্ষতিৰ সৈতে যুঁজ দিবলৈ তেওঁৰ পৰিয়ালটোক শক্তি প্ৰদান কৰে, তাৰ বাবে অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ।“


Post a Comment

0 Comments