এসময়ৰ ব্যাগুম কংগ্ৰেছী নেতাৰ এতিয়া নাজল নাথল অৱস্থা ; কেনেদৰে ৰাখিছে বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী সকলক ?

এসময়ৰ ব্যাগুম কংগ্ৰেছী নেতাৰ এতিয়া নাজল নাথল অৱস্থা ; কেনেদৰে ৰাখিছে বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী সকলক ? ক্ষমতাৰ লোভত কংগ্ৰেছ ত্যাগ কৰি শাসকীয় দল বিজেপিলৈ অহা গৰিষ্ঠ সংখ্যক নেতাৰে এতিয়া অস্তিত্ব সংকটত । বিজেপিলৈ আহি কোন নেতাই কি পালে । আমৰ এক বিশেষ প্ৰতিবেদন।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : কংগ্ৰেছৰ ১৫ বছৰীয়া শাসন কালত দলীয় বহু নেতাই ক্ষমতা ভোগ কৰিলে আৰু বহু নেতাই ৰাজনীতিত নিজৰ পৰিচয় লাভ কৰিলে । কিন্তু ২০১৬ চনত কংগ্ৰেছ দল ক্ষমতাহীন হৈ পৰাৰ পাছত লাহে লাহে বহু কংগ্ৰেছী নেতাই ক্ষমতাৰ লোভত শাসকীয় পক্ষৰ প্ৰতি ঢাল খাই দল সলনি কৰিলে। ৰাজনীতিত দল বাগৰা একো নতুন কথা নহয় যদিও বিগত সময়ত বহু নেতাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিসম্বাদ কৰি বিজেপিলৈ অহা কিছু সংখ্যক কংগ্ৰেছৰ নেতা আজি বিজেপিত জাতিষ্কাৰ হৈ আছে যদিও পৰৱৰ্তী সময়ত বিশেষকৈ ২০২১ৰ পাছত অহা সকলৰ আজি নাজল নাথল অৱস্থা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিসম্বাদ কৰি কংগ্ৰেছৰ পৰা ওলাই অহাসকল আজি বিজেপিত হৰ্তাকৰ্তা হৈ পৰিছে। ২০১৫ চনত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মা, পীযূষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, মানৱ ডেকা, বলীন চেতিয়া, পল্লৱলোচন দাস, প্ৰদান বৰুৱা আদিয়ে এতিয়া বিজেপিত দপদপাই আছে। কিন্তু সমান্তৰাল ভাৱে পৰৱৰ্তী সময়ত কংগ্ৰেছ ত্যাগ কৰি শাসকীয় দলটোলৈ অহা গৰিষ্ঠ সংখ্যকৰে অৱস্থা আজি সন্তুোষজনক নহয়।

২০২৬ৰ নিৰ্বাচন আৰু সংকটজনক অৱস্থাত দল বাগৰা নেতাৰ ভৱিষ্যত :

যিমানে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পাছত কংগ্ৰেছ এৰি বিজেপিলৈ অহা নেতাসকল শংকিত হৈ পৰিছে। কিয়নো ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিৰ্বাচন খেলা এইসকল নেতাক এইবাৰ বিজেপিয়ে প্ৰাৰ্থিত্ব দিব নে নিদিয়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। আনকি কংগ্ৰেছত সদায়ে আগস্থান পোৱা বহুকেইজন নেতা বিজেপিলৈ আহি ভিৰৰ মাজত লাহে লাহে হেৰাই গৈছে।

ইফালে বিগত নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দি পৰাজয়বৰণ কৰাৰ পাছত কংগ্ৰেছ এৰি বিজেপিলৈ অহা এনে নেতাসকলকলৈ এতিয়া বিমোৰত পৰিছে খোদ গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্ব। যাৰ বাবে বিজেপিত যোগদান কৰাৰ পাছতো গৰিষ্ঠ সংখ্যক নেতাকে গেৰুৱা দলটোৱে আজিলৈকে কোনো উচ্চ পদবী প্ৰদান কৰা নাই তথা কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ অৱতীৰ্ণ হোৱা আমগুৰি সমষ্টিৰ প্ৰাৰ্থী অংকিতা দত্ত, যোৰহাট সমষ্টিৰ প্ৰাৰ্থী ৰাণা গোস্বামী, মাহমৰা সমষ্টিৰ প্ৰাৰ্থী সূৰুয দিহিঙীয়া, বঢ়মপুৰ সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰা, খুমটাই সমষ্টিৰ প্ৰাৰ্থী বিস্মিতা গগৈ, ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী কুলদীপ বৰুৱা, কমলপুৰ সমষ্টিৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য্য, বঙাইগাঁৱ সমষ্টিৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায় এতিয়া বিজেপি দলত। তদুপৰি থাওৰা আৰু মৰিয়নীৰ পৰা কংগ্ৰেছৰ টিকটত জয়ী হৈ পাছত বিজেপিত যোগদান কৰি পুনৰ উপ-নিৰ্বাচনৰ জৰিয়তে বিধানসভালৈ অহা দুই নেতা হৈছে ক্ৰমে সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীৰ ভৱিষ্যত আজি সংকটজনক অৱস্থাত।
উল্লেখ্য যে কংগ্ৰেছত এনে বিধায়কো আছে যি নেকি আধা কংগ্ৰেছী আধা বিজেপি। তেনে বিধায়ককেইজন হৈছে ক্ৰমে ৰহাৰ শশীকান্ত দাস, মঙলদৈৰ বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জৰ কমলাক্ষ দে' পুৰকায়স্থ। আনহাতে কংগ্ৰেছ দলৰ পৰা জয়ী হৈ এতিয়া কংগ্ৰেছৰ লগত নথকা বিধায়কসকলৰ মাজত দক্ষিণ কৰিমগঞ্জৰ ছিদ্দিক আহমেদ আৰু বাঘবৰৰ বিধায়ক ছেৰমান আলী আহমেদো আছে। এই দুগৰাকী কংগ্ৰেছ নেতা কংগ্ৰেছৰ লগত ও নাই আৰু বিজেপিৰ লগত ও নাই।

লক্ষণীয় বিষয় যে এনে পৰিস্থিতিত অনাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ গৈ এতিয়া ন-বিজেপি নেতাসকলক লৈ সমস্যাত পৰিছে। কিয়নো উক্ত নেতাসকলেও বিচাৰিছে প্ৰাথীত্ব নতুবা দলৰ ডাঙৰ দায়িত্ব। ইফালে নতুনকৈ কংগ্ৰেছৰ পৰা অহা নেতাসকলক প্ৰাৰ্থিত্ব দিলে বিজেপিৰ ভিতৰচ'ৰাত সংঘাত সৃষ্টি হোৱাৰো সম্ভাৱনা আছে। সমষ্টিবোৰত এনে বহু বিজেপি নেতা আছে যি দীৰ্ঘদিন ধৰি দলটোলৈ সেৱা আগবঢ়াই আহিছে। যাৰ বাবে কংগ্ৰেছ এৰি বিজেপিলৈ অহা এই ডাঙৰ ডাঙৰ নেতাসকলৰ ভৱিষ্যৎ এতিয়া অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰিছে।

প্ৰাক্তন কংগ্ৰেছী তথা ন-বিজেপিৰ ভৱিষ্যত কি হৱ ?

উজ্বল ভৱিষ্যতৰ সপোন লৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা নেতাসকলে এতিয়া ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ দেখি দিগ-বিদিক হেৰুওৱা পৰিলক্ষিত হৈছে।

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মাই কেইবাদশক ধৰি কংগ্ৰেছৰ বৰঘৰত অত্যন্ত গুৰুত্বপূৰ্ণ পদবীত আছিল। কংগ্ৰেছতে তেওঁ ৰাজনৈতিক জীৱনৰ দীঘলীয়া ইনিংছ খেলিলে। কিন্তু বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে হঠাতে দ্বিজেন শর্মাই নীতি-আদৰ্শ সলনি কৰি গেৰুৱা বসন পৰিধান কৰিলে। কংগ্ৰেছত ভাল পৰিচয় লাভ কৰা বৰ্ষীয়ান নেতা দ্বিজেন শৰ্মাৰ আজি বিজেপিত একপ্ৰকাৰ একোৱে স্থান নাই।

সেইদৰে যোৰহাটক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অত্যন্ত বিশ্বাসভাজন প্ৰীয়ভাজন আছিল। ৰাণা গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ দৰে অতি গুৰুত্বপূৰ্ণ পদবীও লাভ কৰিছিল। কিন্তু ক্ষমতাৰ লোভত বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিৰ শৰণাপন্ন হয়। শেহতীয়াকৈ বিজেপিয়ে তেওঁক অসম চহৰীয়া পানী যোগান আৰু পয়-প্ৰণালী ব'ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব দি নিয়োজিত কৰিছে।
আনহাতে কংগ্ৰেছৰ দিনত মন্ত্ৰীত্ব লাভ কৰা বিস্মিতা গগৈয়ে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰৱল উৎসাহেৰে কংগ্ৰেছক এৰি বাজপেয়ী ভৱনত প্ৰৱেশ কৰিছিল। কংগ্ৰেছত থাকি ৰাজনৈতিক পৰিচয় লাভ কৰা বিস্মিতা গগৈৰ এতিয়া বিজেপিত নাই কোনো বিশেষ স্থান তথা পৰিচয়।অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্তক কংগ্ৰেছ দলে বিগত বিধানসভা নিৰ্বাচনত আমগুৰি বিধানসভা সমষ্টিত প্ৰৰ্থিত্ব দিছিল। কিন্তু কংগ্ৰেছে বহুত দিয়াৰ পাছত সন্তুষ্ট হোৱা নাছিল অংকিতা দত্ত আৰু যোগ দিছিল বিজেপিত। কিন্তু এতিয়া অংকিতাৰ নাই কোনো গুৰুত্বপূৰ্ন স্থান।

তদোপৰি আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ২০১৬ চনৰ পূৰ্বে বিজেপিত যোগদান কৰি সেই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্ব নাপাই যোগদান কৰিছিল কংগ্ৰেছত। আছুৰ প্ৰাক্তন সভাপতিজনক কংগ্ৰেছে জিলা সভাপতিৰ দায়িত্ব দিয়াৰ লগতে বিগত বিধানসভা নিৰ্বাচনত বঙাইগাঁৱৰ পৰা প্ৰাৰ্থিত্ব দিছিল। কিন্তু জয়ী হ'ব নোৱাৰিলে। লোকসভা নিৰ্বাচনৰ পূৰ্বে অকস্মাতে তেওঁ বিজেপিত যোগদান কৰে। কিন্তু দল বাগৰা নেতাজন এতিয়া একপ্ৰকাৰ পৰিচয়বিহীন হৈ পৰিছে বিজেপিত।

আনহাতে বাওঁপন্থী ছাত্ৰ ৰাজনীতিৰ পৰা কংগ্ৰেছত যোগদান কৰা কমলপুৰৰ কিশোৰ কুমাৰ ভট্টাচাৰ্যৰো এতিয়া চিন-মোকাম নাই বিজেপিত দলত। লোকসভা নিৰ্বাচনৰ পূৰ্বে বাজপেয়ী ভৱনত গৈ গেৰুৱা বসন পৰিধান কৰা কিশোৰ ভট্টাচাৰ্যৰ বিজেপিত ৰাজনৈতিক ভবিষ্যতকলৈ একেই নিশ্চয়তাই দেখা দিছে। আজীৱন কংগ্ৰেছী আছিল প্ৰয়াত শৰৎ বৰকটকী। সোণাৰি সমষ্টিৰ পৰা বহুবাৰ কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ অহা শৰৎ বৰকটকী কেইবাটাও বিভাগৰ প্ৰাক্তন মন্ত্ৰী ও আছিল। সেইগৰাকী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকীয়ে আজীৱন কংগ্ৰেছী পিতৃৰ আদৰ্শক বিসৰ্জন দি লোকসভা নিৰ্বাচনৰ পূৰ্বে যোগ দিছিল বিজেপিত। কিন্তু এতিয়া দলটোত তেওঁৰ নাই কোনো পৰিচয়।

সেইদৰে প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ পুত্ৰ মানস বৰাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিলে যদিও এতিয়াও দলটোত কোনো ভাল পৰিচয় বিচাৰি পোৱা নাই। কংগ্ৰেছৰ কেইবাগৰাকীও যুৱ নেতাই বিজেপিত যোগদান কৰি এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। লক্ষণীয় বিষয় যে ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় কংগ্ৰেছত থাকি বিধায়ক, সাংসদ, সংসদীয় সচিব, প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পদবী লাভেৰে সমাজত পৰিচয় লাভ কৰা এইসকল প্ৰাক্তন কংগ্ৰেছীৰ এতিয়া ৰাজনৈতিক ভৱিষ্যত সংকটত। এইসকল নেতাই এতিয়া বিজেপিত দিগবিদিক হেৰুৱাই বলিয়া হোৱা দেখা গৈছে।



Post a Comment

0 Comments