গৌৰৱ গগৈক কাষত পায় কোকৰাঝাৰ বাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ।

গৌৰৱ গগৈক কাষত পায় কোকৰাঝাৰ বাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ। কোকৰাঝাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ পাছতে জনতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল।


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : কোকৰাঝাৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছযোগে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে জনতাৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ'ল। ৰে'লৱে ষ্টেচনত সৃষ্টি হ'ল বিৰ দি বাট নোপোৱা অৱস্থা। গৌৰৱ গগৈ জিন্দাবাদ, আই কোংগ্ৰেছ জিন্দাবাদ ধ্বনিত কোকৰাঝাৰৰ আকাশ বতাহ মুখৰিত হৈ পৰিল। 


গৌৰৱ গগৈ কোকৰাঝাৰত উপস্থিত হৈ কয় যে ইয়াত বিজেপিয়ে ঘনিষ্ঠ ৰাজনৈতিক সহযোগী আৰু কৰ্পৰেটক মাটি বিতৰণ কৰাৰ সমান্তৰালকৈ সাধাৰণ লোকক ভূমিৰ অধিকাৰত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। সমগ্ৰ কোকৰাঝাৰত তিনিদিনীয়া আউটৰিচ ভ্ৰমণত সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময়ত গগৈয়ে কয়, “ইয়াত মাটিয়েই ডাঙৰ বিষয়। সাধাৰণ মানুহে মাটিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে চৰকাৰৰ পৰা মাটি লাভ কৰিছে মামি, মামা, আৰু আদানীয়ে।”

কাৰ্যসূচী অনুসৰি আদানীক তিনিহেজাৰ বিঘা মাটি আৱণ্টন দিয়া স্থান বাশবাৰী পৰিভ্ৰমণ কৰি তাৰ থলুৱা ৰাইজক আশ্বাস প্ৰদান কৰে গৌৰৱ গগৈয়ে। ইয়াৰ পিছতে তুলসীবিলত এক বিশাল জনসভাতো অংশ লয় গৌৰৱ গগৈয়ে।


Post a Comment

0 Comments