উখল মাখল নীলাচল পাহাৰ দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ লগাইছে মা কামাখ্যাক দৰ্শন কৰিবলে। AMBUBACHI MAHAYOGA 2025
নীলাচলৰ বুকুত বিৰাজমান শক্তিৰ আৰাধ্যা দেৱী মা কামাখ্যা। মা কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মহাযোগক লৈ প্ৰগতিশীল বিহালীৰ এক বিশেষ প্ৰতিবেদন।
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ইতিহাস প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰত এতিয়া অম্বুবাচী মেলাৰ উখল-মাখল পৰিৱেশ । দেশ-বিদেশৰ সাধু-সন্নাসী আৰু ভক্ত-দৰ্শনাৰ্থীৰে মুখৰিত হৈ পৰিছে নীলাচল পাহাৰ । অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি আৰম্ভ হ'ব ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত । ২২ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনৰ পুৱা দেৱীৰ স্নান আৰু নিত্যপূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব ।
অম্বুবাচী মহাযোগৰ কেইদিনত শক্তিৰূপী মা কামাখ্যাৰ জপ-তপ আৰু আৰাধনা কৰাৰ বাবে নীলাচল পাহাৰত সমৱেত হৈছে দেশ-বিদেশৰ বহু সাধু-সন্নাসী । একপ্ৰকাৰ উদুলি-মুদুলি হৈ পৰিছে গুৱাহাটিৰ নীলাচল পাহাৰ । অন্যতম শক্তিপীঠ তথা দেৱীপীঠ হিচাপে বিশ্ব প্ৰসিদ্ধ এই মা কামাখ্যা মন্দিৰৰ মহাত্ম্যই যুগ যুগ ধৰি সকলোকে আকৰ্ষিত কৰি আহিছে।
সময়ৰ গতিত কামাখ্যা মন্দিৰৰ চৌপাশৰ ৰূপ সলনি হৈছে যদিও ইয়াৰ অধ্যাত্মিক স্বৰূপ আজিও অক্ষয় অৱস্থাত আছে । যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন ধৰণৰ চৰ্চাই প্ৰাধান্য লাভ কৰে যদিও আস্থা আৰু বিশ্বাসৰ প্ৰতীক হিচাপে আজিও মা কামাখ্যা মন্দিৰ সেই একেদৰেই অটল হৈ আছে ।
মা কামাখ্যা মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে সকলোকে মানসিক প্ৰশান্তি দিয়ে । নীলাচলৰ বুকুত প্ৰৱেশ কৰাৰ লগে লগেই সকলোৱে এক অনন্য মানসিক সন্তুষ্টি লাভ কৰে । কেৱল অম্বুবাচী মহাযোগ বুলিয়েই নহয় আন সকলো সময়তেই মা কামাখ্যা দৰ্শনৰ কাৰনে নীলাচল পাহাৰ ভক্তৰে মুখৰিত হৈ থাকে ।
বিশ্ব প্ৰসিদ্ধ মা কামাখ্যা মন্দিৰৰ কিছু কথা :
‘‘হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে এই কামাখ্যা মন্দিৰ । দেশৰ মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । ইয়াতেই মা ভগৱতী বিৰাজমান । মা কামাখ্যাৰ দশমাবিদ্যাৰো ৰূপ আছে । গৰ্ভগৃহত মা কামাখ্যা আৰু মহালক্ষ্মী আৰু মহাসৰস্বতী আছে ।’’
‘‘মা কামাখ্যাই সমগ্ৰ বিশ্ব-ব্ৰহ্মাণ্ড নিয়ন্ত্ৰণ কৰে । মাৰ মন্দিৰটো কোনো সাধাৰণ পৰিকল্পনাৰ নহয় । এইটো স্বয়ং মহাদেৱৰ পৰিকল্পনা । মন্দিৰৰ তলৰ ভাগখিনি বিশ্বকৰ্মা আৰু কামদেৱে বনাইছে । এইটো দেৱতাই বনোৱা মন্দিৰ । ভিতৰত অষ্টভৈৰৱ আছে । বাহিৰত চৌষষ্ঠী যোগিনী আছে, ওঠৰ ভৈৰৱ আছে আৰু নানান ধৰণৰ ক্ষোদিত মূৰ্তি আছে । ইয়াত কেৱল মনুষ্যই নহয় নানান দেৱ-দেৱীয়ে মাৰ সেৱা কৰিবলৈ আহে বুলি লোক বিস্বাশ আছে।
কামাখ্যা মন্দিৰ আৰু নৰকাসুৰ আখ্যান :
নৰকাসুৰ মা কামাখ্যা দেৱীৰ অগাধ ভক্ত আছিল। কিন্তু এটা সময়ত অহংকাৰী নৰকাসুৰৰ অত্যাচাৰ আৰম্ভ হয় । আখ্যান অনুসৰি এটা সময়ত নৰকাসুৰে দেৱী মা কামাখ্যাক বিয়া কৰাব খুজিছিল । দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যত নৰকাসুৰৰ মতিভ্ৰম হয় । নৰকাসুৰে দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়ায় । যিটো কোনো কাৰণতে সম্ভৱ নহয় আৰু সেই কথা দেৱীয়ে নৰকাসুৰক অৱগত কৰে । কিন্তু নৰকাসুৰ নাচোৰবান্দা আৰু আকোৰগুজ হৈ থকাত কামাখ্যা দেৱীয়ে নৰকাসুৰৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে।’’
‘‘দেৱীয়ে ক'লে যে নৰকাসুৰে যদি মন্দিৰৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে এক ৰাতিৰ ভিতৰত চাৰি দুৱাৰ আৰু এটা জিৰণি কোঠা বনাই দিয়ে তেন্তে দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ সাজু আছে। দেৱীয়ে ভাবিছিল নৰকাসুৰে এই কাম কোনো পৰিস্থিতিতে কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নৰকাসুৰে নিশা শেষ হোৱাৰ আগেয়ে নিৰ্মাণৰ কাম শেষ হোৱাৰ দিশে অগ্ৰসৰ হৈছিল।’’
‘‘পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভগৱান বিষ্ণুৱে চলনাৰে কুকুৰাৰ যোগেদি ডাক দিয়াই নিশাতেই পুৱা কৰে । নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিয়াত দেৱীয়ে নৰকাসুৰক ক'লে যে কুকুৰাই ডাক দিলে আৰু ৰাতি পুৱাল কথা মতে তুমি চৰ্ত পূৰণ কৰিব নোৱাৰিলা । দেৱীক বিয়া কৰোৱাৰ মানসেৰে নৰকাসুৰে নিৰ্মাণ কৰা চাৰিওটা শিলৰ খটখটিৰ পথ আজিও কামাখ্যা মন্দিৰত বিৰাজমান ।
.png)
অম্বুবাচী মহাযোগ ২০২৫
"অম্বুবাচী হৈছে এটা মহাযোগ । এটা জাগ্ৰতীক সময় । আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ যোৱাৰ পাছত আদ্ৰা নক্ষত্ৰই প্ৰথম চৰণত ভৰি দিয়াৰ সময়ত পৃথিৱী বা ধৰিত্ৰী ঋতুমতী হয় । এই সময়ত হিন্দুসকলে অম্বুবাচী পালন কৰে । এইখিনি সময়ত সাধনা তুংগত উঠে ।’’
‘‘এই মহাযোগ প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি-নীতি, শক্তিমূলক কাৰ্য-কলাপৰে উদযাপন কৰা হয় । এই সময়ত মাৰ আশীৰ্বাদ লৈ আমি আমাৰ নিজৰ অন্তৰ্নিৰ্হিত শক্তিক জগত কল্যানত ব্যৱহাৰ কৰিব লাগে । অম্বুবাচী শক্তি আহৰণ কৰাৰ সুন্দৰ সময় । সাধনা কৰি আমি এই শক্তি আহৰণ কৰিব পাৰো ।’’
‘‘অম্বুবাচীৰ জৰিয়তে পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি পাই আৰু যাৰ বাবে সেই কেইদিনত সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, মাটি খান্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহন বন্ধ ৰখা হয় । বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মীণসকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে । চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয়, এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত আৰু প্ৰয়োজনীয় ৰীতি-নীতিসমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয় ।"
কামাখ্যা মন্দিৰ্ক লৈ থকা অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা :
ৰহস্যৰে পৰিপূৰ্ণ শক্তিপীঠ মা কামাখ্যা মন্দিৰকলৈ সময়ে সময়ে বিভিন্ন বিতৰ্কিত বিষয় চৰ্চালৈ আহে । বহু অন্ধবিশ্বাস আৰু ভ্ৰান্ত ধাৰণা মানুহৰ মাজত প্ৰচাৰ হৈ আহিছে ।
"অম্বুবাচীৰ সময়ত প্ৰকৃতি ৰজস্বলা হয় । বহু সময়ত মানুহৰ মাজত ভ্ৰান্ত ধাৰণা থাকে যে অম্বুবাচীৰ সময়ত ব্ৰক্ষ্মপুত্ৰৰ পানী ৰঙা হৈ পৰে । সেইটো প্ৰকৃততে সত্য নহয় । আনহাতে বহু বিষয় আস্থা আৰু বিশ্বাসৰ লগত জড়িত। অম্বুবাচীৰ সময়ত আগতে মন্দিৰৰ দুৱাৰ নিজে বন্ধ হৈছিল আৰু নিজে খোল খাইছিল বুলি বহুতে কয় ।’’
‘‘অম্বুবাচী মেলাৰ সময়ত সকলো লোকেই সৎ উদ্দেশ্য লৈ আহে বুলি ক'ব নোৱাৰি । বহু লোকে অসৎ উদ্দেশ্য লৈ আহে । কামাখ্যা মন্দিৰত নৰ বলি দিয়াৰ কোনো ইতিহাস নাই । কামাখ্যা মন্দিৰত মতা ম'হ, ছাগলী, পাৰ, হাঁহ, কুঁহিয়াৰ আদি বলি দিয়া হয় । কামাখ্যা মন্দিৰত নাৰীক পূজা কৰা হয় । অম্বুবাচীৰ সময়ত মাক ৰঙা কাপোৰেৰে ঢাকি ৰখা হয় । নিবৃত্তি হোৱাৰ পাছত সেই ৰঙা কাপোৰক মহাপ্ৰসাদ আকাৰত ভক্তৰ বাবে উলিয়াই দিয়া হয়। ইয়াত পানী ৰঙা হৈ যোৱাৰ কথা নাই ।"
0 Comments