সাৱধান যি টি কাম নকৰিব ; আমেৰিকাই ইৰাণক আক্ৰমণ কৰা পিছত ডনাল্ড ট্ৰাম্পক ৰাছিয়াই দিলে সকিয়নী।

সাৱধান যি টি কাম নকৰিব ; আমেৰিকাই ইৰাণক আক্ৰমণ কৰা পিছত ডনাল্ড ট্ৰাম্পক ৰাছিয়াই দিলে সকিয়নী। মধ্য প্ৰাচ্যৰ যুদ্ধভূমিত এইবাৰ যেন প্ৰৱেশ কৰিব ৰাছিয়াই।


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : আমেৰিকাই ইৰাণৰ ওপৰত কৰা এয়াৰ ষ্ট্ৰাইকৰ পিছতে ইৰাণৰ সংকটকালত বন্ধুৰ কাষত সাহসেৰে থিয় দিছে ৰাছিয়াই। ৰাছিয়াৰ বিদেশ মন্ত্ৰীক সাক্ষাতৰ পাছতে পুটিনে আমেৰিকাক দিলে মুকলি সকিয়নী। দুনাই যাতে এনেদৰে ইৰাণৰ ওপৰত এয়াৰষ্ট্ৰাইক নচলাই, তাৰ বাবে সকীয়াই দিলে।

পুটিনে স্পষ্ট ৰূপত আমেৰিকাক সকিয়নী দি কয় যে, দুনাই এনে কাম আপোনালোকে নকৰিব। আৰু যদিহে কৰে তেন্তে ইয়াৰ পৰিণাম ভুগিবলৈ সাজু থাকক। 

উল্লেখ কৰা প্ৰয়োজন যে, ইৰাণৰ তিনিটাকৈ পৰমাণু ক্ষেপনাস্ত্ৰৰ ঘাটিত আক্ৰমণ চলাইছিল আমেৰিকাই। ইয়াৰ পিছতে মধ্য প্ৰাচ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইজৰাইলৰ সৈতে চলি থকা যুদ্ধত আমেৰিকাই প্ৰৱেশ কৰি প্ৰথমে আক্ৰমণ আৰু পিছত শান্তিৰ বাবে এনে কাম কৰা বুলি স্পষ্টীকৰণ দিছিল আমেৰিকাই। 

আমেৰিকাৰ এই কাৰ্যৰ পিছতে উভতি ধৰিছিল ইৰাণে। ইৰাণেও হুংকাৰ দিছিল যে, আমেৰিকাৰ এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। ইৰাণক ভয় দেখুৱাবলৈ আমেৰিকাৰ এয়া ব্যৰ্থ চেষ্টা বুলি অভিহিত কৰিছিল ইৰাণে। আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ ইৰাণে শেহতীয়াকৈ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ কাষ চাপিছিল। ৰাছিয়াইও এই সংকটকালত ইৰাণক দিছে সংগ।




Post a Comment

0 Comments