ক্ৰমাত দূৰত্ব বাঢ়িছে অখিল-গৌৰৱৰ ! অখিল গগৈৰ অবিহনেই গঠন হ’ব বিৰোধীৰ মিত্ৰজোঁট - GOURAV GOGOI VS AKHIL GOGOI

ক্ৰমাত দূৰত্ব বাঢ়িছে অখিল-গৌৰৱৰ ! অখিল গগৈৰ অবিহনেই গঠন হ’ব বিৰোধীৰ মিত্ৰজোঁট - AKHIL GOGOI VS GAURAV GOGOI , অখিল গগৈৰ অবিহনেই গঠন হ’ব বিৰোধীৰ মিত্ৰজোঁট ! ৰাজনৈতিক যোগাযোগ নাই অখিল-গৌৰৱৰ।


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক বাহিৰত ৰাখি শীঘ্ৰেই গঠন হ'ব নেকি ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি বিৰোধী মিত্ৰজোঁট ? কিয়নো গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ক্ৰমাত দূৰত্ব বাঢ়িছে অখিল গগৈ আৰু গৌৰৱ গগৈৰ ।

দূৰত্ব বাঢ়িছে ৰাইজৰ দল আৰু কংগ্ৰেছ দলৰ । সেয়ে ৰাজ্যজুৰি বিৰোধী ৰাজনীতিৰ এটি লাখটকীয়া চৰ্চাৰ বিষয় হৈ পৰিছে যে আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত অখিল গগৈৰ অবিহনেই গঠন হ’বলৈ গৈ আছে বিৰোধীৰ মিত্ৰজোঁট ৷

সঁচাকৈ অখিল গগৈ অবিহনেই গঠিত হ’ব নেকি বিৰোধীৰ মিত্ৰজোঁট ? অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত ক্ৰমবৰ্ধমান দূৰত্বই যেন তাৰেই ইংগিত বহন কৰিছে ৷

কেইবামাহো ধৰি পোনপটীয়া যোগাযোগ নাই অখিল আৰু গৌৰৱৰ :

“প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত গৌৰৱ গগৈৰ সৈতে মোৰ কোনো ৰাজনৈতিক কথা বতৰা হোৱা নাই । হাস্পতালত মোৰ মাৰ অসুখৰ খবৰ ল’বলৈ অহাৰ আগয়ে শেহতীয়াকৈ মোৰ লগত ফোনত কথা হৈছিল গৌৰৱ গগৈৰ ৷” - গৌৰৱ গগৈৰে সভাপতি হোৱাৰ পিছত অখিল গগৈৰ কোনো ধৰণৰ ৰাজনৈতিক কথা-বতৰা হোৱা নাই । এই কথা কেইদিনমান আগতে এইদৰে ৰাজহুৱাভাৱে সদৰী কৰিছে খোদ বিধায়ক অখিল গগৈয়ে ৷


এই কথাই স্পষ্ট কৰে যে গৌৰৱ গগৈ আৰু অখিল গগৈৰ মাজত বৰ্তমান নাই কোনো পোনপটীয়া যোগযোগ । লগতে এইটোও স্পষ্ট হয়, অখিল গগৈৰ নেতৃত্বধীন ৰাইজৰ দলক মিত্ৰতাৰ ক্ষেত্ৰত এতিয়াই মান্যতা দিব খোজা নাই গৌৰৱ গগৈয়ে ।

অখিল-গৌৰৱৰ শেহতীয়া সংঘাতৰ পিছত অখিল গগৈয়েও ইংগিত দিছে যে কংগ্ৰেছে নিবিচাৰিলে অকলেই নিৰ্বাচন খেলিবলৈ সাজু ৰাইজৰ দল । বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ৰে পৰা কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।

আনহাতে, ৰাজ্য কঁপোৱা এপিএছচি কেলেংকাৰীৰ অভিযুক্ত ৫২ গৰাকী ৰাজপত্ৰিত বিষয়াক গুৱাহাটী উচ্চ ন্যায়ালয়ে চাকৰি ঘূৰাই দিবলৈ দিয়া শেহতীয়া ৰায়দানৰ পিছত লাহে লাহে পৰিষ্কাৰ হৈ আহিছে অখিল-গৌৰৱৰ দূৰত্ব।

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতেই এপিএছচিৰ দৰে ভয়ংকৰ কেলেংকাৰী হৈছিল বুলি অখিল গগৈয়ে ৰাজহুৱা মন্তব্য কৰাৰ পিছতেই ৰাইজৰ দলৰ সৈতে মিত্ৰতা প্ৰসংগত মুখ খুলে গৌৰৱ গগৈয়ে । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে অখিল গগৈয়ে ৰাজহুৱা মন্তব্য কৰিছে, “ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিলে যিমান আসনত জয়ী হ’ব, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিলে তাতকৈ কম আসনতহে জয়ী হ’ব ।"

অখিল গগৈৰ এই মন্তব্যই স্পষ্ট কৰিছে যে ৰাইজৰ দলে প্ৰয়োজনত অকলেই নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে । অৱশ্যে অখিল গগৈয়ে এনে ৰাজনৈতিক মন্তব্যবোৰৰ মাজত কংগ্ৰেছলৈ বল ঠেলি দি সদায়েই কৈ আহিছে বিৰোধীয়ে একেলগে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’লেহে ২০১৬ত পৰাভূত কৰিব পাৰিব শক্তিশালী বিজেপিক ৷

মন কৰিবলগীয়া যে, অখিল গগৈৰ প্ৰসংগত কোকৰাঝাৰত কেইদিনমান পূৰ্বে গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল, ''অখিল গগৈ ডাঙৰীয়াই দিনত শুই উঠিয়েই কাক সমালোচনা কৰে, কাক গালি পাৰে কোনেও ক’ব নোৱাৰে । কাক প্ৰশংসা কৰিব কোনেও ক’ব নোৱাৰে । এদিন আমাক প্ৰশংসা কৰি মিত্ৰতা কৰিব বিচাৰিব ৷ আকৌ আন এদিন ক’ব কংগ্ৰেছ দলে আটাইতকৈ বেছি দুৰ্নীতি কৰিছে । আজি তেওঁ কি কয় ? আৰু এসপ্তাহৰ পিছত তেওঁ কি কয় ? কোনেও ক’ব নোৱাৰে ৷”

বিটিআৰত অখিল গগৈয়ে মিত্ৰতা বিচাৰিছে হয়, কিন্তু ''অখিল গগৈয়ে বাস্তৱত কি বিচাৰে মই নাজানো।''

অখিল গগৈৰ গৌৰৱ গগৈক প্ৰত্যাক্ৰমণ :

অখিল গগৈৰ প্ৰসংগত এতিয়ালৈ গৌৰৱ গগৈ যিদৰে নিজৰ স্থিতিত অটল, সেইদৰে গৌৰৱ গগৈ প্ৰসংগত নিজৰ স্থিতিত অটল অখিল গগৈও । সেয়ে সময়ে সময়ে অখিল গগৈয়ে জোলাঙাৰ পৰা বাণ নিক্ষেপ কৰি আহিছে গৌৰৱ গগৈৰ প্ৰতি।

গৌৰৱ গগৈয়ে কোকৰাঝাৰত অখিল গগৈক কৰা সমালোচনা আৰু কটাক্ষৰ পিছত গৌৰৱ গগৈক প্ৰত্যাক্ৰমণ অখিল গগৈৰ চাৰিদিন পূৰ্বে ধেমাজিত তেও মন্তব্য কৰিছিল, “যিদিনাৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হ’ল সিদিনাৰ পৰা ৰাইজৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে এটি বাক্যও কোৱা নাই । অকল ৰাইজৰ দল নহয় । সমগ্ৰ অসমৰ ৰাইজ ৰৈ আছে যে কংগ্ৰেছে নিজৰ দল শক্তিশালী কৰিৰ লগে লগে আন সকলো ৰাজনৈতিক দলৰ লগত ২০২৬ত বিজেপিক পৰাভূত কৰিবৰ বাবে বিৰোধী দলক ঐক্যবদ্ধ কৰিব লাগে। বিৰোধী ঐক্যবদ্ধ হ’ব ৰাইজৰ লগতে আমিও ৰৈ আছো । গৌৰৱ গগৈয়ে কোকৰাঝাৰত যিটো কথা ক’লে সেইটো কথাই কংগ্ৰেছে বিৰোধীৰ ঐক্যৰ ক্ষেত্ৰত তেওঁলোকে যে কথাটো চিৰিয়াছকৈ ভবা নাই সেইটোকে প্ৰমাণিত কৰিছে ৷”

গৌৰৱৰ বয়স কম আৰু অলপ মেচ্যুউৰ হ’ব লাগিব; ক’লে অখিল গগৈয়ে ?

এপিএছচি কেলেংকাৰীক অসমৰ ৰ্বৃহৎ কেলেংকাৰী আখ্যা দি অখিল গগৈয়ে কংগ্ৰেছৰ দিনত হোৱা বুলি মন্তব্য কৰিছিল । এই প্ৰসংগত অখিল গগৈয়ে গৌৰৱ গগৈক ৰাজনৈতিকভাৱে এতিয়াও পৰিপক্ক নোহোৱা বুলি মন্তব্য কৰে ৷

অখিল গগৈয়ৈ এই প্ৰসংগত মন্তব্য কৰিছিল, “কংগ্ৰেছৰ দিনত এপিএছচি কেলেংকাৰী হোৱা বুলি কওঁতে প্ৰসংগ ক্ৰমে গৌৰৱৰ দেউতাক মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম উল্লেখ কৰিছিলো । তাতে আবেগিক হৈছে গৌৰৱ গগৈ । গৌৰৱৰ বয়স কম আৰু অলপ মেচ্যুউৰ হ’ব লাগিব ৷ আগৰ যিবিলাক জনবিৰোধী কাম সেইবিলাকৰ বাবে মানুহে সমালোচনা কৰিবই । আগৰ কংগ্ৰেছৰ দিনৰ জনবিৰোধী বা দুৰ্নীতিক কোনোবাই সমালোচনা কৰে সেইটো কথাক যদি ব্যক্তিগতভাৱে গাত লগাই লয়, কোনোবাই বিৰোধী ঐক্য নকৰো বুলি কয় । এইটো এটা পৰিয়ালকেন্দ্ৰিক কথা হৈ পৰিব । এই সকলোবোৰ বাদ দি বিজেপিৰ বিৰুদ্ধে আমি এক হ’ব লাগে ।”

স্বাভাৱিকতেই এতিয়া এটা কথা স্পষ্ট হৈ পৰিছে যে বিৰোধী মিত্ৰতাৰ প্ৰক্ৰিয়াটোৰ চৰ্চাৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সীমাৰ ভিতৰলৈ সোমাব দিব খোজা নাই অখিল গগৈক। ৰাজনীতিত সকলো সম্ভাৱনাই সম্ভৱ যদিও ৰাইজৰ দলৰ নেতা অখিল গগৈৰ প্ৰসংগত গৌৰৱ গগৈৰ স্থিতিয়ে আজিৰ তাৰিখত অসমত এনে এখন বিজেপি বিৰোধী ঐক্যমঞ্চৰ কথা দাঙি ধৰে য’ত কোনহ স্থান নাই অখিল গগৈৰ । অৰ্থাৎ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ মিত্ৰজোঁটত ৰাইজৰ স্থান নথকাৰ সম্ভাৱনাই অধিক। এক কথাত আজিৰ দিনৰ প্ৰতিচ্ছবিখন হ’ল- অখিল গগৈ অবিহনেই গঠিত হোৱাৰ পথত বিৰোধীৰ প্ৰস্তাৱিত মিত্ৰজোঁট। গতিকে গৌৰৱ গগৈৰ এনে ৰণকৌশল ২৬ৰ নিৰ্বাচনত কিমান দূৰ ফলপ্ৰসু হব সেয়া সময়ত দেখা যাৱ।




Post a Comment

0 Comments