দলবদ্ধ ধৰ্ষণ; দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ গণধৰ্ষণৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ- KASBA LAW STUDENT GANGRAPE CASE , কসবাত আইনৰ ছাত্রীক গণধৰ্ষণৰ ঘটনাত কলেজখনৰ নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ইয়াকে লৈ এই ঘটনাত চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷
.png)
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : পশ্চিমবংগৰ কসবাত আইন মহাবিদ্যালয়ত গণধৰ্ষণৰ ঘটনাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কলেজখনৰ এজন নিৰাপত্তাৰক্ষীক ৷ ধৃত জনৰ নাম পিনাকী বেনাৰ্জী । ইয়াৰ পূৰ্বে শুকুৰবাৰৰ পৰা তেওঁক সোধা-পোছা কৰা হৈছিল ৷ ইয়াৰ পিছত শনিবাৰেও তেওঁক তদন্তকাৰীয়ে কেইবাটাও পৰ্যায়ত সোধা-পোছা কৰে । থানালৈ নি তেওঁৰ ভাষ্যও ৰেকৰ্ড কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতেই তেওঁৰ ভাষ্যত বিসঙ্গতি পোৱাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷
লালবাজাৰৰ সূত্ৰ মতে, অভিযোগনামাত কলেজখনৰ এজন নিৰাপত্তাৰক্ষীৰ নাম উল্লেখ কৰে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে। তেওঁৰ অভিযোগ, নিৰাপত্তাৰক্ষীজনক ভয় দেখুৱাই গাৰ্ড ৰুমৰ পৰা বাহিৰ কৰি দিছিল অভিযুক্তসকলে। উক্ত নিৰাপত্তাৰক্ষীজনকে সোধা-পোছাৰ পিছত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ৷
আনহাতে, চোৰাংচোৱাৰ প্ৰশ্ন, যদি নিৰাপত্তাৰক্ষীজনক অভিযুক্তই বাহিৰ কৰি দিছিল, তেন্তে তেওঁ ফোন কৰি কাকো মতা নাছিল কিয় ? ঘটনা সংঘটিত হোৱাৰ পিছতো কিয় তেওঁ তাতেই আছিল ? সমগ্ৰ ঘটনাক্ৰমৰ মাজত কিবা অপৰাধমূলক ষড়যন্ত্ৰ লুকাই আছে নেকি সেই বিষয়বোৰো তদন্তকাৰীয়ে তদন্ত কৰিছে।
নিৰাপত্তাৰক্ষীজনৰ গ্ৰেপ্তাৰৰ কথা জনাইছে কলকাতা আৰক্ষীৰ চোৰাংচোৱা প্ৰধান ৰূপেশ কুমাৰে । তদন্তকাৰীৰ দাবী, সমগ্ৰ বিষয়টো গাপ দিবৰ চেষ্টা কৰিছিল নিৰাপত্তাৰক্ষীজনে । ঘটনাৰ দিনা তেওঁৰ কি ভূমিকা আছিল তাক লৈও সংশয় আছিল তদন্তকাৰীৰ । তাৰ পিছতেই তেওঁক সোধা-পোছা আৰম্ভ কৰা হয় ৷
উল্লেখ্য যে, যোৱা ২৫ জুনত কসবাৰ আইন মহাবিদ্যালয়ৰ গাৰ্ড ৰুমত এগৰাকী ছাত্ৰীক গণধৰ্ষণৰ অভিযোগত ইতিমধ্যে মূল অভিযুক্তসহ তিনিজনক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে কলকাতা আৰক্ষীয়ে । শনিবাৰে নিৰাপত্তাৰক্ষীজনক গ্ৰেপ্তাৰ কৰাৰ পিছত ইয়াকে লৈ এই ঘটনাত মুঠ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
আনহাতে, এই ঘটনাত ইতিমধ্যে ঘটনাস্থলীৰ পৰা বহুখিনি নমুনা সংগ্ৰহ কৰিছে ফৰেনছিক বিশেষজ্ঞই। উক্ত নমুনাৰ প্ৰতিবেদন হাতত পৰাৰ পাছতেই তদন্তই অধিক গতি লাভ কৰিব আৰু দোষীৰ সন্ধান পোৱাত সুবিধা হ'ব বুলি তদন্তকাৰী বিষয়াসকলে জনাইছে ৷
ইফালে শুকুৰবাৰে নিশা ফৰেনছিক বিশেষজ্ঞৰ লগতে নগৰপালক মনোজ কুমাৰ বার্মাসহ কলকাতা আৰক্ষিৰ উচ্চ পদস্থ বিষয়াসকলে ঘটনাস্থলী পৰিদর্শনৰ বাবে দক্ষিণ কলকাতাৰ আইন মহাবিদ্যালয়খনত উপস্থিত হয় ৷ সম্পূৰ্ণ বিষয়টো তন্নতন্নভাৱে তদাৰক কৰে আৰক্ষী বিষয়াসকলে ।
জানিব পৰা মতে, নিৰ্যাতিতা আৰক্ষীক দিয়া ভাষ্যৰ ওপৰত ভিত্তি কৰি সংশ্লিষ্ট কলেজখনত প্ৰথমে ইউনিয়ন ৰুম আৰু পিছত শৌচালয় আৰু নিৰাপত্তাৰক্ষীসকলৰ কোঠাৰ পৰা তদন্তকাৰীয়ে নমুনা সংগ্ৰহ কৰে। অৱশ্যে এই বিষয়ত মনোজ কুমাৰ বাৰ্মাই বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে।
0 Comments