ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই, কিন্তু নুখুজিলে ক্ষমা !

ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই, কিন্তু নুখুজিলে ক্ষমা ! সাংবাদিকক অপমান প্ৰসংগলৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সংবাদমেলত সাংবাদিকক অপমান কৰা প্ৰসংগক লৈ সামাজিক মাধ্যমযোগে এইদৰে কলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ‘‘মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল’’ 


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : সাংবাদিকক অপমান প্ৰসংগলৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সংবাদমেলত সাংবাদিকক অপমান কৰা প্ৰসংগক লৈ সামাজিক মাধ্যমযোগে নিজৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। সাংবাদিকক কৰা অপমানসূচক মন্তব্যত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কিন্তু লক্ষণীয়ভাৱে সাংবাদিকক অপমানজনক মন্তব্যক লৈ ক্ষমা নুখুজি কেৱল দুখ প্ৰকাশ কৰা হে দেখা গ'ল মন্ত্ৰীগৰাকীক।

‘‘সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।"

ইচ্ছাকৃত ভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰবাবে মই সঁচাকৈয়ে দুঃখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ, মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাবে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন (বা একপ্ৰকাৰৰ জেৰা)-ত অতীষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক’ব নালাগিছল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল’’ আপোনালোকে মোক ভূল নুবুজিব।

উল্লেখনীয় ভাবে তেওৰ সামাজিক মাধ্যমৰ পষ্ট টোত কোনোধৰণৰ ক্ষমা খোজা পৰিলক্ষিত নহল।


লগতে পঢ়ক -

ক্ৰমাত দূৰত্ব বাঢ়িছে অখিল-গৌৰৱৰ ! অখিল গগৈৰ অবিহনেই গঠন হ’ব বিৰোধীৰ মিত্ৰজোঁট - GOURAV GOGOI VS AKHIL GOGOI

দলবদ্ধ ধৰ্ষণ; দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ গণধৰ্ষণৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ - KASBA LAW STUDENT GANGRAPE CASE

বৈভৱ সূৰ্যবংশীৰ বেটিং ধুমুহাত তচনচ ইংলেণ্ড ক্ৰীকেট দল।

 

Post a Comment

0 Comments