প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈয়ে বিগত এমাহে কি কৰিলে, কি কৰিব বাকী আছে - PRESIDENT GAURAV GOGOI , প্ৰগতিশীল বিহালীৰ বিশেষ প্ৰতিবেদন।
.png)
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : সাংসদ গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ আজি এমাহ পাৰ হ'ল । মে' মাহৰ ২৬ তাৰিখে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল যোৰহাটৰ সাংসদ গৌৰৱ গগৈক । এমাহ হোৱা উপলক্ষ্যত যোৱাকালি গুৱাহাটীৰ ৰাজীৱ ভৱনত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে ।
তেওঁ কয়, "বিগত এমাহত আমাৰ কাম-কাজ ৰাইজে কেনে পাইছে আমি নাজানো । আমি আশা কৰিব পাৰো যে কংগ্ৰেছ দলৰ কামখিনি ৰাইজে গ্ৰহণ কৰিব পাৰিছে । বিগত এমাহত অসমৰ ৰাইজে আমাৰ ওপৰত যি আশা আৰু মৰম কৰিছে তাৰ বাবে আমি অসমৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো ।"
"বিগত এমাহত আমি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত জোৰ দিছো। আমি বৰাক ভেলীৰ বান প্ৰভাৱিত লোকক সাক্ষাৎ কৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈছিলো। বৰাকত আমি দেখিলো যে ছিণ্ডিকেটৰ ট্ৰাকবোৰৰ বাবে দলঙসমূহৰ যঠেষ্ট ক্ষতিসাধন হৈছে। বৰাকত উন্নয়নৰ বিপৰীতে ছুপাৰী, তেল, শিল আদিৰ ছিণ্ডিকেট চলি থকাৰ প্ৰমাণ আমি পাইছো বুলি সাংসদ গগৈয়ে কয়।"
উজনি অসমৰ প্ৰসংগত তেওঁ কয় যে, "উজনি অসমৰ শিৱসাগৰত অ' এন জি চিৰ পাইপ লাইনৰ ব্ল' আউট হোৱা স্থানত আমি গৈছিলো । তাত আমি দেখিলো যে স্থানীয় এটা পেট্ৰল কোম্পানীক গোটেই কামটো দিয়া হৈছিল আৰু যাৰ ট্ৰেক ৰেকৰ্ড ভাল নাছিল, যাৰ ফলত স্থানীয় ৰাইজে জীয়াতু ভূগিব লগীয়া হৈছে।"
"'অ এন জি চিয়ে কিয় সেই কোম্পানীটোক ভৰসা কৰি কামটো দিলে আজিলৈকে আমি গম পোৱা নাই । মোৰ সন্দেহ হয় তেওঁলোকে গোটেই কথাখিনি লুকুৱাব বিচাৰিছে। কথা হৈছে যে কাৰ হেঁচাত সেই কোম্পানীটোৱে কামটো পালে।"
তেওঁ লগতে কয়, "আমি প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকসকলক অসমৰ বিভিন্ন জিলাত পঠাই বহু গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে গম পাইছো। বহুক্ষেত্ৰত কৰ্মীসকলৰ মাজত যথেষ্ট সাহস আছে। কিন্তু সাংগঠনিক ক্ষেত্ৰত আৰু বহুত কৰিবলগীয়া আছে । যোৱা পঞ্চায়ত নিৰ্বাচন আমাৰ পক্ষত নাছিল। যাৰ বাবে এতিয়াও সাংগঠনিক ভাৱে বহুত কাম কৰিবলগীয়া আছে।"
বি টি আৰৰ প্ৰসংগত তেওঁ কয়, "আমি বি টি আৰ অঞ্চলত সুমাবলৈ সক্ষম হৈছো । দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে । আজিৰ তাৰিখত বড়ো নেতৃত্বক কেনেদৰে হিমন্ত বিশ্ব শৰ্মাই আঠু কাঢ়িবলৈ বাধ্য কৰাইছে । অগপৰ দৰে দুৰ্বল স্থিতি ইউ পি পি এল আৰু বি পি এফক কৰিবলৈ বিচাৰিছে। আজিৰ তাৰিখত বি টি আৰৰ প্ৰতিখন আসনৰ বাবে আমাৰ মানুহ সাজু আছে।"
তেওঁ লগতে কয়, "আজি আমি যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা সম্বোধন কৰিছো । মই যুৱ কংগ্ৰেছক এটা প্ৰত্যাহ্বান দিছো যে নতুন কমিটীত যুৱতীক অধিক স্থান দিব পাৰিলে মই ভালপাম। আমি প্ৰদেশ কংগ্ৰেছত ও মহিলাক অধিক স্থান দিবলৈ গৈ আছো।"
উল্লেখ্য যে গৌৰৱ গগৈয়ে প্ৰদেশ কমিটিৰ দায়িত্ব লোৱাৰ পিছত অসমৰ তৃনমূল পৰ্যায়াৰ কৰ্মী সকলৰ মাজত কিছু আশাৰ ৰেঙণী দেখিব পোৱা গৈছে।
0 Comments