কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চলাব উচ্ছেদ - ATAL BIHARI VAJPAYEE BHAWAN

কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত চলাব উচ্ছেদ - ATAL BIHARI VAJPAYEE BHAWAN

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : বিজেপিৰ বশিষ্ঠস্থিত বিশাল বিলাসী প্ৰাসাদোপম ৰাজ্যিক কাৰ্যালয়তো চলিব উচ্ছেদ ! অটল বিহাৰী বাজপেয়ী ভৱনত কেতিয়া এই উচ্ছেদ চলিব দিন-বাৰ ঠিক হোৱা নাই। মাথো এতিয়া পৰিকল্পনাহে চলিছে, সপোন হে দেখিছে। কোনে বাৰু বুলড'জাৰ চলাই ভাঙিব বিজেপিৰ ৰাজ্য়িক কাৰ্যালয়টো জানেনে ?

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে উচ্ছেদ চলাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰাৰ সময়তে কংগ্ৰেছ নেতাই দিলে হুংকাৰ। অসমত শাসনলৈ আহিলেই কংগ্ৰেছে ভাঙি পেলাব বোলে বিজেপিৰ বশিষ্ঠস্থিত বিশাল বিলাসী ৰাজ্যিক কাৰ্যালয়টো। এই কথা দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ ৰিতম সিঙে। ৰিতম সিঙৰ মতে, বশিষ্ঠস্থিত বিজেপিৰ এই বিশাল অত্যাধুনিক অট্টালিকাটোৰ মাটিখিনি চৰকাৰী, এইখিনি মাটি অবৈধভাৱে বিজেপিৰ নামলৈ হস্তান্তৰ কৰা হৈছিল। গতিকে এই কামৰ ফল বিজেপিয়ে সময়ত ভোগ কৰিব।

উল্লেখ্য যে অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি ইতিমধ্যে একাধিকবাৰ গ্ৰেপ্তাৰ হৈ জে’ল হাজোতলৈয়ো যাবলগীয়া হৈছে কংগ্ৰেছৰ এইগৰাকী যুৱনেতা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে চলোৱা বিশাল উচ্ছেদ প্ৰসংগত চৰকাৰক সমালোচনা কৰি হুংকাৰ দিছে যে যেনেকৈ কঠিয়া বুৱাইছা, তেনেকৈ ধান পাব বিজেপিয়ে।

সামাজিক মাধ্যম X ৰ যোগে কংগ্ৰেছ নেতাৰ হুংকাক :

শনিবাৰে ৰিতম সিঙে সামাজিক মাধ্যম X ৰ যোগে মন্তব্য কৰে, “ইনশাল্লাহ এদিন ! আজি বুলড’জাৰৰ কাৰ্যকলাপ উৎসৱ কৰাসকলে এইটো পাহৰিব নালাগে যে গুৱাহাটীত তেওঁলোকৰ মুখ্য কাৰ্যালয় ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ চৰকাৰী মাটিত নিৰ্মাণ কৰা হৈছে, যিখিনি মাটি বশিষ্ঠ নৈৰ কাষত অবৈধভাৱে তেওঁলোকৰ নামলৈ হস্তান্তৰ কৰা হৈছিল। যেনেকৈ কঠিয়া বুৱাইছা, তেনেকৈ ধান পাবা। এয়া কংগ্ৰেছৰ অসমৰ ৰাইজৰ প্ৰতি দৃঢ় সংকল্প। সকলো মনত থাকিব। প্ৰতিটো কামৰ প্ৰতিফল পোৱা যাব !”
ৰাজ্যজুৰি চৰকাৰী আৰু বনভূমিত বৃহৎ উচ্ছেদৰ বাবে বিজেপি চৰকাৰে পৃষ্ঠপোষকতা কৰাৰ সময়তে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছ চৰকাৰ আহিলে বিজেপিৰ এই আভিজাত কাৰ্যালয়টোৱেও অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে।


Post a Comment

0 Comments