ঐতিহাসিক ৰংঘৰৰ ঐতিহ্যত চূড়ান্ত অপমান ! বিদেশী সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ হ'ল ৰংঘৰৰ ফটো।

ঐতিহাসিক ৰংঘৰৰ ঐতিহ্যত চূড়ান্ত অপমান ! বিদেশী সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ হ'ল ৰংঘৰৰ ফটো।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক ; ঐতিহাসিক ৰংঘৰৰ অস্তিত্ব কৃত্ৰিম বানে বিপন্ন কৰিব বিচৰাকলৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ ৰংঘৰৰ ঐতিহ্যত চূড়ান্ত কুঠাৰাঘাট কৰিব খুজিছে এটা বিদেশী সুৰা কোম্পানীয়ে। All Seasons Whiskey নামৰ এটা বিদেশী সুৰা কোম্পানীটোৱে বিজ্ঞাপনত ৰংঘৰৰ ফটো ব্যৱহাৰ কৰাক লৈ এতিয়া সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি হৈছে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা পাৰ্থ গগৈয়ে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ক্ষোভেৰে কয় যে, এয়া এক নোহোৱা নোপজা ঘটনা। কোনো এজন স্বভিমানী অসমীয়াই এনে কথা মানি ল’ব নোৱাৰে। অনতিপলমে কোম্পানীটোৱে যদি সুৰাৰ বিজ্ঞাপনৰ পৰা ৰংঘৰৰ ফটো আঁতৰাই নেপেলাই তেন্তে নিজাববীয়াকৈ আটাছুৱে গোচৰ তৰিব বুলি সঁকিয়নী প্ৰদান কৰে।

আনহাতে আহোম সেনাৰ নেতা আয়ুস ৰঞ্জন গগৈয়ে ক্ষোভেৰে কয় যে, যি সময়ত ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে দাবী উত্থাপন হৈ আহিছে তেনে সময়তে সুৰা কোম্পানীটোৱে ৰংঘৰক সুৰাৰ সৈতে একাকাৰ কৰি পেলাইছে। কাৰ অনুমতি লৈ এনে কাম কৰিছে বুলি আহোম সেনাৰ নেতা গৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে। 

 যি দৰে সুৰাই এটা পৰিয়াল ধ্বংস কৰে থিক এইবাৰ অসমৰ ঐতিহাসিক সম্পদ ধ্বংস কৰিবলৈ ওলাইছে। শীঘ্ৰই সুৰা কোম্পানীটোৱে ভুল স্বীকাৰ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে আহোম সেনাৰ নেতাজনে।



Post a Comment

0 Comments