নিজ কন্যাক গুলিয়াই হত্যা ! টেনিছ খেলুৱৈ ৰাধিকা যাদৱ হত্যাকাণ্ডত ঘাতক পিতৃৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ! কেনেকৈ হত্যা কৰিছিল কন্যাক? জেৰাত ক’লে সকলো।

নিজ কন্যাক গুলিয়াই হত্যা ! টেনিছ খেলুৱৈ ৰাধিকা যাদৱ হত্যাকাণ্ডত ঘাতক পিতৃৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি ! কেনেকৈ হত্যা কৰিছিল কন্যাক? জেৰাত ক’লে সকলো।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৰাধিকা যাদৱৰ হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। গুৰুগ্ৰাম আৰক্ষীৰ সন্মুখত ইতিমধ্যে নিজৰ অপৰাধ স্বীকাৰ কৰিছে ৰাধিকা যাদৱৰ পিতৃ দীপক যাদৱে। দীপকে কয় যে তেওঁৰ কন্যা ৰাধিকাই টেনিছ একাডেমী খোলাক লৈ তেওঁৰ খং উঠিছিল। সেয়েহে, তেওঁ বহুবাৰ কন্যা ৰাধিকাক একাডেমী বন্ধ কৰাবৰ বাবে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু ৰাধিকাই নুশুনিলে। আচলতে টেনিছ মেচৰ সময়ত কান্ধত আঘাত পোৱাৰ বাবেই খেলিব নোৱাৰা হৈছিল আৰু পৰবৰ্তি সময়ত নিজাকৈ ৰাধিকাই টেনিছ একাডেমী খুলিছিল। দীপকৰ মতে, মানুহে তেওঁক কন্যাৰ উপাৰ্জনেৰে খাই থকা বুলি ঠাট্টা-মস্কৰা কৰিছিল। এই কথাত হতাশ হৈ দীপক যাদৱে নিজৰ টেনিছ খেলুৱৈ কন্যা ৰাধিকা যাদৱক তিনিটা গুলীৰে গুলীয়াই হত্যা কৰে।

কেনেকৈ হত্যা কৰিছিল ৰধিকাক ? ? ?

প্ৰথম মহলাত পৰিয়ালৰ সৈতে বাস কৰিছিল দীপকে। ঘটনাৰ সময়ত মাত্ৰ ৩ জন লোক উপস্থিত আছিল ঘৰত, দীপক, কন্যা ৰাধিকা আৰু তেওঁৰ পত্নী মঞ্জু যাদৱ। পুত্ৰই ঘৰৰ পৰা ওলাই গৈছিল প্ৰপাৰ্টি ডিলাৰৰ দোকানলৈ। বন্দুকৰ গুলীৰ শব্দ শুনি দীপকৰ ভায়েক আৰু তেওঁৰ পুত্ৰ লগে লগে সেই স্থানত উপস্থিত হয় যদিও, তেওঁলোকে দেখিলে যে পাকঘৰত ৰাধিকা তেজেৰে লুটুৰি-পুতুৰি হৈ পৰি আছে, আনহাতে ঘটনাত ব্যৱহৃত ৰিভলভাৰটো আছিল কোঠাটোৰ টেবুলখনত, য’ত মাত্ৰ এটা সজীৱ কাৰ্টিজ আছিল।

বৃহস্পতিবাৰৰ পুৱা ১০:৩০ বজাৰ ঘটনা। পাকঘৰত ৰন্ধা-বঢ়াত ব্যস্ত আছিল ৰাধিকা। পিছফালৰ পৰা আহি পিতৃয়ে ৰাধিকাক লক্ষ্য কৰি এটাৰ পিছত আনটোকৈ চলালে তিনি জাঁইকৈ গুলী। ৰাধিকা গুলীবিদ্ধ হৈ মজিয়াত বাগৰি পৰাৰ পিছতো ক্ষান্ত নহ'ল পিতৃ। তাৰপিছতো পুনৰ চলালে দুটাকৈ গুলী। মুঠতে ৫টাকৈ গুলীয়ে ভেদি গ'ল ৰাধিকাৰ শৰীৰ। এজাহাৰৰ পৃষ্ঠাই পৃষ্ঠাই হাৰিয়ানাৰ গুৰুগ্ৰামৰ যুৱ টেনিছ খেলুৱৈ ৰাধিকা যাদৱ হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা। ইয়াতেই শেষ নহয়, এই হত্যাকাণ্ডত ফুটি উঠিছে ৰাধিকাৰ পিতৃ দীপক যাদৱৰ মাজত থকা তীব্ৰ পুৰুষতান্ত্ৰিক মনোভাৱ আৰু কন্যা ৰাধিকাৰ প্ৰতি থকা চৰম ঘৃণা।


আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ কাৰণ ধনৰ অভাৱ নাছিল। দীপকে প্ৰতিমাহে প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰি আছিল আৰু তেওঁৰ কোনো আৰ্থিক সমস্যা নাছিল। সূত্ৰ অনুসৰি, শেহতীয়াকৈ গাঁওখনৰ একাংশ লোকে দীপকক কৈছিল যে আপুনিতো এতিয়া খুব আনন্দ কৰি আছে, কন্যায়ো উপাৰ্জন কৰি আছে। এই কথাত দীপকৰ খুব খং উঠিছিল। পত্নীক কৈছিল, ৰাধিকাক একাডেমী চলোৱা বন্ধ কৰিবলৈ কোৱা। কিন্তু ৰাধিকাই স্পষ্টভাৱে একাডেমী বন্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে অভিযুক্ত পিতৃ ক্ষুব্ধ হৈ পৰিছিল আৰো নিজ হাতেৰে গুলিয়াই নিজ কন্যাক হত্যা কৰিছিল। বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

এজাহাৰত খুড়াকে উল্লেখ কৰা অনুসৰি, কালি বন্দুকৰ গুলী শুনাৰ লগে লগে ৰাধিকাহঁতৰ ঘৰৰ প্ৰথম মহলাত থকা খুড়াক ওপৰলৈ দৌৰি আহে। ওপৰত গৈ তেওঁ দেখে যে ৰাধিকা পাকঘৰৰ মজিয়াৰ মাজতেই ঢলি পৰি আছিল। তেজেৰে ৰাঙলী গোটেই পাকঘৰ। ৰাধিকাক তেনে অৱস্থাত দেখি খুড়াকে ততাতয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৰাধিকাক।


 


Post a Comment

0 Comments