বিহালী-নাচবৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন।

বিহালী-নাচবৰত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন, যাদৱ ৰয় নামৰ লোকজনে চাইকেলেৰে নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে লখিমপুৰৰ পৰা তেজপুৰ অভিমূখী পংকজ নামৰ আল্ট্ৰা যাত্ৰীবাহী বাছ খনে তেওঁক মহতিয়াই নিয়ে।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক,বিহালী :  বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত নাচবৰ এলেকাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে, লখিমপুৰৰ পৰা তেজপুৰ অভিমূখী AS 07 BC 7726 নম্বৰৰ আল্ট্ৰা যাত্ৰীবাহী বাছ খনে এগৰাকী চাইকেল আৰোহীক মহতিয়াই নিয়ে। 

জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ৯ বজাত যাদৱ ৰয় নামৰ লোকজনে চাইকেলেৰে নাচবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ডিভাইডাৰ মাজেৰে অতিক্ৰম কৰাৰ সময়তে লখিমপুৰৰ পৰা তেজপুৰ অভিমূখী পংকজ নামৰ আল্ট্ৰা যাত্ৰীবাহী বাছ খনে তেওঁক মহতিয়াই নিয়াৰ ফলত যাদৱ ৰয় থিতাতে নিহত হয় ৷

ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে ৷ ইফালে পথ দুৰ্ঘটনা সংঘটিত কৰি পংকজ নামৰ আল্ট্ৰা যাত্ৰীবাহী বাছখনৰ চালকজন বিহালী থানাত হাজিৰ হয়।




Post a Comment

0 Comments