অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বন্দুক দিয়াতকৈ যদি অসমৰ মানুহৰ পথাৰত পানী দিলেহেঁতেন আৰু ক্ষুদ্ৰ চাহ বাগিচাবিলাকতো যদি পানী দিলে হয়, তেতিয়া অসমীয়া মানুহৰ বেছি উন্নতি হ’ল হয় ৷” - অখিল গগৈ

অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বন্দুক দিয়াতকৈ যদি অসমৰ মানুহৰ পথাৰত পানী দিলেহেঁতেন আৰু ক্ষুদ্ৰ চাহ বাগিচাবিলাকতো যদি পানী দিলে হয়, তেতিয়া অসমীয়া মানুহৰ বেছি উন্নতি হ’ল হয় ৷” - অখিল গগৈ

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ দুৰৱস্থাক লৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ তৎপৰ হোৱা দেখা গৈছে। যোৱা কালি কাজিৰঙাৰ এখন সংবাদ মেলত তেও কয়, "বৰষুণৰ পৰিমাণ কমি অহাৰ বাবে উজনি অসমত চাহপাতৰ উৎপাদন কম হৈছে। আনফালে সমান্তৰালকৈ হ্ৰাস পাইছে কেচা পাতৰ মূল্য। এফালে পাতৰ প্ৰডাকচন কম, আকৌ আনফালে কমিছে কেচা চাহপাতৰ মূল্য। এয়া কোম্পানীৰ নিউ পলিচি।"

অখিল গগৈয়ে লগতে কয় যে, উজনি অসমৰ বহু ঠাইত এক কেজি কেঁচা চাহপাতৰ মূল্য সম্প্ৰতি মাত্ৰ ১৫ৰ পৰা ১৮ টকা। যিহেতু উৎপাদন্ কমিছে সেয়ে এনে সময়ত এক কেজি কেঁচাপাতৰ মূল্য অতি কমেও ৪০ৰ পৰা ৪৫ টকা হ'ব লাগে উল্লেখ কৰে। কোম্পানীবিলাকে যে লুণ্ঠন চলাই আছে এই ক্ষেত্ৰত খিলঞ্জীয়া, ভূমিপুত্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাক লৈ চৰকাৰে কেতিয়াও নাভাবে। তেওঁলোক কোম্পানীৰ পুজিপতিৰ পক্ষৰ চৰকাৰ।"

লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক ব্যাপক ৰূপত কোম্পানী, ফেক্টৰী আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ আহ্বান জনাই আৰু এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।


লগতে পঢ়ক - 



Post a Comment

0 Comments