ডিব্ৰুগড়ত ব্যৱসায়ী উত্তম গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ড, কি হৈছিল সেই অভিশপ্ত নিশা ? কোনে মাজ নিশা ফোন কৰি মাতি আনিছিল ঘাতকক ? উত্তম গগৈৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰ ৪ জনৰ ভিতৰত আছে নিজ পত্নী আৰু কন্যা !
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : উত্তম গগৈৰ হত্যাত জড়িত আছে তৃতীয় পক্ষ ঘাতক পত্নীৰ প্ৰেমিকৰ ওপৰত সন্দেহ চুবুৰীয়াৰ BCPLৰ এগৰাকী অভিযন্তাৰে পত্নীৰ প্ৰেমৰ সম্পৰ্ক পিতৃৰ হত্যাত জড়িত ১৪ বছৰীয়া কন্যা কন্যাৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই স্পষ্ট হোৱা নাই উত্তম গগৈৰ হত্যাকাণ্ডৰ ম’টিভ উত্তম গগৈক হত্যাৰ পৰিকল্পনা পত্নী-কন্যাৰ ২৩ জুলাইৰ নিশা কোনোমতে সাৰি গৈছিল উত্তম গগৈ ২৫ জুলাইত অত্যধিক সুৰাপান কৰিছিল উত্তম গগৈয়ে তাৰেই সুযোগ ল’লে পত্নী-কন্যাই মাজ নিশা দীপজ্যোতি বুঢ়াগোহাঁইলৈ কন্যাৰ ফোন পুৱতি নিশা ২ বজাত ঘটনাস্থলীত প্ৰৱেশ ২ ঘাতকৰ। পুত্ৰৰ সৈতে উত্তমৰ কাষৰ বিচনাত শুই আছিল পত্নী আঁঠুৱা দাঙি দেউতাকৰ হত্যাত সহায়ো কৰিলে কন্যাই নিশা ৩ বজাত পুত্ৰ-কন্যাক লৈ মাকৰ ঘৰ পালেগৈ পত্নী।
উত্তম গগৈৰ নৃশংস হত্যাক লৈ পত্নী কন্যাসহ চাৰিজনক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাছতে পাছতে সমগ্ৰ ঘটনাটোৱে ৰাজ্যত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।
এই ঘটনা পোহৰলৈ অহাৰ পাছতে হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনাক লৈ তদন্ত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে। আজি (মঙলবাৰ) বৰবৰুৱা আৰক্ষীয়ে ব্যৱসায়ী উত্তম গগৈ ওৰফে ছেং কাইৰ হত্যাকাণ্ডত ব্যৱহৃত লোহৰ পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৰবৰুৱাৰ পাত্ৰ গাঁৱৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা পাইপ ।
বৰবৰুৱা আৰক্ষীয়ে হত্যাকাৰী দ্বীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ SDRF আৰু DMCৰ সহায়ত অভিযান চলাইছিল। হত্যাকাণ্ড সংঘটিত কৰি দুই হত্যাকাৰীয়ে এই নলাত পেলাই দিছিল হত্যাকাণ্ডত ব্যৱহৃত লোহৰ পাইপ। হত্যাকাণ্ডত ব্যৱহৃত আন আন সামগ্ৰীসমূহো বিচাৰি অভিযান আৰক্ষীৰ।
.png)
কেনেকৈ সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড :
বৰবৰুৱাৰ লাহন গাঁৱৰ ব্যৱসায়ী উত্তম গগৈক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংসভাৱে হত্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মূল্যবান বয়বস্তু লৈ গৈছিল হত্যাকাৰীয়ে।
হত্যাকাৰীয়ে এখন কাণ কাটি থৈ গৈছিল উত্তম গগৈৰ। প্ৰথমতে এই ঘটনা ডকাইটি ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহে বহু চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে ব্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল।
ইয়াৰ পিছত পাছতে দেওবাৰে পুৱা বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী গগৈ, নৱম শ্ৰেণীত অধ্যয়নৰত কন্যা নৱমল্লিকা গগৈ আৰু জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাংগ পাত্ৰক। আৰক্ষীৰ জেৰাত হত্যাকাৰীয়ে স্বীকাৰ কৰিছে পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব্যৱসায়ী উত্তম গগৈক। উল্লেখ্য যে, এজন হত্যাকাৰী গৌৰাংগ পাত্ৰ আছিল উত্তম গগৈৰ নৱম শ্ৰেণীত অধ্যয়নৰত কন্যা নৱমল্লিকা গগৈ নাবালক।
ঘটনাক কেন্দ্ৰ কৰি আজি লাহন গাঁৱৰ একাংশ মহিলাই বৰবৰুৱা আৰক্ষী থানাত অৱস্থান গ্ৰহণ কৰি হত্যাকাৰীক উচিত শাস্তিৰ দাবীত জনায়। এগৰাকী সচেতন মহিলাই কয়, "কিয় পত্নী কন্যাই এই ঘটনা সংঘটিত কৰিলে তাৰ ৰহস্য আৰক্ষীয়ে উদঘাটন কৰিব লাগে। প্ৰয়োজন হ'লে আৰক্ষীয়ে আৰু বেছি দিন জেৰা কৰিব লাগে। এই ঘটনাত তৃতীয় পক্ষ জড়িত আছে সেয়ে সৰু ল'ৰা- ছোৱালী ব্যৱহাৰ কৰিছে যাতে শাস্তিৰ পৰা বাচি যাব পাৰে। তেওঁৰ ব্যৱসায়ৰ লগত জড়িত মানুহখিনিকো তদন্তৰ আওতালৈ আনিব লাগে, তেতিয়া সকলো ৰহস্য ফাদিল হ'ব।''
লগতে পঢ়ক -
✔ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইণ্ডিয়া এলায়েঞ্চে, কোন হ'ৱ দেশৰ পৰবৰ্তী উপ-ৰাষ্ট্ৰপতি ? - VICE PRESIDENTIAL ELECTION
✔ অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী খুন্দাত মৃত্যু হ’ল ছামিউলৰ ! ছামিউলৰ মৃত্যুৰ পিছতে অভিনেতা যতীন বৰা আৰু ৰবি শৰ্মাই কি কলে ?
✔ এসময়ৰ ব্যাগুম কংগ্ৰেছী নেতাৰ এতিয়া নাজল নাথল অৱস্থা ; কেনেদৰে ৰাখিছে বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী সকলক ?
0 Comments