মা কামাখ্যাৰ ৰক্ত বস্ত্ৰ বিচাৰি হাহাকাৰ অম্বুবাচীৰ ভক্ত সকলৰ মাজত ! AMBUBACHI MAHAYOGA 2025

মা কামাখ্যাৰ ৰক্ত বস্ত্ৰ বিচাৰি হাহাকাৰ অম্বুবাচীৰ ভক্ত সকলৰ মাজত ! AMBUBACHI MAHAYOGA 2025,  অম্বুবাচীৰ নিবৃত্তিৰ পিছত ভক্তসকলক মহাপ্ৰসাদ হিচাপে দিয়া হয় ৰক্ত বস্ত্ৰ । এই ৰক্ত বস্ত্ৰৰ মহত্ব কি জানেনে ?


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : উথপথপ নীলাচলৰ বুকু । আজি অম্বুবাচী মহাযোগৰ পঞ্চম দিন । লোকাৰণ্য কামাখ্যা দেৱালয় । ২৫ জুনৰ শেষ নিশা ৩ বজাত হ'ল নিবৃত্তি । অম্বুবাচীৰ নিবৃত্তিৰ পিচত আজি ২৬ জুনৰ পুৱা দেৱী স্নানকে ধৰি পৰম্পৰাগত পূজাৰ অন্তত ভক্তৰ বাবে পুনৰ কামাখ্যা মন্দিৰৰ দুৱাৰ খুলি দিয়া হ'ল । ইফালে নিবৃত্তিৰ পিচত আজি ২৬ জুনত ৰক্ত বস্ত্ৰ ভক্তসকলক মহাপ্ৰসাদ হিচাপে বিতৰণ কৰা হয় । প্ৰতিবছৰে অম্বুবাচীৰ নিবৃত্তিৰ পিছতে ৰক্ত বস্ত্ৰ বিতৰণ কৰা হয় । সেয়েহে আজি মা কামাখ্যাৰ ৰক্ত বস্ত্ৰ বিচাৰি হাহাকাৰ লাগিছে ভক্ত সকলৰ মাজত। ইয়াক দেৱীৰ আশীৰ্বাদ হিচাপেও বিশ্বাস কৰা হয় । কিন্তু এই ৰক্ত বস্ত্ৰ আচলতে কি ? ইয়াক কেনেকৈ ৰাখিব লাগে ? জানিবলৈ চাওক আমাৰ বিশেষ প্ৰতিবেদন।

অম্বুবাচীৰ ৰক্ত বস্ত্ৰ বা ৰঙা বস্ত্ৰ কি হয় ?

অম্বুবাচীৰ সময়ছোৱা মানে মা কামাখ্যাৰ বিশ্ৰামৰ সময় । এই সময়ত দেৱীক ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা হয়, যি হৈছে মা কামাখ্যাৰ ঋতুচক্ৰৰ প্ৰতীক । এই "ৰক্ত বস্ত্ৰ সন্দৰ্ভত কালিকা পুৰাণত সুন্দৰভাৱে উল্লেখ আছে। যেতিয়া নিবৃত্তি হৈ যায় তেতিয়া ভক্তসকলক সেই ৰঙা কাপোৰ টুকুৰা কৰি মহাপ্ৰসাদ হিচাপে দিয়া যায় । অম্বুবাচীৰ প্ৰবৃত্তিৰ কিছু সময় আগত মা ভগৱতীৰ পূজা-পাঠ কৰি ভোগ ভাত দিয়াৰ পিছত মন্দিৰৰ গৰ্ভগৃহত মাক ৰঙা কাপোৰ এখনেৰে মেৰিয়াই থোৱা হয়। ৰক্ত বস্ত্ৰখনক লৈ বিভিন্ন অন্ধবিশ্বাস আছে যে বগা বস্ত্ৰ ৰঙা হৈ যায় । ব্ৰহ্মপুত্ৰ ৰঙা হৈ যায় । তেনেকুৱা নহয় । অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা নিয়ম অনুসৰিয়ে ৰঙা বস্ত্ৰখনেৰে মাক বেষ্টন দি ৰখা হয় ।"


ৰক্ত বস্ত্ৰখনৰ মহত্ব কি ?

"মা কামাখ্যা জগতজননী সৰ্বশক্তিমান। অম্বুবাচীৰ সময়ছোৱাত দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰ চিহ্নিত কৰা হয় । যিটো হৈছে উৰ্বৰতা আৰু সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰা এক গভীৰ প্ৰতীকী অনুষ্ঠান । এইখিনি সময়ত মাটিৰ উৰ্বৰতা বাঢ়ি যায় । মাৰ সকলো প্ৰসাদে মহাপ্ৰসাদ । অম্বুবাচীৰ সময়খিনি ডাঙৰ মহাজাগতিক সময়। এই সময়খিনিত যিহেতু এই ৰক্ত বস্ত্ৰখন ৰখা হয়। এই বস্ত্ৰখনৰ সৰু টুকুৰাই মানৱ জীৱন সলনি কৰি দিব পাৰে বুলি লোক বিশ্বাস আছে। মা ভগৱতীক ভক্তিভাৱে শ্ৰদ্ধাৰে যি মনৰ কামনা পূৰণৰ বাবে এই বস্ত্ৰখন লয় সেই মনৰ কামনা পূৰণ হয়।"

ভক্তই কেনেদৰে ৰাখিব লাগে এই বস্ত্ৰ ?

"ভক্তসকলে ৰক্ত বস্ত্ৰৰ টুকুৰাটো নিজৰ পূজা কৰা স্থানত ৰাখিব লাগে । কিছু লোকে কৱচ হিচাপেও লয় । এডাল সূতাৰেই এটা কৱচ বনাব পাৰি । ৰক্ত বস্ত্ৰ টুকুৰাটো সদায় ঘৰৰ পবিত্ৰ স্থানত ৰাখিব লাগে ।"






Post a Comment

0 Comments