ইৰাণ ইজৰাইল যুদ্ধৰ ফলত বৃহৎ ক্ষতি হৈছে অসমৰ চাহ উদ্যোগৰ, অসমৰ অৰ্থডক্স চাহলৈ আহিছে ডাঙৰ ভাবুকি - ORTHODOX TEA OF ASSAM , বিশ্ব বজাৰত বহুল সমাদৃত অসমৰ অৰ্থডক্স চাহলৈ আহিছে ডাঙৰ ভাবুকি । ইজৰাইল-ইৰাণৰ যুদ্ধই কিদৰে প্ৰভাৱ পেলাইছে অসমৰ চাহ উদ্যোগত ? এক বিশেষ প্ৰতিবেদন।
.png)
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ইৰাণ - ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিছে অসমৰ অৰ্থডক্স চাহৰ ওপৰত । কিয়নো অসমৰ অৰ্থডক্স চাহৰ এখন অন্যতম বৃহৎ বজাৰ হৈছে ইৰাণ । অভিলেখ সংখ্যক চাহ অসমে ৰপ্তানি কৰে ইৰাণলৈ । কিন্তু বৰ্তমান ৰাষ্ট্ৰখনত চলি থকা যুদ্ধসদৃশ পৰিৱেশৰ বাবে প্ৰভাৱ পৰিছে এই অৰ্থডক্স চাহৰ ওপৰত । যাৰ ফলত অসমৰ চাহ উদ্যোগটোলৈ আহিছে এক ভয়ংকৰ ভাবুকি।
ভাৰতীয় চাহ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাই এক বিবৃতি যোগে কয় যে, "আমি অসমত অৰ্থডক্স চাহ বনাও । আমাৰ ৮৫ মিলিয়ন মানৰ অৰ্থডক্স চাহ বনোৱা হয় । তাৰে বেছিভাগ বাগানবোৰে বনায় । বটলিফ ফেক্টৰীবোৰে কমকৈ বনায় । গতিকে বাগানৰ উৎপাদন প্ৰায় ৩৫০ মিলিয়ন কিঃগ্ৰাঃ মান হয় । বাগানৰ উৎপাদনৰ ২৫ শতাংশমান অৰ্থডক্স হয় ।"
"সেই অৰ্থডক্স চাহখিনিৰ প্ৰায় ১০০ শতাংশই ৰপ্তানি হয় । তাৰে ভিতৰত ২৫ মিলিয়ন কিঃ গ্ৰাঃমান ইৰাণলৈ যায় । সেইখিনি এতিয়া নাযাব, ২৫ মিলিয়ন কিঃগ্ৰাঃৰ বজাৰ এখন নাইকিয়া হ'ব। যৰ ফলত শুকান আৰু কেচা পাতৰ দাম কমি যোৱা সম্ভাৱনা আহি পৰিছে। আমাৰ অসমৰ পৰা ১৪০ মিলিয়ন কিলোমান ৰপ্তানি হয়, তাৰ ভিতৰত যদি ২৫ মান নাইকিয়া হয়, ৰপ্তানিৰ ২০ শতাংশমান প্ৰভাৱিত হ'ব ।"
তাৰ ওপৰিও বিশিষ্ট চাহ খেতিয়কগৰাকীয়ে কয় যে, "চাহ গছ ভালকৈ থাকিবলৈ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াচৰ ওপৰত যাব নালাগিব । কিন্তু জুন মাহতে ৩৮ ডিগ্ৰীলৈ গ'ল, এইটো চাহৰ কাৰণে বেয়া । তাপমান বাঢ়ি থাকিলে চাহ গছবোৰ মৰি থাকিব । যদি খুব বেছি বৰষুণ দিয়ে, ইফালে যদি বৰষুণ একেবাৰে নিদিয়ে, আকৌ কেইদিনমানৰ পিছত একেৰাহে চাৰি-পাঁচ ইঞ্চি বৰষুণ দিয়ে সেয়া চাহৰ কাৰণে অতি বেয়া নহয় ।"
প্ৰভাত বেজবৰুৱাই কয়, "বৰষুণ সোনকালে আহিলে দিগদাৰ নহয় । কিন্তু তাপমান বাঢ়ি থাকিলে আৰু একেৰাহে খুব জোৰেৰে যদি বৰষুণ দিয়ে তেতিয়া দিগদাৰ হ'ব ।" লগতে তেও পশ্চিম এছিয়ালৈ চাহৰ ৰপ্তানি প্ৰসংগত কয়, "পশ্চিম এছিয়া বুলিলে ইৰাণ, ইৰাক আৰু ইউ এ ই, এই তিনিখন দেশলৈ অসমৰ পৰা আনুমানিক ১০০ মিলিয়নমান চাহ যায় ।"
ভাৰতৰ পৰা বহিঃৰাষ্ট্ৰলৈ চাহৰ ৰপ্তানিৰ প্ৰসংগত তেওঁ কয়, "ভাৰতৰ সৰ্বমুঠ ৰপ্তানি হ'ল আনুমানিক ২৬০ মিলিয়ন । ইয়াৰে ভিতৰত ১১০ মিলিয়নমান দক্ষিণ ভাৰতৰ পৰা যায় আৰু ১৪০ মিলয়নমান অসমৰ পৰা যায় ।" লগতে বটলিফ ফেক্টৰীসমূহে কম দামত অৰুণাচলৰ পৰা কেঁচাপাত ক্ৰয় কৰা বাবে চাহ ক্ষেত্ৰখনত বিশেষভাৱে প্ৰভাৱ পেলাইছে বুলিও উল্লেখ কৰে বিশিষ্ট চাহ খেতিয়ক প্ৰভাত বেজবৰুৱাই ।
লগতে পঢ়ক -
✔ উচ্চতৰ মাধ্যমিক পাছ কৰা সকললৈ ভাল খবৰ SSC এ ৩১৩১ টা চৰকাৰী চাকৰীৰ পদ মুকলি কৰিছে।
✔ চাৰি ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল বিজেপিক বিধস্ত কৰি আগুৱালে আপ : আপে ২খন আসন, কংগ্ৰেছ, বিজেপি আৰু তৃণমূল কংগ্ৰেছে এখনকৈ আসন লাভ কৰিবলৈ সক্ষম হয়।
✔ সাৱধান যি টি কাম নকৰিব ; আমেৰিকাই ইৰাণক আক্ৰমণ কৰা পিছত ডনাল্ড ট্ৰাম্পক ৰাছিয়াই দিলে সকিয়নী।
0 Comments