আকৌ বলীউড সুন্দৰীৰ প্ৰেমত পৰিল চেলিব্ৰেটী ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়া। পিছে কোন এই সুন্দৰী জানেনে ? পত্নী নতাশাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত ইতিমধ্যে বহুতৰ লগত নাম সাঙোৰ খাইছে ক্ৰিকেটাৰজনৰ। এইবাৰ এটা নতুন খবৰ এগৰাকী বলীউড সুন্দৰীৰ প্ৰেমত পৰিছে হাৰ্দিক।
.png)
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : আকৌ প্ৰেমত পৰিল চেলিব্ৰেটী ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়া। পত্নী নতাশাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত ইতিমধ্যে বহুতৰ লগত নাম সাঙোৰ খাইছে ক্ৰিকেটাৰজনৰ। এইবাৰ এগৰাকী বলীউড সুন্দৰীৰ প্ৰেমত পৰিছে হাৰ্দিক। পিছে কোন এই সুন্দৰী জানেনে ?
বিবাহ বিচ্ছেদৰ পিছত ব্ৰিটিছ মডেল তথা জনপ্ৰীয় টিভি ব্যক্তিত্ব নিকি ৱালিয়াই হাৰ্দিকৰ জীৱনত প্ৰৱেশ কৰে। দুয়োগৰাকীয়েই বহু ব্যক্তিগত সময় অতিবাহিত কৰাৰ ফটোও ছচিয়েল মেডিয়াত ইতিমধ্যে ভাইৰেল হৈ আছে। এতিয়া আকৌ হাৰ্দিকৰ প্ৰেমৰ চৰ্চা বলীউড সুন্দৰী অভিনেত্ৰী ঈশা গুপ্তাৰ সৈতে। বিগত কেইদিনমান ধৰি এই বিষয়টোয়ে বেছ চৰ্চা হৈ থকাত ঈশাই শেহতীয়াকৈ এই সন্দৰ্ভত স্পষ্ট কৰিছে।
কি কয় ঈশায়ে গুপ্তায়ে ?
অভিনেত্ৰীগৰাকীয়ে কয় - ‘হয়, আমি দুয়োৰে ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়া সঁচা। কিন্তু আমি প্ৰেমিক-প্ৰেমিকা নহয়। পাছলৈ কি হয়, সেয়া সময়েহে ক’ব। এতিয়া আমি এনেকৈয়ে আমাৰ সম্পৰ্কটো আগবঢ়াই নিবলৈ বিচাৰো। আগতে মই ভাবিছিলো, আশা কৰিছিলো যে হাৰ্দিক আৰু মই দম্পতী হ'ব পাৰিম কিন্তু হয়তো সেইয়া সময়ে বিছৰা নাছিল বা মোৰ ভাগ্যত নাছিল কিন্তু অনাগত দিনত ভাগ্য সলনি হবও পাৰে।'
উল্লেখ্য যে, পাঁচ বছৰ ধৰি স্পেনিছ যুৱক মেনুৱেল কেম্পছ গুয়ালাৰৰ সৈতে ডেটিং কৰি আছে। কেইবছৰমান পূৰ্বে ইনষ্টাগ্ৰামত তেওঁৰ সৈতে সম্পৰ্ক অফিচিয়েল কৰিছিল। অৱশ্যে ইতিমধ্যে সেই সম্পৰ্কত ফাট মেলিছে বুলি খবৰ বিয়পি পৰিছে, এয়া সঁচা নে উৰাবাতৰি, সেয়ে সময়তহে স্পষ্ট হ’ব।
0 Comments