গৰুক কাটি কাটি খোৱা কংগ্ৰেছীয়ে এতিয়া গৰুৰ বাবে আন্দোলন কৰিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা - CM ON GIR COW CONTROVERSY

গৰুক কাটি কাটি খোৱা কংগ্ৰেছীয়ে এতিয়া গৰুৰ বাবে আন্দোলন কৰিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা - CM ON GIR COW CONTROVERSY , গো-হত্যাৰ প্ৰসংগক লৈ সৰৱ মুখ্যমন্ত্ৰী শৰ্মা

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক: যোৱা সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গোলাঘাটত উপস্থিত হোৱাৰ সময়তে গৰুখুটি প্ৰকল্পৰ পৰা গৰু চুৰি হোৱা ঘটনাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰে প্ৰতিবাদকাৰী সকলে ।
এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "কংগ্ৰেছ দলে যদি মোৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে তেওঁলোক কেনেকৈ চলিব। মই হ'লো বিজেপি, যদি কংগ্ৰেছ দলৰ কিছুমানে প্ৰতিবাদ নকৰে তেনেহ’লে গুৱাহাটীত কি উত্তৰ দিব ? গতিকে যিসকল কংগ্ৰেছ দলৰ কৰ্মীয়ে এই প্ৰচণ্ড গৰমত আহি কষ্ট কৰিছে তেওঁলোকক সমবেদনা জ্ঞাপন কৰিব লাগে। বটলটো মোৰ গাত লাগিলে বেছি ভাল হ’লহেতেন।"

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয়, "তেওঁলোকে গীৰ গাইৰ কথা কয় ৰাজনীতি কৰে কিন্তু কোৰবানী দিয়া গৰুৰ কথা কিয় নকয়। বকৰী ঈদ বুলি হাজাৰ হাজাৰ গৰু অসমত কোৰবানী হ'ল ৷ যদি কংগ্ৰেছ দলে গৰুক ইমানেই ভাল পাই তেনেহ’লে তেখেতসকলে এটা কথা কওক যে অহাবাৰ ঈদত গৰু কোৰবানী হ'বলৈ নিদিওঁ। তেওঁলোকৰ এই কথা কবলৈ সাহস আছে নে নাই ? আমি বিজেপি কাৰণে মৰিবলৈ লোৱা গৰু আনি খুৱাই-বুৱাই জীয়াই ৰাখিছো তাতো তেওলোকৰ আপত্তি, কিন্তু কংগ্ৰেছৰ আধা লোকেই গৰু খায় ।"

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "গৰু ভক্ষণ কৰা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি বাৰু ? কংগ্ৰেছ দলৰ বেছি ভাগেই গৰু খায় ৷ ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ, নুৰুল হুদা আদিয়ে গৰু মাংস খাই নে নাখায় ? গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰিছে । গতিকে কংগ্ৰেছ দলে একেমুখে কওক যে কালিৰ পৰা গৰু নাখাওঁ আৰু মোক ক’ব লাগে যে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰি গৰু হত্যা বন্ধ কৰিবলৈ তেওঁলোকৰ সাহস আছে নে নাই ?"

ক'ত কিমান গৰু হত্যা কৰিছে তাৰ খতিয়ান দি শৰ্মাই কয়, "১৪০০ গৰু ধুবুৰী জিলাত হত্যা কৰিছে য'ত ৰকিবুল হুছেইন সাংসদ আৰু গৰু হত্যা কৰাই নহয় নামঘৰত গৰু মাংস থৈছে আৰু মৰিব ধৰা গৰু বিজেপিৰ দলৰ মন্ত্ৰী -বিধায়কে আনি সেৱা কৰি আছে। কিন্তু এই কেইটা গৰু যদি কংগ্ৰেছ দলৰ কৰ্মীসকলে গম পালেহেঁতেন খাই দিলেহেঁতেন। গৰু খোৱা মানুহে আন্দোলন কৰে নেকি ? তেখেতসকলৰ লাজ নালাগে নেকি ? বাতৰি কাকত আৰু টিভিত গৰু হত্যাৰ বিৰুদ্ধে মাত নামাতে, গৰু বাংলাদেশ গৈ থাকোতে মাত নামাতে । কিন্তু নেমাৰি গৰু আনি প্ৰতিপালন কৰাসকলৰ বিৰুদ্ধে মাত মাতিছে।" মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে তুলুঙা মন্তব্য কৰি সতীৰ্থ মন্ত্ৰী- বিধয়ক সকলক গৰু চোৰ ঘটনাৰ পৰা বচাবলে  চেষ্টা কৰা দেখা গ'ল।


লগতে পঢ়ক -

ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই, কিন্তু নুখুজিলে ক্ষমা !

ক্ৰমাত দূৰত্ব বাঢ়িছে অখিল-গৌৰৱৰ ! অখিল গগৈৰ অবিহনেই গঠন হ’ব বিৰোধীৰ মিত্ৰজোঁট - GOURAV GOGOI VS AKHIL GOGOI

দলবদ্ধ ধৰ্ষণ; দক্ষিণ কলকাতা আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ গণধৰ্ষণৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ - KASBA LAW STUDENT GANGRAPE CASE

Post a Comment

0 Comments