খিলঞ্জীয়া উচ্ছেদিতৰ ১১টা পৰিয়ালক ১ কঠা ৫ লেচাকৈ প্ৰদান কৰা হ’ব ভূমি, চাহ শ্ৰমিকৰ বাবে ৩৪২ কোটি টকা অনুমোদন, আজিৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, Assam Cabinet Decisions

খিলঞ্জীয়া উচ্ছেদিতৰ ১১টা পৰিয়ালক ১ কঠা ৫ লেচাকৈ প্ৰদান কৰা হ’ব ভূমি, চাহ শ্ৰমিকৰ বাবে ৩৪২ কোটি টকা অনুমোদন আজিৰ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, Assam Cabinet Decisions

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতৰ ১১টা পৰিয়ালক ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি, আজিৰ ৰাজ্যিক কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে ৪ হাজাৰৰো অধিকক দিয়া হ'ৱ ভূমি পট্টা। ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হ’ব ভূমি পট্টা। লখিমপুৰৰ খিলঞ্জীয়া উচ্ছেদিতক প্ৰদান কৰিব ভূমি। ১১টা পৰিয়ালক ভূমি প্ৰদান কৰাৰ কেবিনেটত সিদ্ধান্ত। লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত প্ৰদান কৰিব মাটি। ভূমিৰ বাবদ পৰিয়ালকেইটাই দিব নালাগে কোনো ধৰনৰ প্ৰিমিয়াম। ১১টা পৰিয়ালে ১ কঠা ৫ লেচাকৈ লাভ কৰিব ভূমি।

আজি অনুষ্ঠিত হয় অসম কেবিনেট। কেবিনেটৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে। আজিৰ কেবিনেটত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃহৎ প্ৰকল্পৰ বাবে ৩৫৭ কোটি টকাৰ অনুমোদন জনাইছে অসম কেবিনেটে। অহা ১০ দিনৰ ভিতৰত স্থাপন হ’ব প্ৰকল্পৰ আধাৰশিলা। AMCHৰ ৩৫৭ কোটি টকীয়া প্ৰকল্পৰ নিবিদা সম্পূৰ্ণ হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ছয়গাঁৱত বিশেষভাৱে সক্ষমৰ বাবে হ’ব এখন বিশ্ববিদ্যালয়। নেচনেল ইউনিভাৰ্চিটী ফৰ ডিজিবিলিটী ষ্টাডিজ। বনগাঁৱত ১৫০ বিঘা মাটিত হ’ব এই বিশ্ববিদ্যালয়খন। আগন্তুক পূজাৰ পূৰ্বেই চাহ শ্ৰমিকলৈ চৰকাৰৰ বিশেষ উপহাৰ। চাহ শ্ৰমিক-কৰ্মচাৰীক ৫ হাজাৰ টকাকৈ উপহাৰ। ৭ লাখ চাহ শ্ৰমিক লাভ কৰিব ৫ হাজাৰকৈ এককালিন টকা। চাহ শ্ৰমিকৰ বাবে ৩৪২ কোটি টকা অনুমোদন। 'এটি কলি দুটি পাত' নামৰ আঁচনিৰ অধীনত লাভ কৰিব ধন। 

মেদান্তাক অসমত হাস্পতাল নিৰ্মাণৰ অনুমোদন। সৰুসজাইৰ কাষতে মেদান্তাক দিয়া হ’ব ভূমি। মেদান্তাৰ প্ৰকল্পত ২,৭০০ স্থানীয় প্ৰাৰ্থীৰ নিযুক্তি আশ্বাস প্ৰদান। APDCL, APGCLৰ কৰ্মচাৰীয়ে পাব লোকসেৱা আৰোগ্য যোজনা। AEGCৰ কৰ্মচাৰীয়েও পাব লোকসেৱা আৰোগ্য যোজনা। আদৰ্শ বিদ্যালয়ৰ শিক্ষকক লোকসেৱা আৰোগ্য যোজনাত অন্তৰ্ভুক্তি।



Post a Comment

0 Comments