বিহালীৰ বিহমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মেধাৱী ছাত্ৰী,গুৰুতৰ ভাৱে আহত তিনিজন।

বিহালীৰ বিহমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মেধাৱী ছাত্ৰী,গুৰুতৰ ভাৱে আহত তিনিজন।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : বিহালীৰ বিহমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী মেধাৱী ছাত্ৰী,গুৰুতৰ ভাৱে আহত তিনিজন। যোৱাকালি সন্ধিয়া প্ৰায় ৭.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মেধাৱী ছাত্ৰী থিতাতে নিহত হোৱাৰ বিপৰীতে ৩ জন লোক গুৰুত্বৰ ভাৱে আহত হয়।
 
প্ৰাপ্ত খবৰ অনুসৰি অৰুণাচলৰ পৰা কেঁচা চাহপাত চাহ ফেক্টৰিত দি উভতি যোৱাৰ সময়তে এখন বলেৰ' বাহনে মহতিয়াই নিয়ে চাৰিজন লোকক দুৰ্ঘটনা টোত থিতাতে নিহত হয় বিহমাৰী বন গাঁৱৰ বিনিতা ভন্দাৰী নামৰ এগৰাকী ১৬ বছৰীয়া মেধাৱী যুৱতীৰ।

আনহাতে দুৰ্ঘটনাত আহত হোৱা আন তিনি জন ব্যক্তি হ'ল বিৰাজ শৰ্মা (২৭), মিনবাহাদুৰ কাফ্লে (প্ৰায়৫০) আৰু আনগৰাকী যুৱতি নাম হ'ল নিচিতা দেৱী (১৬)।  তিনিও গৰাকীক সংকত জনক অৱস্থাত বৰগাং কেথলিক হস্পিটাললৈ প্ৰেৰণ কৰা হৈছে যদিও পৰবৰ্তি সময়ত উচ্চ চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল লৈ প্ৰেৰন কৰা হৈছে বুলি জানিব পৰা গৈছে।
ঘটনা স্থলীত বিহালী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু সোধপোচৰ বাবে এজনক আটক কৰি তদন্ত আৰম্ভ ৰাখিছে। স্থানিয় লোকে জানিব দিয়া মতে নিহত ছাত্ৰী গৰাকী অতি মেধা সম্প্পন্ন ছোৱালি আছিল আৰু বিগত হাইস্কুল শিক্ষ্যান্ত পৰিক্ষ্যাত প্ৰথম বিভাগত পাছ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল। লগতে তেওলোকে প্ৰশাষনক উচিত শাস্তি প্ৰদান কৰিবলে দাবি উত্থাপন কৰিছে। 




Post a Comment

0 Comments