গোৱালপাৰাৰ পাইকান অঞ্চলত লংকাকাণ্ড; আৰক্ষী আৰু উচ্ছেদিতৰ সংঘৰ্ষত নিহত দুজন - FIRING INCIDENT IN GOALPARA

গোৱালপাৰাৰ পাইকান অঞ্চলত লংকাকাণ্ড; আৰক্ষী আৰু উচ্ছেদিতৰ সংঘৰ্ষত নিহত দুজন - FIRING INCIDENT IN GOALPARA

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : গোৱালপাৰা জিলাৰ কৃষ্ণাই(পাইকান)ৰ উচ্ছেদিত অঞ্চলত অঘটন। উচ্ছেদিত লোক আৰু প্ৰশাসনৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ফলস্বৰূপে আজি সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই গুলীচালনাত প্ৰাণ হেৰুৱাই দুজনকৈ লোকে। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

খবৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা পাইকানৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল আৰক্ষী-প্ৰশাসনৰ লগতে বন বিভাগৰ লোক। এই দলটো দেখা মাত্ৰকে উচ্ছেদিত লোকসকলে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়। এই বাক-বিতণ্ডাৰ উপৰিও উচ্ছেদিত লোকসকলে আৰক্ষী-প্ৰশাসনৰ দলটোক উদ্দেশ্যি শিলাবৰ্ষণ কৰিবলৈ লয়। পৰিস্থিতি ক্ৰমান্বয়ে অধিক শোচনীয় হোৱাৰ লগে লগে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰিবলে বাধ্য হয়।

আৰক্ষীৰ গুলীচালনাত বিদ্যাপাৰাৰ ছাকুৱাত হুছেইন নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে কুতুবুদ্দিন আলী নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোকজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু ঘটে। এই ঘটনাত বহুকেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক শোচনীয় হৈ পৰে আৰু উচ্ছেদিত লোকসকলে পাইকানৰ এখন বিদ্যালয়ৰ পুৰণি গৃহত অগ্নিসংযোগ কৰে। অৱশ্যে এই কাৰ্যত জড়িত দুজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া :

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ পাইকানত হোৱা উচ্ছেদ তথা বৃহস্পতিবাৰে পুৱা উদ্ভৱ হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে পাইকানৰ উচ্ছেদিত অঞ্চলত গছপুলি ৰোপণ কৰাৰ লগতে যিসকল লোকে প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁলোকৰ ওপৰত গোচৰৰ ব্যৱস্থা লোৱা হ’ব লগতে আৰু অধিক কঠোৰ হব।

আৰক্ষী-প্ৰশাসন আৰু উচ্ছেদিত লোকসকলৰ মাজত হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু গুলীচালনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়, ‘‘তাততো উচ্ছেদ হৈ গ’ল। এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ’ব, ব্যৱস্থা হ’ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা।’’

ঘটনা সন্দৰ্ভত এ আই ইউ ডি এফৰ প্ৰতিক্ৰিয়া :

আনহাতে এই ঘটনাক অমানৱীয় আখ্যা দি এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় সম্পাদক আব্দুল হাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘যিসকলে আমাৰ মানুহক ১২ তাৰিখে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আমাক এই জগদীশ বৰ্মন নামৰ ফৰেষ্টাৰ জনে, মুকলিভাৱে ভাবুকি দি আহিছিল যে তোমালোকক গুলীয়াই হত্যা কৰা হ’ব। মই মোৰ নিজৰ পকেটৰ টকা দি হ’লেও তোমালোকক ইয়াতে গুলীয়াই হত্যা কৰিম।’’

তেওঁ লগতে কয়, ‘‘ইতিমধ্যে আমি এই বিষয়ে গোৱালপাৰা জিলা প্ৰশাসনক অৱগত কৰিছো। কিন্তু তাৰপিছতো জগদীশ বৰ্মনক কণ্ট্ৰ’ল কৰিব নোৱাৰিলে। জগদীশ বৰ্মনে ১৩ তাৰিখৰ পৰা সৰ্বহাৰাসকলক এনেদৰে অত্যাচাৰ-উৎপীড়ন কৰি আহিছে। জগদীশ বৰ্মনৰ নেতৃত্বতে অসম আৰক্ষীয়ে ইয়ালৈ আহি দুজন লোকক গুলীয়াই হত্যা কৰে আৰু আন তিনিজন গুৰুতৰভাৱে আহত হৈছে।’’



Post a Comment

0 Comments