ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম চৰকাৰৰ অধীনত ১১৩৮ টা খালী পদৰ বাবে অনলাইন আৱেদন চলি আছে। Apply Online for ANM 1138 Posts
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম), অসম চৰকাৰৰ অধীনত সহায়ক নাৰ্ছ পদৰ নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। মুঠ ১১৩৮টা খালী পদ উপলব্ধ, ইচ্ছুক প্ৰাৰ্থীসকলে এন এইচ এম অসমৰ চৰকাৰী ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে মন কৰিব যে এইটো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত ঠিকাভিত্তিক নিযুক্তি।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নিযুক্তিৰ সবিশেষ তথ্য :
খালী পদৰ নাম : এ এন এম ( ANM )
মুঠ পদৰ সংখ্যা : ১১৩৮ টা পদ
বিভাগ: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম
পাৰিশ্ৰমিক/ দৰমহা প্ৰতিমাহে - ১৮,০০০/- টকা
শিক্ষ্যাগত অৰ্হতা : এ এন এম ( ANM ) নাৰ্চিং পাঠ্যক্ৰমত যিকোনো নাৰ্চিং স্কুল/ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ আৰু “অসম নাৰ্ছৰ ধাত্ৰী’ আৰু স্বাস্থ্য দৰ্শক পৰিষদৰ অধীনত পঞ্জীয়ন” হ’ব লাগিব।
বয়সৰ সীমা : ২০২৫ চনৰ ১ জানুৱাৰীলৈকে প্ৰাৰ্থীৰ বয়সৰ সীমা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। উচ্চ বয়সৰ সীমা অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ, অবিচি/এমঅ’বিচিৰ প্ৰাৰ্থীৰ বাবে ৩ বছৰ, আৰু পিডব্লিউডি প্ৰাৰ্থীৰ বাবে ১০ বছৰ ৰেহাই থাকিৱ।
NHM Recruitment ৰ বাবে কেনেকৈ আবেদন কৰিব ?
যোগ্য প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২৫ তাৰিখ বা তাৰ আগতে NHM Assam ANM নিযুক্তিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৱেদন সম্পূৰ্ণ কৰিবলৈ প্ৰাৰ্থীসকলে অফিচিয়েল পৰ্টেলত নিজৰ ফটো, স্বাক্ষৰ, আৰু প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিব লাগিব। আপোনালোকৰ সুবিধাৰ বাবে এপ্লিকেচন পৰ্টেলৰ প্ৰত্যক্ষ লিংক আৰু চৰকাৰী অধিসূচনা গুৰুত্বপূৰ্ণ লিংক তলত প্ৰদান কৰা হৈছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখ :
- অনলাইন আবেদন আৰম্ভণিৰ তাৰিখ - ১৬ জুলাই ২০২৫
- অনলাইন আবেদনৰ শেষ তাৰিখ - ৩১ জুলাই ২০২৫
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নিযুক্তিৰ গুৰুত্বপূৰ্ণ লিংক :
0 Comments