মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতিলে পত্নীয়ে - MURDER IN GUWAHATI

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতিলে পত্নীয়ে - MURDER IN GUWAHATI হত্যা কৰি চাৰি ফুট দ' গাঁত খান্দি পুতি থৈছিল স্বামীক।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ স্বামীক হত্যা কৰি পুতি থলে ঘৰৰ চৌহদতেই। এই ঘটনাটো মহানগৰীৰ পাণ্ডুৰ জয়মতী নগৰত সংঘটিত হৈছে।

অভিযোগ অনুসৰি জয়মতী নগৰৰ ৬নং উপ-পথৰ এগৰাকী মহিলাই স্বামী ছবিয়াল ৰহমানক হত্যা কৰি ঘৰৰ ভিতৰত গাঁত খান্দি পুতি থয়। এই ঘটনাটো পোহৰলৈ আহিছে দেওবাৰে। মৃত লোকজনৰ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত এই ঘটনা সন্দৰ্ভত কয় যে, "২৬ জুনৰ পৰা সন্ধানহীন হৈ আছিল ছবিয়াল ৰহমান। আমি ছবিয়ালৰ খবৰ নোপোৱাত পত্নীক সোধাত কেৰালালৈ কাম কৰিব যোৱা বুলি জনাইছিল পত্নীয়ে ; কিন্তু সেই কথাত আমি বিশ্বাস কৰিব পৰা নাছিলো। সেয়েহে জালুকবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছিলো।"

আনহাতে এই ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱাই কয়, "ছবিয়াল ৰহমান সন্ধাহীন হৈ থকা বুলি পৰিয়ালৰ লোকে শনিবাৰে গোচৰ দিছিল । তাৰ তদন্ত আৰম্ভ হৈছিলহে, কিন্তু তেতিয়াই আজি ১১ মান বজাত তেওঁৰ পত্নীয়ে স্বামীক হত্যা কৰা বুলি নিজ স্বীকাৰোক্তি দি আত্মসমৰ্পণ কৰে। তাৰ পিছত তেওঁক চলোৱা জেৰাৰ অন্তত স্বামীক হত্যা কৰি তেওঁৰ বাসগৃহৰ থিক সন্মুখতেই এটি গাঁত খান্দি পুতি থৈছিল বুলি কয়। যোৱা ২৬ তাৰিখে তেওঁ স্বামীক হত্যা কৰিছিল। ইয়াৰ পিছতেই তেওঁৰ ঘৰৰ সন্মুখত প্ৰায় চাৰি ফুট মান দ' গাঁতৰ পৰা উদ্ধাৰ হয় মৃতদেহটো। "

উপ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়, "মহিলাগৰাকীৰ লগত আন কোনো লোক এই ঘটনাত জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। কাৰণ চাৰি ফুটৰ গাঁত এটি মহিলা গৰাকীয়ে অকলে কাৰো সহায় নোলোৱাকৈ অকলে খান্দিব নোৱাৰে। বহুদিন গাঁতত পুতি থোৱা বাবে মৃতদেহটো গেলিপচি যোৱাত মৰণোত্তৰ পৰীক্ষাৰ পিছত হে সঠিক তথ্য পোহৰলৈ আহিব আৰক্ষী আয়ুক্তগৰাকীয়ে কয়।" আৰক্ষীয়ে গাঁতৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে জি এম চি এইচলৈ মৃতদেহটো প্ৰেৰণ কৰিছে।




Post a Comment

0 Comments