অৰ্চিতা ফুকন প্ৰকৃততে কোন হয়; নিশাৰ ভিতৰতে ‘চেলিব্ৰিটী’ হোৱা অৰ্চিতা ফুকনৰ সৃষ্টি কেনেকৈ হৈছিল ? ছ’চিয়েল মিডিয়াৰ শেহতীয়া চেনশ্বেচন অৰ্চিতা ফুকন। অৰ্চিতা ফুকনৰ নামত ভাৰ্চুৱেল একাউন্ট সৃষ্টিৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক মোহাচ্ছন্ন কৰি ৰখা তিনিচুকীয়াৰ প্ৰতিম বৰা অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াৰ শেহতীয়া চাঞ্চল্য অৰ্চিতা ফুকন। অৰ্চিতা ফুকনৰ নামত ভাৰ্চুৱেল ইমেজ সৃষ্টিৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক মোহাচ্ছন্ন কৰি ৰখা তিনিচুকীয়াৰ প্ৰতিম বৰা অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল। ডিব্ৰুগড়ৰে অৰ্চিতা ফুকন নামৰ এগৰাকী মহিলাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি প্ৰতিম বৰাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। তিনিচুকীয়াৰ মেকানিকেল ইঞ্জিনীয়াৰ প্ৰতিম বৰাই অৰ্চিতা ফুকন নামেৰে ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলি আৰম্ভ কৰিছিল এনে দুষ্কাৰ্য।
সেয়া আছিল ২০২০চনৰ কথা। প্ৰতিম বৰাই ইনষ্টাগ্ৰামত অৰ্চিতাৰ নামত খোলা একাউণ্টটোত কিছু অশালীন ফটো আৰু ভিডিঅ’ আপলোড কৰে। তাৰ লগতে লগাই দিয়ে অশালীন ছাইটৰ এটা লিংক। এই লিংকটো ছাবছক্ৰাইৱ কৰি ল’ব লাগে। লিংকটোত গ’লে ওলায় অশালীন ভিডিঅ’। ইনষ্টাগ্ৰামৰ জৰিয়তে আৰম্ভ কৰি প্ৰতিমে ফেচবুক আৰু পূৰ্বৰ টুইটাৰ তথা বৰ্তমানৰ এক্সতো একাউণ্ট খুলি লয়। ছ’চিয়েল মিডিয়াৰ দুনীয়াত আপেক্ষিকভাৱে নতুন ট্ৰেডত ২০২৩ চনত অৰ্চিতাৰ নামত একাউণ্ট খুলি লয় প্ৰতিমে। তাতো একেধাৰে আপলোড কৰি যায় অশালীন ফটো আৰু ভিডিঅ’।
তদন্তকাৰী আৰক্ষীৰ দলটোৰ মতে, প্ৰথমে প্ৰৱঞ্চনাৰ প্ৰতিশোধ পূৰাবৰ বাবে অৰ্চিতাক বদনাম কৰিব বিচাৰিছিল প্ৰতিমে। কিন্তু সময় বাগৰাৰ লগে লগে ছ’চিয়েল মিডিয়া আৰু অশালীন ছাইটৰ পৰা ধন পাবলৈ ধৰে প্ৰতিম বৰাই। তাতেই লোভ বাঢ়ি গ’ল প্ৰতিমৰ আৰু প্ৰচণ্ড লোভৰ বশবৰ্তী হৈ প্ৰতিমে কৰি পেলায় চূড়ান্ত দুষ্কাৰ্যটো।
মাৰ্কিন পৰ্নষ্টাৰ কেন্দ্ৰা লাষ্টৰ সৈতে অৰ্চিতাৰ এ আই জেনেৰেটেড ফটো প্ৰতিমে আপলোড কৰে ইনষ্টাগ্ৰামত। তাৰ পিছতে নেটিজেনে গো গ্ৰাসে গিলিবলৈ লয় কেন্দ্ৰা লাষ্ট আৰু অৰ্চিতাৰ ফটো। পৰিস্থিতি এনে হৈ গ’ল যে জুলাইৰ আৰম্ভণিতে গুগলৰ সৰ্বাধিক ছাৰ্চ কৰা চেলিব্ৰিটী হৈ পৰে অৰ্চিতা ফুকন। তাৰ পিছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কেন্দ্ৰা লাষ্টৰ সৈতে ফটো আপলোড কৰা অৰ্চিতা ফুকনক লৈ বিভিন্ন বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। সমান্তৰালভাৱে ইনষ্টাগ্ৰাম একাউণ্ট babidol_archieৰ ফলোৱাৰ্ছৰ সংখ্যা ৰকেট গতিত বাঢ়িবলৈ আৰম্ভ কৰে। একোকোবে babydoll_archiৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ফলোৱাৰ্ছৰ সংখ্যা ৩ লাখৰ পৰা গৈ ১ মিলিয়ন হয়।
অতি উৎসাহী হৈ পৰা প্ৰতিমে অৰ্চিতা ফুকনৰ ছদ্মবেশেৰে দুই এটা কমেণ্ট কৰিবলৈ আৰম্ভ কৰে। লাজতে মূৰ তল হোৱা অসমৰ বেছিভাগে অৰ্চিতাক কমেণ্টতে গালি-শপনি পাৰিবলৈ আৰম্ভ কৰে। এই গালি শপনিৰ কমেণ্ট দেখি প্ৰতিশোধৰ জ্বালাত ভুলি থকা প্ৰতিমে যিমানেই উল্লসিত হৈ পৰিছিল, মানসিকভাৱে সিমানেই ভাগি পৰিছিল প্ৰকৃত অৰ্চিতা ফুকন নামৰ মহিলাগৰাকী।
আনকি পৰিস্থিতি এনে হৈছিলগৈ যে অৰ্চিতা ফুকন নামৰ আচল মহিলাগৰাকীয়ে দুবাৰকৈ চৰম সিদ্ধান্ত ল’বলৈও চেষ্টা চলায়। অৱশ্যে দুয়োবাৰেই পৰিয়ালৰ তৎপৰতাত বাচি গৈছিল দুৰ্ভগীয়া অৰ্চিতা। কিন্তু তেতিয়ালৈ অৰ্চিতা ফুকনে জনাই নাছিল যে তেওঁৰ নামত কোনে চলাই গৈছিল দুষ্কাৰ্য? জ্যেষ্ঠ ভগ্নীৰ অৱস্থা দেখি কেনেকৈ সহ্য কৰি থাকে সহোদৰ ভাতৃয়ে। নেদেখা শত্ৰুৰ বিৰুদ্ধে দুৰ্ভগীয়া অৰ্চিতাৰ ভাতৃ কাষ চাপে ডিব্ৰুগড় আৰক্ষীৰ। ডিব্ৰুগড় আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্তত অগ্ৰসৰ হৈ ৯ জুলাইত ৩ ঘণ্টা ধৰি অৰ্চিতাক কাউঞ্চেলিং কৰে। শুকুৰবাৰে ডিব্ৰগড় থানাত গোচৰ পঞ্জীয়ন কৰি শনিবাৰে সন্ধিয়া প্ৰতিম বৰাক তিনিচুকীয়াৰ ঘৰৰ পৰা উঠাই লৈ আহে ডিব্ৰুগড় আৰক্ষীয়ে। লগতে জব্দ কৰে ম’বাইল ফোন, লেপটপ আৰু হাৰ্ড ডিস্ককে ধৰি কেতবোৰ আপত্তিজনক নথি পত্ৰ। প্ৰতিম বৰাই প্ৰেমত প্ৰৱঞ্চনাৰ প্ৰতিশোধ ঠিকেই ল’লে; কিন্তু ঘিণ লগাকৈ লজ্জানত কৰি গ’ল বিশ্ব্ববাসীৰ আগত এগৰাকী অসমীয়া নাৰীক।
0 Comments