লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে বিধস্ত টীম ইণ্ডিয়া, অথলে গ'ল ৰবীন্দ্ৰ জাদেজাৰ সংগ্ৰাম - IND VS ENG 3RD TEST

লৰ্ডছ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে বিধস্ত টীম ইণ্ডিয়া, অথলে গ'ল ৰবীন্দ্ৰ জাদেজাৰ সংগ্ৰাম - IND VS ENG 3RD TEST; লৰ্ডছত ইংলেণ্ডৰ হাতত ২২ ৰাণৰ ব্যবধানত পৰাজয়ৰ সন্মুখীন ভাৰত। জাদেজাই উজ্জ্বল খেল প্ৰদৰ্শন কৰি অপৰাজিত ৬১ ৰাণ সংগ্ৰহ কৰে।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত ইংলেণ্ডৰ হাতত ২২ ৰাণৰ ব্যবধানত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল। পঞ্চম দিনত ভাৰতে ৪ উইকেটত ৫৮ ৰাণত আৰম্ভণি কৰে। এই খেলখনৰ পঞ্চম দিনা ভাৰতীয় দলটোৱে ৭৪.৫ অভাৰত ১৭০ ৰাণ সংগ্ৰহ কৰি অল আউট হৈ মেচখনত পৰাস্ত হয়। ইয়াৰ লগে লগে ইংলেণ্ডে পাঁচখন টেষ্ট খেলৰ শৃংখলাত ২-১ ত অগ্ৰগতি লাভ কৰিছে।


পণ্ট আৰু ৰাহুলৰ শোচনীয় প্ৰদৰ্শন :

দিনটোৰ প্ৰথমটো মোক্ষম আঘাত ভাৰতে ঋষভ পণ্ট (৯) ৰ ৰূপত পাইছিল । পণ্টক জোফ্ৰা আৰ্চাৰে ক্লীন বল কৰে। ইয়াৰ পিছত কে এল ৰাহুলক (৩৯) বেন ষ্ট’কছে এল বি ডব্লিউ আউট কৰে। ৱাশ্বিংটন সুন্দৰেও শূন্য স্ক’ৰত জোফ্ৰা আৰ্চাৰৰ বলি হয় আৰু ভাৰতৰ স্ক’ৰ ৮২/৭ হয়।

ৰবীন্দ্ৰ জাদেজাৰ সংগ্ৰামী ইনিংছ :

ইয়াৰ পিছতে নীতিশ কুমাৰ ৰেড্ডী (১৩)ৰ সৈতে ৰবীন্দ্ৰ জাদেজাই ইনিংছ ১১২ ৰাণলৈ লৈ আগবঢ়াই। যশপ্ৰিত বুমৰাহে এক উজ্জ্বল ইনিংছ খেলি ক্ৰীজত এঘণ্টাৰো অধিক সময় কটায়। ৫৪টা বলৰ মুখামুখি হৈ বুমৰাহে মাত্ৰ ৫ ৰাণহে সংগ্ৰহ কৰে। ইয়াৰ পিছতে মহম্মদ চিৰাজৰ সৈতে জাদেজাই স্ক’ৰ ১৭০ ৰাণলৈ বৃদ্ধি কৰে।

ছিৰাজৰ ৰূপত ভাৰতে লাভ কৰিলে অন্তিম টো আঘাত। ছিৰাজৰ বাবে আজি দিনটো আছিল দুৰ্ভাগ্যজনক আৰু ডাঙৰ ডিফেন্সৰ পিছতো বলটো উইকেটত খুন্দা মাৰে। ইয়াৰ লগে লগে তৃতীয়খন টেষ্টত পৰাস্ত হয় ভাৰত। ছিৰাজেও সুন্দৰ বেটিং কৰি ৩০টা বলত ৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৬১ ৰাণৰ অপৰাজিত ইনিংছ খেলে ৰবীন্দ্ৰ জাদেজাই। জাদেজাই ১৮১টা বলৰ সন্মুখীন হয়, য’ত ৪টা চাৰি আৰু ১টা ছয় আছিল। কিন্তু জাদেজাই যথেষ্ট সংগ্ৰাম কৰিও নিজৰ দলটোক জয়ী কৰাব নোৱাৰিলে।
যশপ্ৰীত বুমৰাহৰ ৫ টা উইকেট দখল :

ইংলণ্ডৰ হৈ জো ৰুটে ১০৪ ৰাণ আৰু জেমী স্মিথৰ ৫১ আৰু ব্ৰাইডন কাৰ্ছে ৫৬ ৰাণৰ সহায়ত ইংলেণ্ডে প্ৰথম ইনিংছত ৩৮৭ ৰাণ সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে। ছিৰাজ আৰু নীতিশ ৰেড্ডীয়ে ক্ৰমে ২-২ উইকেট দখল কৰে।




Post a Comment

0 Comments