বিহালীৰ হৰেন দাসক দ্বীতিয় যাদৱ পায়েং আখ্যা দিলে সমজিলা আয়ুক্ত ধ্ৰুবজ্যোতি দাসে। মঙলবাৰৰ পৰা সমগ্ৰ দেশতে পালিত হৈছে বন মহোৎসৱ সপ্তাহ ৷ সমান্তৰাল ভাবে বিহালীত ও বুৰৈপৰীয়া পৰিবেশ সুৰক্ষা সমিতিৰ দ্বাৰা সেউজ-অঞ্চলৰ পৰিসৰ বৃদ্ধি আৰু গছপুলি ৰোপণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্যেশ্যে এখনি সভা আয়োজন কৰা হয় ৷
প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : মঙলবাৰৰ পৰা সমগ্ৰ দেশতে পালিত হৈছে বন মহোৎসৱ সপ্তাহ ৷ সেউজ-অঞ্চলৰ পৰিসৰ বৃদ্ধি কৰি প্ৰাণীজগতৰ বাবে আশ্ৰয় আৰু খাদ্য যোগানৰ লগতে খৰাং আৰু ভূমিস্খলন ৰোধৰ বাবে দেশবাসীক গছপুলি ৰোপণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্যেশ্যে এইবেলি ‘एक पेड़ माँ के नाम’ অৰ্থাৎ ‘আইৰ নামত এজোপা গছ’ বিষয়বস্তু হিচাপে লৈ এই দিৱস উদযাপন কৰা হৈছে ৷ সমান্তৰাল ভাবে বিহালীত ও বুৰৈপৰীয়া পৰিবেশ সুৰক্ষা সমিতিৰ দ্বাৰা সেউজ-অঞ্চলৰ পৰিসৰ বৃদ্ধি আৰু গছপুলি ৰোপণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ উদ্যেশ্যে এখনি সভা আয়োজন কৰা হয় ৷
সভাত উপস্থিত থাকে বিহালী সমজিলা আয়ুক্ত ধ্ৰুবজ্যোতি দাস, জেষ্ঠ সাংবাদিক দিপক শৰ্মা, নব নিৰ্বাচিত জিলা পৰিষদৰ সদস্য চেতন গৌতম, বিহালীৰ বন বিষয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকল। বিশিষ্ট সমজকৰ্মী জয় কুমাৰ সুতাৰ ডাঙৰীয়াই সভাপতিত্ব কৰা সভাখনত সমজিলা আয়ুক্তয়ে বিহালীৰ বৰাজুলি নেপালী গাৱৰ ৰাইজক বিশেষ ভাবে সলাগ লয় লগতে প্ৰকৃতিপ্ৰেমী হৰেন দাসক তেওৰ পৰিবেশ সচেতনতা আৰু কৰ্মৰাজীৰ বাবে দ্বীতিয় যাদৱ পায়েং আখ্যা দিয়ে।
উল্লেখ্য যে হৰেন দাস আৰু বৰাজুলি নেপালী গাৱৰ ৰাইজে মিলি বুৰৈ নদীৰ চাপৰিত প্ৰায় ৭০ বিঘা মাটিত এখন অৰন্য বনোৱাৰ পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে কাম আৰম্ভ ও কৰি দিছে। বুৰৈপৰীয়া অঞ্চলৰ সেউজ পৰিসৰ বৃদ্ধি কৰি প্ৰাণীজগতৰ বাবে আশ্ৰয় আৰু খাদ্য যোগানৰ লগতে খৰাং আৰু ভূমিস্খলন ৰোধৰ বাবে আৰু আহি থকা উত্তৰ প্ৰজন্মক এখনি সেউজী ধৰনী উপহাৰ দিবৰ বাবে বুৰৈপৰীয়া সুৰক্ষা সমিতিয়ে এনে পৰিকল্পনা হাতত লৈছে বুলি জানিব দিয়ে। তেওলোকৰ এই মহৎ উদেশ্যক সকলোৱে একেমূখে সলাগ লৈছে।
লগতে পঢ়ক -
0 Comments