পংকজ পাঠক এজন মষ্ট ফাঁকিবাজ দগাবাজ - দুলু আহমেদ

পংকজ পাঠক এজন মষ্ট ফাঁকিবাজ দগাবাজ - দুলু আহমেদ, গোৱালপাৰাত বুধববাৰে আঠুকাঢ়িবলগীয়া হোৱা কবিৰাজ পংকজ পাঠকলৈ তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদৰ সকিয়নী । কিন্তু কিয় এই সকীয়নি মমতা বেনাৰ্জীৰ দলটোৰ ? 


প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : মূৰত চুলি নোহোৱা লোকৰ মূৰত চুলি গজাবলৈ গৈ কবিৰাজী চিকিৎসাৰ লগতে বহু বিতৰ্কৰ বাবে চৰ্চিত হৈ পৰা পংকজ পাঠক গোৱালপাৰাত কাণত ধৰি আঠু কাঢ়িবলগীয়া হোৱা পৰিস্থিতি পিছত পাঠকে মতা আন এক ৰাজহুৱা মিছা কথা পোহৰলৈ আহিছে । গোৱালপাৰাত বুধবাৰে গণৰোষৰ বলি হোৱাৰ পিছত কালি নিশা ১-৩০ মান বজাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁলৈ ফোন কৰা বুলি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমযোগে বৃহস্পতিবাৰে ৰাজহুৱা মন্তব্য কৰিছিল ।

মমতা বেনাৰ্জীয়ে তেওঁলৈ ফোন কৰা বুলি উল্লেখ কৰি পাঠকে কয়,"নিশা ১২:৩০ বজা মানত ফোন কৰিছিল। ক'লে যে আপুনি অতিসোনকালে পশ্চীমবংগলৈ আহক। আধা হিন্দী, আধা অসমীয়া আৰু আধা বঙালী তেনেকৈয়ে তেওঁ কৈছে। আপুনি সোনকালে আহক। আপুনি যেনেকৈ বিচাৰে তেনেকৈয়ে সা-সুবিধাৰ লগতে সম্পূৰ্ন নিৰাপত্তা দিম।" ইফালে পশ্চিমবংগলৈ যাব নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই আজি যিটো উৎসাহ দেখিছোঁ মানুহৰ মাজত, তেনে উৎসাহত মোৰ পশ্চীমবংগলৈ যাৱ মন নাযাব।"

পিছে পাঠকে মমতা বেনাৰ্জীৰ কথা কৈ মিছাৰ আশ্ৰয় লোৱা বুলি পোহৰলৈ আহিছে ৷ কাৰণ, সেই নিশা মমতা বেনাৰ্জীয়ে কোনো ফোন কৰা নাছিল বিতৰ্কিত পংকজ পাঠকলৈ। এই কথা স্পষ্ট কৰিছে মমতা বেনাৰ্জীয়ে নেতৃত্ব দিয়া তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক কমিটীয়ে ৷ অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে সদৰী কৰে এই তথ্য। 

তৃণমূল কংগ্ৰেছে এক প্ৰেছ বিজ্ঞপ্তিত স্পষ্টভাৱে কয়,“পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পংকজ পাঠকক ফোন কৰা বাতৰি সম্পূৰ্ন ভুৱা।” লক্ষণীয় যে, তৃণমূল কংগ্ৰেছে এই বিবৃতি দিয়াৰ পাছতেই সামাজিক মাধ্যমৰ নিজৰ একাউণ্টৰ পৰা মমতা বেনাৰ্জীয়ে তেওঁলৈ ফোন কৰা বুলি উল্লেখ কৰা পোষ্টটো আঁতৰাই দিয়ে পংকজ পাঠকে। বিতৰ্কিত পংকজ পাঠকে কিয় এই বিভ্ৰান্তিকৰ মন্তব্য দিছিল আৰু তৃণমূল কংগ্ৰেছৰ সকিয়নীৰ পিছত নিজৰ পোষ্ট কিয় আঁতৰাই দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে পংকজ পাঠকক এনে ভুৱা কথাৰ আশ্ৰয় নল'বলৈ সকীয়াই দি কয়, “এনেধৰণৰ ভুৱা তথ্য মন্তব্যৰে ৰাজ্যবাসীক বিপথে পৰিচালিত নকৰিবলৈ আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নাম ব্যৱহাৰ নকৰিব ৷ পংকজ পাঠকক তৃণমুল কংগ্ৰেছৰ তৰফৰ পৰা সকীয়াই দিছোঁ। অসমৰ প্ৰশাসনক এনেধৰণৰ ভুৱা মন্তব্য প্ৰদানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছোঁ আমি অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে।”

অৱশ্যে, বুধবাৰে গোৱালপাৰা জিলাত সংঘটিত লজ্জাজনক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে। অসমৰ গৃহবিভাগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক সুৰক্ষা দিয়াত বাৰম্বাৰ ব্যৰ্থ হোৱাৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে দুলু আহমেদে।




Post a Comment

0 Comments