গো-মাংসৰ প্ৰভাৱ; ধুবুৰীত একেদিনাই চকী লৰিল প্ৰায় দুকুৰি আৰক্ষী বিষয়াৰ - POLICE RESHUFFLE IN DHUBRI

গো-মাংসৰ প্ৰভাৱ; ধুবুৰীত একেদিনাই চকী লৰিল প্ৰায় দুকুৰি আৰক্ষী বিষয়াৰ - POLICE RESHUFFLE IN DHUBRI , ধুবুৰীত একেদিনাই বদলি ৩৯ আৰক্ষী বিষয়াক।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : মাত্ৰ কিছুদিন পূৰ্বে ধুবুৰীত অৱস্থিত হিন্দুৰ উপাসনা স্থানত গো-মাংস উদ্ধাৰ হোৱাৰ পিছতেই স্বয়ং মুখ্যমন্ত্ৰীকে ধৰি সমগ্ৰ প্ৰশাসন ব্যৱস্থা ব্যস্ত হৈ পৰিছিল ধুবুৰীক লৈ ৷ আনকি এই ঘটনাৰ পাছত ধুবুৰী ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে সকীয়নি দিছিল এনে কাণ্ড সংঘটিত নকৰিবলৈ ৷

লগতে ধুবুৰী আৰক্ষীকো কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে ৷ মনকৰিবলগীয়া যে, সম্প্ৰতি ধুবুৰীৰ আৰক্ষী অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে বহুচৰ্চিত আৰক্ষী বিষয়া লীনা দলেই ৷ মুখ্যমন্ত্ৰীৰ ৰঙাচকুৰ পিছতেই তৎপৰ হৈ পৰে ধুবুৰী জিলা আৰক্ষী বিষয়া গাৰকী ৷ তাৰে ফলস্বৰূপে তৎক্ষ্যানিক ভাৱে একেদিনাই জিলাখনৰ সহকাৰী আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক আদিকে ধৰি ৩৯ গৰাকীকৈ আৰক্ষী বিষয়াক বদলি কৰা হয় ৷
আনহাতে তপন ডেকা আৰু সঞ্জীৱ মজুমদাৰ নামৰ আৰক্ষী বিষয়া দুজনক ৰিজাৰ্ভ ক্ল’জ কৰা হয় ৷ বিলাসীপাৰা থানাৰ উপ-পৰিদৰ্শক তপন ডেকা আৰু সাপটগ্ৰাম থানাৰ আৰক্ষী বিষয়া সঞ্জীৱ মজুমদাৰৰ বিৰুদ্ধে আছিল ৰাজহুৱা অভিযোগ। সাপটগ্ৰাম থানাৰ উপ-পৰিদৰ্শক তপন ডেকা পূৰ্বেও গৌৰীপুৰ আৰক্ষী থানাত কৰ্মৰত অৱস্থাত ৰিজাৰ্ভ ক্ল’জ হৈ আছিল।






Post a Comment

0 Comments