ভাল খবৰ অৱশেষত মান্তি হ'ল পৰেশ ৰাৱল। Paresh Rawal has finally agreed.

হেৰা ফেৰী ৩’ত অভিনয়ৰ বাবে অৱশেষত মান্তি হ'ল পৰেশ ৰাৱল। হেৰা ফেৰী’, বলীউডৰ এই ব্লকবাষ্টাৰ ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩। 

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : ‘হেৰা ফেৰী’, বলীউডৰ এখন ব্লকবাষ্টাৰ ছবি এই ছবিখন উপভোগ নকৰা মানুহ  হয়তো খুব কমহে ওলাব। ছবিখন মুক্তি পোৱা ২৫ বছৰ হ’ল যদিও আজিও সিমানেই জনপ্ৰিয়। এতিয়া নিৰ্মিয়মান অৱস্থাত আছে ‘হেৰা ফেৰী’ৰ ছিকুৱেল ‘হেৰা ফেৰী ৩’।

ছবিখনত পূৰ্বে অভিনয় কৰা আটাইকেইজন অভিনেতা অক্ষয় কুমাৰ, সুনীল ছেট্টী, পৰেশ ৰাৱলে ‘হেৰা ফেৰী ৩’ত অভিনয় কৰাৰ কথা আছিল যদিও কেইদিনমান পূৰ্বে পৰেশ ৰাৱলে ছবিখনত অভিনয় নকৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে স্বাভাৱিক ভাৱেই চৌদিশে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। অনুৰাগীৰ লগতে সুনীল ছেট্টী, অক্ষয় কুমাৰ আৰু পৰিচালক প্ৰিয়াদৰ্শনেও এই সিদ্ধান্তক লৈ স্তম্ভিত আৰু চিন্তা প্ৰকাশ কৰিছিল।

কিন্তু, শেহতীয়াকৈ অহা এক বিশেষ খবৰে অনুৰাগী সকলৰ মুখত হাঁহি বিৰিঙাইছে। হয়, ছবিখনলৈ ঘূৰি আহিল সকৰোৰে পছন্দৰ 'বাবু ভাইয়া' অৰ্থাৎ পৰেশ ৰাৱল। এই খবৰ বিয়পি পৰাৰ লগতে অগণন অনুৰাগীয়ে তেওঁলোকৰ ফূৰ্তি প্ৰকাশ কৰি ছ'চিয়েল মেডিয়াত বিভিন্ন ধৰনৰ প'ষ্ট কৰিছে। 'হেৰা ফেৰী ৩'ৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰাৰ কেইসপ্তাহমানৰ পাছত এতিয়া অভিনেতাগৰাকীয়ে ফ্ৰেঞ্চাইজিলৈ ঘূৰি অহাটো নিশ্চিত কৰিছে। এক প’ডকাষ্টত হিমাংশু মেহতাৰ সৈতে হোৱা কথা-বতৰাত পৰেশে ছবিখনক কেন্দ্ৰ কৰি হোৱা বিতৰ্ক সন্দৰ্ভত মুকলিকৈ কথা পাতে। তেওঁ অক্ষয় কুমাৰ, সুনীল ছেট্টী আৰু প্ৰিয়দৰ্শনক যঠেষ্ট প্ৰশংসা কৰে। 

পৰেশ ৰাৱলৰ প্ৰতিক্ৰীয়া :

'হেৰা ফেৰী ৩'ক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰশ্ন উত্থাপন হওঁতে অভিনেতাজনে কয় এয়া একো বিতৰ্ক নহয় বুলি স্পষ্ট কৰে। তেওঁ কয়, 'ইয়াক বিতৰ্কৰ নাম দিয়াটো একেবাৰে অনুচিত। মই বিশ্বাস কৰো, যেতিয়া মানুহে কিবা এটাক ইমান ভাল পাইছে, তেতিয়া সেই বিষয়ত আমি আৰু অধিক সচেতন হ'ব লাগে। দৰ্শকেই আমাৰ বাবে সকলো যেতিয়া দৰ্শকৰ প্ৰতিও আমাৰ দায়িত্ৱবোধ আছে। আমি ভাবিলেও কথাবোৰ ইমান সহজ নহয়। দৰ্শকে বিচৰা ধৰণেই এতিয়া অক্ষয়, সুনীল আৰু মোক একেলগে 'হেৰা-ফেৰী ৩'ত দেখিবলৈ পাব সেইতো একেবাৰে খাতাং।


লগতে পঢ়ক -

পংকজ পাঠক এজন মষ্ট ফাঁকিবাজ দগাবাজ - দুলু আহমেদ

বিহালীৰ হৰেন দাসক দ্বীতিয় যাদৱ পায়েং আখ্যা দিলে সমজিলা আয়ুক্ত ধ্ৰুবজ্যোতি দাসে।

গৰুক কাটি কাটি খোৱা কংগ্ৰেছীয়ে এতিয়া গৰুৰ বাবে আন্দোলন কৰিছে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা - CM ON GIR COW CONTROVERSY


Post a Comment

0 Comments