বিজেপি বিধায়কে আগবঢ়োৱা কঠীয়া গ্ৰহণ নকৰিলে গুণগুণ চেতিয়াই, সপোনৰ কঠীয়া দৰা নষ্ট হোৱাৰ দুখত জৰ্জৰিত পৰিয়ালটোক সমবেদনা লাখ লাখ জনতাৰ। Gungun Chetia

বিজেপি বিধায়কে আগবঢ়োৱা কঠীয়া গ্ৰহণ নকৰিলে গুণগুণ চেতিয়াই, সপোনৰ কঠীয়া দৰা নষ্ট হোৱাৰ দুখত জৰ্জৰিত পৰিয়ালটোক সমবেদনা লাখ লাখ জনতাৰ। Gungun Chetia , লখিমপুৰৰ খেতিয়ক গুণগুণ চেতিয়া আৰু তেওঁৰ পৰিয়ালে ঘূৰাই পঠিয়ালে বিজেপি বিধায়ক মানৱ ডেকাই প্ৰেৰণ কৰা কঠীয়া।

প্ৰগতিশীল বিহালী ডিজিটেল ডেস্ক : লখিমপুৰৰ খেতিয়ক গুণগুণ চেতিয়া আৰু তেওঁৰ পৰিয়ালে ঘূৰাই পঠিয়ালে বিজেপি বিধায়ক মানৱ ডেকাই প্ৰেৰণ কৰা কঠীয়া। বৃহস্পতিবাৰে লখিমপুৰ জিলা প্ৰশাসনৰ অতপালিত নষ্ট হৈছিল পৰিয়ালটোৰ কঠীয়া। অসহায় পৰিয়াল টোৱে প্ৰশাসনৰ পৰা কেৱল ২৪ ঘন্টাৰ সময় বিছাৰিছিল কিন্তু প্ৰশাসনে পৰিয়ালটোৰ কাতৰ আহ্বানক নেউচি এফালৰ পৰা মহতিয়াই নিলে গুনগুনৰ কঠীয়া তলি।
কালি কঠীয়া নষ্ট কৰি আজি বিধায়ক মানৱ ডেকাই পঠিওৱা কঠীয়া গ্ৰহণ নকৰিলে কৃষক পৰিয়ালটোৱে। খেতিৰ উপযোগী কঠীয়াৰ সঁচ নাপাই প্ৰত্যাখ্যান কৰিলে কঠীয়া। লগতে প্ৰশাষনৰ এনে অমানৱীয় ঘটনা যাতে অন্য কাৰো লগত নহওক আৰু আমক ন্যায় লাগে বুলি সামজিক মাধ্যমত এটা ভিডিঅ আপলড কৰিলে।

শুকুৰবাৰে গুণগুণে কয়, ‘‘চৰকাৰে দিয়া কঠীয়া এতিয়া আমি ল’ব নোৱাৰোঁ। কঠীয়াখিনি চাপৰ, এবেগেত ওখ। এডোখৰত পানী নাই, এডোখৰত পানী বেছি হৈ আছে। আমি তেনে সঁচৰ কঠীয়া ৰুয়ো পোৱা নাই।’’ গুণগুণে লগতে কয়, ‘‘এই কঠীয়াখিনি আমি ৰুব নোৱাৰো। তাতকৈ এইখিনি কঠীয়া খিনি চৰকাৰে বানপীড়িত লোকক দিবগৈ পাৰিব।’’




Post a Comment

0 Comments