বিহালীৰ নাচবৰত শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ৰ আত্মহনন। দেওবাৰৰ পুৱতি নিশা প্ৰায় ৪-৩০ বজাত বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ে নাচবৰ স্থিত নিজা বাসগৃহৰ ভিতৰত জীৱনৰ চৰমপন্থা গ্ৰহণ কৰাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
বিহালী শিক্ষা জগতৰ এগৰাকী অতিনিৰ্জু, অমায়িক, ভদ্ৰ মহিলা হিচাপে পৰিচিত শিক্ষয়ত্ৰী মায়া উপাধ্যায়ৰ আত্মহত্যাৰ খবৰ বনজুই দৰে সমগ্ৰ বিহালীত বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত ৰাইজ উপস্থিত হয় ৷ সমান্তৰালভাৱে বিহালী আৰক্ষীৰ এটা দলে প্ৰধান শিক্ষক মায়া দেৱী উপাধ্যায়ৰ বাসগৃহত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৰোণত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ উপৰিও ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷
উল্লেখযোগ্য যে প্ৰধান শিক্ষয়িত্ৰী উপাধ্যায়ে মৃত়্যুৰ পূৰ্বে এটি টোকা লিখি থৈ গৈছে ৷ প্ৰধান শিক্ষয়ত্ৰী উপাধ্যায়ৰ স্বাক্ষৰযুক্ত চুইচাইড নোটত উল্লেখ আছে যে, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসৰ অকথ্য নিৰ্যাতন, লজ্জা সহিব নোৱাৰি প্ৰধান শিক্ষকগৰাকীয়ে আত্মহত্যাৰ চৰম পন্থা বাচি ল'ব লগা হ'ল ৷
ইমানেই নহয় প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়ৰ চুইচাইড নোটত উল্লেখ যে, তেওঁৰ সহকৰ্মী তথা সহকাৰী শিক্ষক ব্ৰজেন কুমাৰ দাসে মায়া দেৱী উপাধ্যায়ৰ বিৰূদ্ধে বিভিন্ন ধৰণৰ চক্ৰান্ত কৰি আহিছে প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে কূ চক্ৰান্ত সহ্য কৰিব নোৱাৰি এই চৰম প্ন্থা বাচি ল'ব লগা হ'ল ৷
অভিযোগ অনুসৰি - দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়া দেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল ৷ তদুপৰি শিক্ষা বিষয়া মিলন দাসে শিক্ষয়ত্ৰীগৰাকীৰ জুন মাহৰ দৰ্মহা পৰ্যন্ত বন্ধ ৰাখিছিল ৷
উল্লেখযোগ্য যে, মায়া দেৱী উপাধ্যায়ৰ মৃতদেহৰ সতে উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ যে- "বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া (BEEO) চাৰৰ অত্যাচাৰ আৰু অফিচৰ মানুহৰ পৰা লজ্জিত হৈ মই মানসিক ভাৱে ভাগি পৰিছো সেয়েহে মই এনে পথ বাচি ল'লোঁ৷''
ইয়াৰ উপৰিও চুইচাইড নোটত উল্লেখ যে -- ''বিদ্যালয়ৰ ফাণ্ডৰ টকা ব্ৰজেন কুমাৰ দাসে নিজ বেংক একাউন্ট নম্বৰ আৰু ফোন নম্বৰ দি গোটেই খেলিমেলি কৰি মোক ফচাৱলৈ কথা লগাই ফুৰাত লজ্জিত হৈছোঁ ৷ এম ডি এমৰ টকা উলিয়াই ব্ৰজেন কুমাৰ দাসে নিজ পকেটত ভৰাইছে ৷"
তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল- বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাসে প্ৰধান শিক্ষয়ত্ৰী মায়া দেৱী উপাধ্যায়কেই যে মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ আছে তেনে নহয়, শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়কলৈ বিহালীৰ বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষকক কাৰ্যালয়লৈ তলব কৰি চূড়ান্ত অভব্য ভাষাৰে চিঞৰি চিঞৰি টেটুফালি কাৰ্যালয়তে গালি গালাজ পাৰি আত্মসন্মানত আঘাত হনাৰ উপৰিও মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ বহুতো অভিযোগ উত্থাপন হৈ আহিছে ৷
বিশেষকৈ শিক্ষা বিষয়া মিলন দাসে মহিলা শিক্ষয়ত্ৰীকো শিক্ষাখণ্ড কাৰ্যালয়ত ৰাজহুৱাভাৱে চূড়ান্ত অপমানজনক শব্দ-বাক্য তথা অশ্ৰাব্য শব্দৰে ব্যৱহাৰ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এক কথাত শিক্ষা বিষয়া মিলন দাসে বিহালীৰ শিক্ষক সমাজৰ মৰ্যদা হনন কৰি আহিছিল ৷ সেয়েহে বিহালীৰ সচেতন ৰাইজে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।
লগতে পঢ়ক -
✔ গো-মাংসৰ প্ৰভাৱ; ধুবুৰীত একেদিনাই চকী লৰিল প্ৰায় দুকুৰি আৰক্ষী বিষয়াৰ - POLICE RESHUFFLE IN DHUBRI
✔ ভাল খবৰ অৱশেষত মান্তি হ'ল পৰেশ ৰাৱল। Paresh Rawal has finally agreed.
.png)
0 Comments